--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২০ বছৰ ধৰি বেলেগে বেলেগে থকা  থকা এহাল দম্পতীৰ বিবাহ বিচ্ছেদ দুটা দশকৰ পিছত অনুমোদন জনালে বোম্বাই উচ্চ ন্যায়ালয়ে।  দুটা দশকতকৈও অধিক সময় ধৰি পৃথকে বাস কৰি থকা দম্পতীহালক  বিবাহ বিচ্ছেদ দিয়াৰ সপক্ষে ৰায় দিয়াৰ কথাই এতিয়া বহুতৰে মাজত চৰ্চা লাভ কৰিছে।  পত্নীৰ আচৰণৰ বাবেই এই বিচ্ছেদ হোৱা বুলি জানিব পৰা গৈছে। 

ভাৰতত পাৰিবাৰিক আইন আৰু সম্পৰ্কৰ বিষয়ত এই ৰায়দানৰ বিস্তৃত প্ৰভাৱ থকা বুলি বহুতে আলোচনা কৰিছে।  উল্লেখ্য দম্পতীহালে প্ৰথমতে পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ বিচাৰিছিল। সেয়া আছিল  তেওঁলোকৰ বিবাহ ভংগ কৰাৰ এক তুলনামূলকভাৱে সৌহাৰ্দ্যপূৰ্ণ উপায়। অৱশ্যে তেওঁলোকৰ সেই যাত্ৰাই পিছলৈ এক বেলেগ ৰূপ লৈছিল ।কিয়নো পত্নীয়ে পিছত তেওঁৰ সন্মতি প্ৰত্যাহাৰ কৰিছিল।  ফলত এক দীঘলীয়া আইনী যুঁজ আৰম্ভ হৈছিল।

 দীঘলীয়া আইনী প্ৰক্ৰিয়া চলি থকাৰ মাজতো  পত্নীয়ে আদালতত হাজিৰ হোৱাত  বিফল হৈছিল আৰু গোচৰটোৰ  মীমাংসাৰ প্ৰতি আগ্ৰহৰ অভাৱ দেখুৱাইছিল। ইয়াৰ পিছত বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বিবাহ বিচ্ছেদত অনুমোদন জনায়। আদালতৰ ৰায়টোৱে পত্নীৰ আচৰণক এক প্ৰকাৰৰ নিষ্ঠুৰতা হিচাপে প্ৰতীয়মান কৰিছে।  আদালতৰ খণ্ডপীঠে  কয়  যে বিবাহখন অপ্ৰত্যাশিতভাৱে ভাঙি গৈছিল, ইয়াত সম্প্ৰীতিৰ অনুপস্থিতি আৰু পাৰিবাৰিক বন্ধনৰ ক্ষয় ঘটিছিল।  

স্বামীয়ে তেওঁৰ  সাক্ষ্যত পত্নীয়ে  কেনেকৈ তেওঁৰ ওপৰত নিৰ্যাতন চলাইছিল সেয়া বৰ্ণনা কৰিছিল।  বিবাহ বিচ্ছেদৰ গোচৰ এটা সমাধান হ’বলৈ ২০ বছৰৰো অধিক কাল লগাৰ কথাটোৱে বহুতকে আচৰিত কৰি নোতোলাও নহয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস