--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমগ্র বিষয়টোক লৈ চিন্তিত বুলি মত প্রকাশ কৰে। সাংবাদিকৰ আগত তেওঁ কয়- সমগ্র বিষয়টোক লৈ মই উদ্বিগ্ন আৰু চিন্তিত।

ডিজিটেল ডেস্কঃ ভয়ংকৰ পাইৰেচীৰ কবলত পৰিছে জুবিন গাৰ্গৰ সপোনৰ প্রকল্প 'ৰৈ ৰৈ বিনালে' ছবিখন। ছবিখনৰ মুক্তিৰ পাছৰে পৰা একাংশ দুষ্ট চক্ৰই ভুৱা কিছুমান পেজ, ফে'চবুক একাউণ্ট, ইউটিউব চেনেলৰ জৰিয়তে ছবিখনৰ ভিডিঅ' আপলোড কৰাৰ লগতে এতিয়া সম্পূর্ণ ছবিখনকে আপলোড কৰিছে। 



এনে পৰিস্থিতিত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমগ্র বিষয়টোক লৈ চিন্তিত বুলি মত প্রকাশ কৰে। সাংবাদিকৰ আগত তেওঁ কয়- সমগ্র বিষয়টোক লৈ মই উদ্বিগ্ন আৰু চিন্তিত। ইতিমধ্যে এনে পাইৰেচী কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষীক নির্দেশ দিয়া হৈছে। 


আনহাতে, এই দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাই তেওঁ লগতে কয়, 'এইবোৰ একেবাৰে বেয়া কথা। এইবোৰ কাম আমি কৰিব নালাগে। কোনোবাই যদি এনে কাম কৰাৰ কথা গম পায়, তেনেহ'লে আৰক্ষীক খবৰ দিয়ক।' 


উল্লেখযোগ্য যে সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যয়ো সমগ্র বিষয়টোক লৈ উদ্বিগ্নতা ব্যক্ত কৰি এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ প্রশাসনক দাবী জনাইছে। ইফালে, ছবিখনৰ সৈতে জড়িত এটা দলে কালি নিশা চি আই ডিৰ চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। 


ছবিখনৰ পাইৰেচী ৰোধ কৰাৰ লগতে এই অপৰাধত জড়িতসকলক কঠোৰ শাস্তি দিয়াৰ বাবে টীম 'ৰৈ ৰৈ বিনালে'ৰ তৰফৰ পৰা এই কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই কয়, আমি ইতিমধ্যে বিভিন্ন জিলাত ছবিখনৰ পাইৰেচীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ। এনে কিছুমান ছাইট আছে যিবোৰ দেশৰ বাহিৰৰ পৰাও হৈ আছে, দেশৰ ভিতৰৰ পৰাও হৈ আছে। গতিকে চাইবাৰ ক্রাইমত আমি লিখিত এজাহাৰ এখন দাখিল কৰিলোঁ। যিমানেই পাইৰেচী নকৰিবলৈ আহ্বান জনাই আছোঁ, সিমানেই পাইৰেচী বাঢ়ি গৈ আছে।' 


একেদৰে ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতমে কয়, পাইৰেচী যে ইমান বৃহৎ হাৰত চলি আছে তাৰ বাবে আমি আজি ক্রাইম ব্রাঞ্চত এজাহাৰ দিছোঁ। ইউটিউবত সম্পূর্ণ ছবিখন আপলোড দি আছে। এতিয়ালৈকে ইউটিউবৰ প্রায় ১০০ টা মান লিংক পাইছোঁ। কিছুমানে ফে'ক একাউন্ট খুলি আপলোড কৰি আছে। যাৰ বাবে ধৰিবলৈ অকণমান অসুবিধা হৈছে। আমি যিমানেই সক্রিয় হৈ পাইৰেচী ৰোধ কৰিব বিচাৰি আছোঁ, সিমানেই পাইৰেচী কৰাৰ সংখ্যা বৃদ্ধি পাইছে। আমি বিচাৰিছোঁ যাতে চাইবাৰ থানাই অতি সোনকালে পাইৰেচী কৰাসকলৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু