--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২০ বছৰ ধৰি বেলেগে বেলেগে থকা  থকা এহাল দম্পতীৰ বিবাহ বিচ্ছেদ দুটা দশকৰ পিছত অনুমোদন জনালে বোম্বাই উচ্চ ন্যায়ালয়ে।  দুটা দশকতকৈও অধিক সময় ধৰি পৃথকে বাস কৰি থকা দম্পতীহালক  বিবাহ বিচ্ছেদ দিয়াৰ সপক্ষে ৰায় দিয়াৰ কথাই এতিয়া বহুতৰে মাজত চৰ্চা লাভ কৰিছে।  পত্নীৰ আচৰণৰ বাবেই এই বিচ্ছেদ হোৱা বুলি জানিব পৰা গৈছে। 

ভাৰতত পাৰিবাৰিক আইন আৰু সম্পৰ্কৰ বিষয়ত এই ৰায়দানৰ বিস্তৃত প্ৰভাৱ থকা বুলি বহুতে আলোচনা কৰিছে।  উল্লেখ্য দম্পতীহালে প্ৰথমতে পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ বিচাৰিছিল। সেয়া আছিল  তেওঁলোকৰ বিবাহ ভংগ কৰাৰ এক তুলনামূলকভাৱে সৌহাৰ্দ্যপূৰ্ণ উপায়। অৱশ্যে তেওঁলোকৰ সেই যাত্ৰাই পিছলৈ এক বেলেগ ৰূপ লৈছিল ।কিয়নো পত্নীয়ে পিছত তেওঁৰ সন্মতি প্ৰত্যাহাৰ কৰিছিল।  ফলত এক দীঘলীয়া আইনী যুঁজ আৰম্ভ হৈছিল।

 দীঘলীয়া আইনী প্ৰক্ৰিয়া চলি থকাৰ মাজতো  পত্নীয়ে আদালতত হাজিৰ হোৱাত  বিফল হৈছিল আৰু গোচৰটোৰ  মীমাংসাৰ প্ৰতি আগ্ৰহৰ অভাৱ দেখুৱাইছিল। ইয়াৰ পিছত বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বিবাহ বিচ্ছেদত অনুমোদন জনায়। আদালতৰ ৰায়টোৱে পত্নীৰ আচৰণক এক প্ৰকাৰৰ নিষ্ঠুৰতা হিচাপে প্ৰতীয়মান কৰিছে।  আদালতৰ খণ্ডপীঠে  কয়  যে বিবাহখন অপ্ৰত্যাশিতভাৱে ভাঙি গৈছিল, ইয়াত সম্প্ৰীতিৰ অনুপস্থিতি আৰু পাৰিবাৰিক বন্ধনৰ ক্ষয় ঘটিছিল।  

স্বামীয়ে তেওঁৰ  সাক্ষ্যত পত্নীয়ে  কেনেকৈ তেওঁৰ ওপৰত নিৰ্যাতন চলাইছিল সেয়া বৰ্ণনা কৰিছিল।  বিবাহ বিচ্ছেদৰ গোচৰ এটা সমাধান হ’বলৈ ২০ বছৰৰো অধিক কাল লগাৰ কথাটোৱে বহুতকে আচৰিত কৰি নোতোলাও নহয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান