--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী উপাধি বিতৰ্কৰ গোচৰত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গুজৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ পিছতে বহুতৰে মাজত আলোচনা হৈছে ৰাহুল গান্ধীয়ে হয়তো পুনৰ সাংসদ পদ ওভতাই পাব। কংগ্ৰেছেও আনকি সেই আশাই কৰিছে।  কংগ্ৰেছে কিমান সোনকালে ৰাহুলৰ সংসদৰ সদস্যপদ পুনৰুদ্ধাৰ কৰিব পাৰি তাকেলৈ  চেষ্টা কৰি আছে। 

উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণা হোৱাৰ লগে লগে লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে আৰু ৰাহুলৰ সদস্যপদ অতি সোনকালে ওভতাই দিবলৈ দাবী জনায়। সূত্ৰ অনুসৰি ৰাহুল গান্ধীয়ে  নিজেও হাতত আদালতৰ ৰায়ৰ প্ৰতিলিপি লৈ সংসদৰ সচিবালয়লৈ যাব। দৰাচলতে কংগ্ৰেছে বিচাৰে যে মণিপুৰ বিষয়ত সংসদত  উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিষয়ে আলোচনা হোৱাৰ  আগতেই ৰাহুল গান্ধী  সংসদলৈ উভতি অহাটো জৰুৰী হৈ পৰিছে। কাৰণ এই সময়ত লোকসভাত ৰাহুলৰ কণ্ঠৰ প্ৰয়োজন হৈছে বুলি বহুতে অনুভৱ কৰিছে।

 কিন্তু কংগ্ৰেছৰ এনে আশা কিমান সোনকালে  পূৰণ হয় সেয়া নিৰ্ভৰ কৰিছে লোকসভাৰ অধ্যক্ষৰ ওপৰত। দৰাচলতে  এগৰাকী  সাংসদৰ সদস্য পদ কৰ্তন কৰিলে  কিমান দিনৰ ভিতৰত সেয়া  পুনৰ বাহাল কৰিব লাগিব তাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই। তেনে ক্ষেত্ৰত ৰাহুল গান্ধীৰ  কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ দিয়া হৈছে যদিও  কাইলৈয়েই  তেওঁ সাংসদ ওভতাই পাব বুলি  কোনো বাধ্যবাধকতা নাই।শেহতীয়াকৈ  লাক্ষাদ্বীপৰ সাংসদ মহম্মদ ফৈজলৰ কৰ্তন কৰা সাংসদ পদ পুনৰ ওভতাই দিছে ।  উচ্চ ন্যায়ালয়ে ফৈজলক  দোষমুক্ত ঘোষণা কৰাৰ  পিছতো বহু দিনলৈ  লোকসভা সচিবালয়ে তেওঁক  সাংসদ পদ ওভতাই দিয়া নাছিল। 

লোকসভাৰ অধ্যক্ষক বাৰাম্বাৰ অনুৰোধ জনোৱাৰ পিছতো একো ফল নধৰাত ফৈজলে  উচ্চতম ন্যায়ালয়ত সংসদৰ সচিবালয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলগীয়া হৈছিল।  আদালতে গোচৰটোৰ ৰায় ঘোষণা কৰাৰ  আগতে অৱশেষত ফৈজলক সাংসদ পদ ওভতাই দিয়া হয়। ফৈজলক আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছতো প্ৰায় এমাহ ধৰি তেওঁক সাংসদ পদ ওভতাই দিয়া হোৱা নাছিল। ৰাহুল গান্ধীৰ ক্ষেত্ৰত অধ্যক্ষই সাংসদ পদ ওভতাই দিবলৈ কিমান সময় লয় সেয়া লক্ষ্যণীয় হ’ব।   তাৎপৰ্যপূৰ্ণ কথাটো হ’ল গুজৰাটৰ আদালতত দোষী সাব্যস্ত হোৱাৰ এদিনৰ পিছতে  কংগ্ৰেছ নেতাজনৰ সংসদৰ সদস্যপদ প্ৰত্যাহাৰ কৰা হৈছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ