--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সনাতন ধৰ্মৰ বিৰুদ্ধে কৈ বিতৰ্কৰ চাকনৈয়াত সোমাই  পৰা তামিলনাডুৰ মন্ত্ৰী তথা ডিএমকে নেতা উধায়ানিধি ষ্টালিনে বুধবাৰে এক সাক্ষাৎকাৰত কয় যে তেওঁ হিন্দু ধৰ্মৰ বিৰোধী নহয় কিন্তু জাতিবৈষম্যক প্ৰচাৰ কৰা সনাতন প্ৰথাৰ বিৰোধী। তেওঁ সংসদৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ নোপোৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উদাহৰণ দাঙি ধৰি ইয়াক  সনাতন প্ৰথাৰ এক ঘটনা হিচাপে চিহ্নিত কৰে।

 ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সংসদৰ উদ্বোধনী অনুষ্ঠানৰ পৰা বাদ দিয়াৰ কথা উল্লেখ কৰি উধায়ানিধি ষ্টালিনে কয়, "এয়া জাতিগত বৈষম্যৰ সৰ্বশ্ৰেষ্ঠ সাম্প্ৰতিক উদাহৰণ।" তেওঁ অৱশ্যে সনাতন ধৰ্ম সন্দৰ্ভত কৰা মন্তব্যৰ বাবে বিভিন্ন পক্ষই  ক্ষমা বিচাৰিবলৈ কৰা দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিলে।তেওঁ মাথো কয় " মই  এক অনুষ্ঠানত সনাতন ধৰ্মৰ বিষয়ে কৈছিলো। মই যি কৈছিলো সেই  একেটা কথা বাৰে বাৰে পুনৰাবৃত্তি কৰিম। মই জাতিগত বৈষম্যক গৰিহণা দিছিলো, সেয়াই," । উল্লেখ্য উধায়ানিধি ষ্টালিন  তামিলনাডুৰ যুৱ কল্যাণ আৰু ক্ৰীড়া উন্নয়ন দপ্তৰৰ মন্ত্ৰী। সনাতন ধৰ্ম সন্দৰ্ভত উধায়ানিধিৰ মন্তব্যই সমগ্ৰ দেশতে  হুলস্থূলৰ সৃষ্টি কৰিছে। বহুতো বিজেপি নেতা আৰু হিন্দু পুৰোহিতে শক্তিশালীভাৱে  তেওঁৰ বক্তব্যক নিন্দা কৰিছে। বিজেপিয়ে এম কে ষ্টেলিনৰ পুত্ৰক  ক্ষমা বিচাৰিবলৈ দাবী জনাই আহিছে। গেৰুৱা দলৰ নেতাসকলে উধায়ানিধিৰ মন্তব্যৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটকে  দোষাৰোপ কৰিছে। 

  সনাতন ধৰ্ম সন্দৰ্ভত ষ্টেলিনৰ বিতৰ্কিত মন্তব্যৰ মাজতে অযোধ্যাৰ এজন সাধু পৰমহংস আচাৰ্যই ডিএমকে নেতাজনৰ শিৰচ্ছেদ কৰিব পৰাজনক  ১০ কোটি টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছে। অযোধ্যাৰ তাপস্বী চাওনী মন্দিৰৰ মুখ্য পুৰোহিত পৰমহংস আচাৰ্যই কয় "যিয়ে ষ্টেলিনৰ মুণ্ডচ্ছেদ কৰি  মোৰ ওচৰলৈ তেওঁৰ মূৰটো আনি দিব পাৰিব তেওঁক মই ১০ কোটি টকা নগদ পুৰস্কাৰ দিম। যদি কোনেও ষ্টেলিনক হত্যা কৰিবলৈ সাহস নকৰে, মই নিজেই তেওঁক বিচাৰি উলিয়াম আৰু তেওঁক হত্যা কৰিম,"  ।ৰাজনাথ সিঙে কৈছিল, "কংগ্ৰেছৰ সহযোগী ডিএমকেয়ে সনাতন ধৰ্মক অপমান কৰিছে। তেওঁলোকে কয় যে সনাতন ধৰ্ম বিলুপ্ত কৰা উচিত। ভাৰত মিত্ৰজোঁটৰ মিত্ৰশক্তিয়ে এই বিষয়ে নীৰৱ হৈ আছে। গেহলটজী কিয় নীৰৱ, আৰু ছোনিয়াজী নীৰৱ? কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটে  ক্ষমা বিচাৰিব লাগে।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান