--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সনাতন ধৰ্মৰ বিৰুদ্ধে কৈ বিতৰ্কৰ চাকনৈয়াত সোমাই  পৰা তামিলনাডুৰ মন্ত্ৰী তথা ডিএমকে নেতা উধায়ানিধি ষ্টালিনে বুধবাৰে এক সাক্ষাৎকাৰত কয় যে তেওঁ হিন্দু ধৰ্মৰ বিৰোধী নহয় কিন্তু জাতিবৈষম্যক প্ৰচাৰ কৰা সনাতন প্ৰথাৰ বিৰোধী। তেওঁ সংসদৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ নোপোৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উদাহৰণ দাঙি ধৰি ইয়াক  সনাতন প্ৰথাৰ এক ঘটনা হিচাপে চিহ্নিত কৰে।

 ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সংসদৰ উদ্বোধনী অনুষ্ঠানৰ পৰা বাদ দিয়াৰ কথা উল্লেখ কৰি উধায়ানিধি ষ্টালিনে কয়, "এয়া জাতিগত বৈষম্যৰ সৰ্বশ্ৰেষ্ঠ সাম্প্ৰতিক উদাহৰণ।" তেওঁ অৱশ্যে সনাতন ধৰ্ম সন্দৰ্ভত কৰা মন্তব্যৰ বাবে বিভিন্ন পক্ষই  ক্ষমা বিচাৰিবলৈ কৰা দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিলে।তেওঁ মাথো কয় " মই  এক অনুষ্ঠানত সনাতন ধৰ্মৰ বিষয়ে কৈছিলো। মই যি কৈছিলো সেই  একেটা কথা বাৰে বাৰে পুনৰাবৃত্তি কৰিম। মই জাতিগত বৈষম্যক গৰিহণা দিছিলো, সেয়াই," । উল্লেখ্য উধায়ানিধি ষ্টালিন  তামিলনাডুৰ যুৱ কল্যাণ আৰু ক্ৰীড়া উন্নয়ন দপ্তৰৰ মন্ত্ৰী। সনাতন ধৰ্ম সন্দৰ্ভত উধায়ানিধিৰ মন্তব্যই সমগ্ৰ দেশতে  হুলস্থূলৰ সৃষ্টি কৰিছে। বহুতো বিজেপি নেতা আৰু হিন্দু পুৰোহিতে শক্তিশালীভাৱে  তেওঁৰ বক্তব্যক নিন্দা কৰিছে। বিজেপিয়ে এম কে ষ্টেলিনৰ পুত্ৰক  ক্ষমা বিচাৰিবলৈ দাবী জনাই আহিছে। গেৰুৱা দলৰ নেতাসকলে উধায়ানিধিৰ মন্তব্যৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটকে  দোষাৰোপ কৰিছে। 

  সনাতন ধৰ্ম সন্দৰ্ভত ষ্টেলিনৰ বিতৰ্কিত মন্তব্যৰ মাজতে অযোধ্যাৰ এজন সাধু পৰমহংস আচাৰ্যই ডিএমকে নেতাজনৰ শিৰচ্ছেদ কৰিব পৰাজনক  ১০ কোটি টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছে। অযোধ্যাৰ তাপস্বী চাওনী মন্দিৰৰ মুখ্য পুৰোহিত পৰমহংস আচাৰ্যই কয় "যিয়ে ষ্টেলিনৰ মুণ্ডচ্ছেদ কৰি  মোৰ ওচৰলৈ তেওঁৰ মূৰটো আনি দিব পাৰিব তেওঁক মই ১০ কোটি টকা নগদ পুৰস্কাৰ দিম। যদি কোনেও ষ্টেলিনক হত্যা কৰিবলৈ সাহস নকৰে, মই নিজেই তেওঁক বিচাৰি উলিয়াম আৰু তেওঁক হত্যা কৰিম,"  ।ৰাজনাথ সিঙে কৈছিল, "কংগ্ৰেছৰ সহযোগী ডিএমকেয়ে সনাতন ধৰ্মক অপমান কৰিছে। তেওঁলোকে কয় যে সনাতন ধৰ্ম বিলুপ্ত কৰা উচিত। ভাৰত মিত্ৰজোঁটৰ মিত্ৰশক্তিয়ে এই বিষয়ে নীৰৱ হৈ আছে। গেহলটজী কিয় নীৰৱ, আৰু ছোনিয়াজী নীৰৱ? কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটে  ক্ষমা বিচাৰিব লাগে।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক