--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমগ্র বিষয়টোক লৈ চিন্তিত বুলি মত প্রকাশ কৰে। সাংবাদিকৰ আগত তেওঁ কয়- সমগ্র বিষয়টোক লৈ মই উদ্বিগ্ন আৰু চিন্তিত।

ডিজিটেল ডেস্কঃ ভয়ংকৰ পাইৰেচীৰ কবলত পৰিছে জুবিন গাৰ্গৰ সপোনৰ প্রকল্প 'ৰৈ ৰৈ বিনালে' ছবিখন। ছবিখনৰ মুক্তিৰ পাছৰে পৰা একাংশ দুষ্ট চক্ৰই ভুৱা কিছুমান পেজ, ফে'চবুক একাউণ্ট, ইউটিউব চেনেলৰ জৰিয়তে ছবিখনৰ ভিডিঅ' আপলোড কৰাৰ লগতে এতিয়া সম্পূর্ণ ছবিখনকে আপলোড কৰিছে। 



এনে পৰিস্থিতিত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমগ্র বিষয়টোক লৈ চিন্তিত বুলি মত প্রকাশ কৰে। সাংবাদিকৰ আগত তেওঁ কয়- সমগ্র বিষয়টোক লৈ মই উদ্বিগ্ন আৰু চিন্তিত। ইতিমধ্যে এনে পাইৰেচী কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষীক নির্দেশ দিয়া হৈছে। 


আনহাতে, এই দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাই তেওঁ লগতে কয়, 'এইবোৰ একেবাৰে বেয়া কথা। এইবোৰ কাম আমি কৰিব নালাগে। কোনোবাই যদি এনে কাম কৰাৰ কথা গম পায়, তেনেহ'লে আৰক্ষীক খবৰ দিয়ক।' 


উল্লেখযোগ্য যে সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যয়ো সমগ্র বিষয়টোক লৈ উদ্বিগ্নতা ব্যক্ত কৰি এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ প্রশাসনক দাবী জনাইছে। ইফালে, ছবিখনৰ সৈতে জড়িত এটা দলে কালি নিশা চি আই ডিৰ চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। 


ছবিখনৰ পাইৰেচী ৰোধ কৰাৰ লগতে এই অপৰাধত জড়িতসকলক কঠোৰ শাস্তি দিয়াৰ বাবে টীম 'ৰৈ ৰৈ বিনালে'ৰ তৰফৰ পৰা এই কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই কয়, আমি ইতিমধ্যে বিভিন্ন জিলাত ছবিখনৰ পাইৰেচীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ। এনে কিছুমান ছাইট আছে যিবোৰ দেশৰ বাহিৰৰ পৰাও হৈ আছে, দেশৰ ভিতৰৰ পৰাও হৈ আছে। গতিকে চাইবাৰ ক্রাইমত আমি লিখিত এজাহাৰ এখন দাখিল কৰিলোঁ। যিমানেই পাইৰেচী নকৰিবলৈ আহ্বান জনাই আছোঁ, সিমানেই পাইৰেচী বাঢ়ি গৈ আছে।' 


একেদৰে ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতমে কয়, পাইৰেচী যে ইমান বৃহৎ হাৰত চলি আছে তাৰ বাবে আমি আজি ক্রাইম ব্রাঞ্চত এজাহাৰ দিছোঁ। ইউটিউবত সম্পূর্ণ ছবিখন আপলোড দি আছে। এতিয়ালৈকে ইউটিউবৰ প্রায় ১০০ টা মান লিংক পাইছোঁ। কিছুমানে ফে'ক একাউন্ট খুলি আপলোড কৰি আছে। যাৰ বাবে ধৰিবলৈ অকণমান অসুবিধা হৈছে। আমি যিমানেই সক্রিয় হৈ পাইৰেচী ৰোধ কৰিব বিচাৰি আছোঁ, সিমানেই পাইৰেচী কৰাৰ সংখ্যা বৃদ্ধি পাইছে। আমি বিচাৰিছোঁ যাতে চাইবাৰ থানাই অতি সোনকালে পাইৰেচী কৰাসকলৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ