--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেদাৰনাথলৈ যোৱাৰ পথত শুকুৰবাৰে হোৱা ভূমিস্খলনত কেইবাখনো দোকান ধ্বংসপ্ৰাপ্ত হৈছে। বহু লোক  ধ্বংসস্তূপৰ তলত পোত যোৱা বুলি আশংকা কৰা হৈছে। ভূমিস্খলনৰ ঘটনাটো উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ গৌৰীকুণ্ডৰ ওচৰত সংঘটিত হৈছে । 

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ) এটা দলে ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে নিশাৰে পৰা  গৌৰীকুণ্ড পোষ্ট ব্ৰীজৰ ওচৰত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন আৰম্ভ হয়। ভূমিস্খলনত কেইবাখনো দোকান ক্ষতিগ্ৰস্ত হোৱাৰ ফলত  দোকানবোৰৰ মালিক আৰু কৰ্মচাৰীসকলো পোত যোৱা বুলি আশংকা কৰা হৈছে।  স্থানীয় লোকৰ মতে ভূমিস্খলনৰ পিছৰে পৰা  ১৯ জন লোক সন্ধানহীন হৈ আছে।

এছডিআৰএফৰ বিষয়া দলীপ সিং ৰাজৱাৰে কয়  যে ভূমিস্খলনৰ ফলত  কমেও ১০ ৰ পৰা ১২ জন লোক সমাধিস্থ হোৱাৰ আশংকা কৰা হৈছে। "ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ ফলত তিনিখন দোকান ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য আমি পাইছিলো। উদ্ধাৰ অভিযান তৎক্ষণাৎ আৰম্ভ কৰা হৈছে। দোকানবোৰত কমেও ১০-১২ জন লোক আছিল। এতিয়ালৈকে তেওঁলোকৰ কোনো সন্ধান  পোৱা হোৱা নাই। ''

আনহাতে, যোশীমঠৰ পিছত এইবাৰ ডেৰাডুনত আতংক বিয়পি পৰিছে। ডেৰাডুন জিলাৰ কালচি খণ্ডৰ খামৰোলী আৰু কাষৰীয়া অঞ্চলত দুই ডজনতকৈও অধিক ঘৰত ফাট মেলা দেখা গৈছে।   কেইবাটাও ঘৰ  খহি পৰিছে।পাজিতিলানি, টিপাউ আৰু চাহাইয়া-পাটনৰ দৰে ঠাইতো পথত ডাঙৰ ফাট মেলা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস