--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী উপাধি বিতৰ্কৰ গোচৰত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গুজৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ পিছতে বহুতৰে মাজত আলোচনা হৈছে ৰাহুল গান্ধীয়ে হয়তো পুনৰ সাংসদ পদ ওভতাই পাব। কংগ্ৰেছেও আনকি সেই আশাই কৰিছে।  কংগ্ৰেছে কিমান সোনকালে ৰাহুলৰ সংসদৰ সদস্যপদ পুনৰুদ্ধাৰ কৰিব পাৰি তাকেলৈ  চেষ্টা কৰি আছে। 

উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণা হোৱাৰ লগে লগে লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে আৰু ৰাহুলৰ সদস্যপদ অতি সোনকালে ওভতাই দিবলৈ দাবী জনায়। সূত্ৰ অনুসৰি ৰাহুল গান্ধীয়ে  নিজেও হাতত আদালতৰ ৰায়ৰ প্ৰতিলিপি লৈ সংসদৰ সচিবালয়লৈ যাব। দৰাচলতে কংগ্ৰেছে বিচাৰে যে মণিপুৰ বিষয়ত সংসদত  উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিষয়ে আলোচনা হোৱাৰ  আগতেই ৰাহুল গান্ধী  সংসদলৈ উভতি অহাটো জৰুৰী হৈ পৰিছে। কাৰণ এই সময়ত লোকসভাত ৰাহুলৰ কণ্ঠৰ প্ৰয়োজন হৈছে বুলি বহুতে অনুভৱ কৰিছে।

 কিন্তু কংগ্ৰেছৰ এনে আশা কিমান সোনকালে  পূৰণ হয় সেয়া নিৰ্ভৰ কৰিছে লোকসভাৰ অধ্যক্ষৰ ওপৰত। দৰাচলতে  এগৰাকী  সাংসদৰ সদস্য পদ কৰ্তন কৰিলে  কিমান দিনৰ ভিতৰত সেয়া  পুনৰ বাহাল কৰিব লাগিব তাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই। তেনে ক্ষেত্ৰত ৰাহুল গান্ধীৰ  কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ দিয়া হৈছে যদিও  কাইলৈয়েই  তেওঁ সাংসদ ওভতাই পাব বুলি  কোনো বাধ্যবাধকতা নাই।শেহতীয়াকৈ  লাক্ষাদ্বীপৰ সাংসদ মহম্মদ ফৈজলৰ কৰ্তন কৰা সাংসদ পদ পুনৰ ওভতাই দিছে ।  উচ্চ ন্যায়ালয়ে ফৈজলক  দোষমুক্ত ঘোষণা কৰাৰ  পিছতো বহু দিনলৈ  লোকসভা সচিবালয়ে তেওঁক  সাংসদ পদ ওভতাই দিয়া নাছিল। 

লোকসভাৰ অধ্যক্ষক বাৰাম্বাৰ অনুৰোধ জনোৱাৰ পিছতো একো ফল নধৰাত ফৈজলে  উচ্চতম ন্যায়ালয়ত সংসদৰ সচিবালয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলগীয়া হৈছিল।  আদালতে গোচৰটোৰ ৰায় ঘোষণা কৰাৰ  আগতে অৱশেষত ফৈজলক সাংসদ পদ ওভতাই দিয়া হয়। ফৈজলক আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছতো প্ৰায় এমাহ ধৰি তেওঁক সাংসদ পদ ওভতাই দিয়া হোৱা নাছিল। ৰাহুল গান্ধীৰ ক্ষেত্ৰত অধ্যক্ষই সাংসদ পদ ওভতাই দিবলৈ কিমান সময় লয় সেয়া লক্ষ্যণীয় হ’ব।   তাৎপৰ্যপূৰ্ণ কথাটো হ’ল গুজৰাটৰ আদালতত দোষী সাব্যস্ত হোৱাৰ এদিনৰ পিছতে  কংগ্ৰেছ নেতাজনৰ সংসদৰ সদস্যপদ প্ৰত্যাহাৰ কৰা হৈছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস