--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৩১ অক্টোবৰত সমগ্র দেশজুৰি ১৮৬টা ছবিগৃহত মুক্তিলাভ কৰা 'ৰৈ ৰৈ বিনালে'ৰ প্ৰতি দৰ্শকৰ অভূতপূর্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত ১২ দিনত ছবিখনৰ সৰ্বমুঠ উপার্জনে ২০ কোটিৰ ঘৰ স্পৰ্শ কৰিলে বুলি তথ্যৰ পৰা জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক : অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' ছবিখনে গঢ়িলে নতুন অভিলেখ।


৩১ অক্টোবৰত সমগ্র দেশজুৰি ১৮৬টা ছবিগৃহত মুক্তিলাভ কৰা 'ৰৈ ৰৈ বিনালে'ৰ প্ৰতি দৰ্শকৰ অভূতপূর্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত ১২ দিনত ছবিখনৰ সৰ্বমুঠ উপার্জনে ২০ কোটিৰ ঘৰ স্পৰ্শ কৰিলে বুলি তথ্যৰ পৰা জানিব পৰা গৈছে। 


অৱশ্যে, এই সন্দৰ্ভত 'ৰৈ ৰৈ বিনালে' টীমে কোনো তথ্য প্রকাশ কৰা নাই। 'ৰৈ ৰৈ বিনালে' টীমে ছবিখনৰ মুক্তিৰ এমাহ সম্পূৰ্ণ হোৱাৰ পাছতহে সম্পূর্ণ উপাৰ্জনৰ তথ্য আনুষ্ঠানিকভাবে সদৰী কৰিব বুলি ইতিমধ্যে সদৰী কৰিছে। উল্লেখযোগ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে তেওঁৰ এটা অতি জনপ্রিয় গীত 'ৰৈ ৰৈ বিনালে'ক এখন ছবিলৈ ৰূপান্তৰিত কৰিছিল। মিছন চাইনা, কাঞ্চনজংঘা আদিৰ দৰে কেইবাখনো ছবি নিৰ্মাণ কৰি অসমীয়া ছবিজগতক অন্য এক ৰূপ প্রদান কৰা প্ৰাণৰ শিল্পীগৰাকীয়ে 'ৰৈ ৰৈ বিনালে' ছবিখনক লৈও দেখিছিল বহুত সপোন। 


কিন্তু এই সপোনৰ পূৰ্ণতা চাবলৈ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নাছিল যদিও পূর্বনির্ধাৰিত সময় অনুসৰিয়ে মুক্তি পাইছিল 'ৰৈ ৰৈ বিনালে' ছবিখনে। আনহাতে, অসমীয়া ছবিৰ সকলো ৰেকৰ্ড ভংগ কৰি ৰাজ্যত পুৱা ৪-২৫ বজাৰ পৰাই আৰম্ভ হৈছিল প্ৰথমবাৰৰ বাবে এখন অসমীয়া ছবিৰ প্ৰদৰ্শনী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ