--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেদাৰনাথলৈ যোৱাৰ পথত শুকুৰবাৰে হোৱা ভূমিস্খলনত কেইবাখনো দোকান ধ্বংসপ্ৰাপ্ত হৈছে। বহু লোক  ধ্বংসস্তূপৰ তলত পোত যোৱা বুলি আশংকা কৰা হৈছে। ভূমিস্খলনৰ ঘটনাটো উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ গৌৰীকুণ্ডৰ ওচৰত সংঘটিত হৈছে । 

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ) এটা দলে ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে নিশাৰে পৰা  গৌৰীকুণ্ড পোষ্ট ব্ৰীজৰ ওচৰত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন আৰম্ভ হয়। ভূমিস্খলনত কেইবাখনো দোকান ক্ষতিগ্ৰস্ত হোৱাৰ ফলত  দোকানবোৰৰ মালিক আৰু কৰ্মচাৰীসকলো পোত যোৱা বুলি আশংকা কৰা হৈছে।  স্থানীয় লোকৰ মতে ভূমিস্খলনৰ পিছৰে পৰা  ১৯ জন লোক সন্ধানহীন হৈ আছে।

এছডিআৰএফৰ বিষয়া দলীপ সিং ৰাজৱাৰে কয়  যে ভূমিস্খলনৰ ফলত  কমেও ১০ ৰ পৰা ১২ জন লোক সমাধিস্থ হোৱাৰ আশংকা কৰা হৈছে। "ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ ফলত তিনিখন দোকান ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য আমি পাইছিলো। উদ্ধাৰ অভিযান তৎক্ষণাৎ আৰম্ভ কৰা হৈছে। দোকানবোৰত কমেও ১০-১২ জন লোক আছিল। এতিয়ালৈকে তেওঁলোকৰ কোনো সন্ধান  পোৱা হোৱা নাই। ''

আনহাতে, যোশীমঠৰ পিছত এইবাৰ ডেৰাডুনত আতংক বিয়পি পৰিছে। ডেৰাডুন জিলাৰ কালচি খণ্ডৰ খামৰোলী আৰু কাষৰীয়া অঞ্চলত দুই ডজনতকৈও অধিক ঘৰত ফাট মেলা দেখা গৈছে।   কেইবাটাও ঘৰ  খহি পৰিছে।পাজিতিলানি, টিপাউ আৰু চাহাইয়া-পাটনৰ দৰে ঠাইতো পথত ডাঙৰ ফাট মেলা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ