--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৩১ অক্টোবৰত সমগ্র দেশজুৰি ১৮৬টা ছবিগৃহত মুক্তিলাভ কৰা 'ৰৈ ৰৈ বিনালে'ৰ প্ৰতি দৰ্শকৰ অভূতপূর্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত ১২ দিনত ছবিখনৰ সৰ্বমুঠ উপার্জনে ২০ কোটিৰ ঘৰ স্পৰ্শ কৰিলে বুলি তথ্যৰ পৰা জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক : অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' ছবিখনে গঢ়িলে নতুন অভিলেখ।


৩১ অক্টোবৰত সমগ্র দেশজুৰি ১৮৬টা ছবিগৃহত মুক্তিলাভ কৰা 'ৰৈ ৰৈ বিনালে'ৰ প্ৰতি দৰ্শকৰ অভূতপূর্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত ১২ দিনত ছবিখনৰ সৰ্বমুঠ উপার্জনে ২০ কোটিৰ ঘৰ স্পৰ্শ কৰিলে বুলি তথ্যৰ পৰা জানিব পৰা গৈছে। 


অৱশ্যে, এই সন্দৰ্ভত 'ৰৈ ৰৈ বিনালে' টীমে কোনো তথ্য প্রকাশ কৰা নাই। 'ৰৈ ৰৈ বিনালে' টীমে ছবিখনৰ মুক্তিৰ এমাহ সম্পূৰ্ণ হোৱাৰ পাছতহে সম্পূর্ণ উপাৰ্জনৰ তথ্য আনুষ্ঠানিকভাবে সদৰী কৰিব বুলি ইতিমধ্যে সদৰী কৰিছে। উল্লেখযোগ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে তেওঁৰ এটা অতি জনপ্রিয় গীত 'ৰৈ ৰৈ বিনালে'ক এখন ছবিলৈ ৰূপান্তৰিত কৰিছিল। মিছন চাইনা, কাঞ্চনজংঘা আদিৰ দৰে কেইবাখনো ছবি নিৰ্মাণ কৰি অসমীয়া ছবিজগতক অন্য এক ৰূপ প্রদান কৰা প্ৰাণৰ শিল্পীগৰাকীয়ে 'ৰৈ ৰৈ বিনালে' ছবিখনক লৈও দেখিছিল বহুত সপোন। 


কিন্তু এই সপোনৰ পূৰ্ণতা চাবলৈ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নাছিল যদিও পূর্বনির্ধাৰিত সময় অনুসৰিয়ে মুক্তি পাইছিল 'ৰৈ ৰৈ বিনালে' ছবিখনে। আনহাতে, অসমীয়া ছবিৰ সকলো ৰেকৰ্ড ভংগ কৰি ৰাজ্যত পুৱা ৪-২৫ বজাৰ পৰাই আৰম্ভ হৈছিল প্ৰথমবাৰৰ বাবে এখন অসমীয়া ছবিৰ প্ৰদৰ্শনী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু