--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সময় এতিয়া আহত, সুখ নাই ক’তো। বিশ্বক যেন এপিনৰ পৰা চেপি আনিছে যুদ্ধৰ বিভীষিকাই। ৰাছিয়া আৰু ইউক্ৰেইনৰ এবছৰতকৈও অধিককালৰ যুদ্ধ আজিও চলি আছে। প্ৰতিদিনেই ইউক্ৰেইনত বহু লোকৰ প্ৰাণ হানি ঘটি আহিছে। ধ্বংস হৈছে হাজাৰ হাজাৰ লোকৰ সপোনৰ ঘৰখন। কোনোবা শিশুৱে পিতৃ অথবা মাতৃক হেৰুৱাইছে, কোনোবা পিকতৃ-মাতৃয়ে আকৌ নিৰ মৰমৰ সন্তানক হেৰুৱাইছে। 

এনে এখন ৰক্তক্ষয়ী  যুদ্ধৰ মাজতে যুদ্ধৰ ডাৱৰ  এতিয়া   ইজৰাইল আৰু পেলেষ্টাইনৰ আকাশত কেন্দ্ৰীভূত হৈছে। শনিবাৰে পেল্ষ্টাইনী উগ্ৰপন্থী গোট হামাছে ২০ মিনিটত গাজাৰ পৰা ইজৰাইলত ৫,০০০ টা ৰকেট নিক্ষেপ কৰে। ইয়াৰ ঠিক পিছতে ইজৰাইল চৰকাৰেও হামাছৰ  বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফলত স্বাভাৱিকতে আতংক বিয়পি পৰিছে। দশকৰ পিছত দশক ধৰি চলি অহা ইজৰাইল-পেষ্টাইনৰ সংঘাতৰ আজিলৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই। ফলত এতিয়ালৈকে ইজৰাইল-পেলেষ্টাইনৰ মাজত সংঘটিুত যুদ্ধত কিমান লাখ লোকৰ মৃত্যু ঘটিছে তাৰ কোনো হিচাব নাই। 





ইজৰাইলে  আজিলৈকে পেলেষ্টাইন সংকটৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। শনিবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা আক্তৰমণৰ পিছতে  গাজা ষ্ট্ৰিপৰ পৰা বহু লোকে  আতংকিত হৈ ঘৰ এৰি পলায়ন কৰা দেখা গৈছে। শ শ পুৰুষ, মহিলা আৰু শিশুৱে খাদ্য আৰু কম্বল লৈ ঘৰ এৰি সুৰক্ষিত স্থানৰ সন্ধানত ইজৰাইলৰ সীমান্ত  অতিক্ৰম কৰিছে।ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে এক্স হেণ্ডেলত লিখিছে, "ইজৰাইলে ইহুদীসকলৰ  বন্ধৰ সময়ত গাজাত ভয়ংকৰ  আক্ৰমণৰ সন্মুখীন হৈছে। হামাছ উগ্ৰপন্থীয়ে ৰকেট নিক্ষেপ কৰি আছে। । পৰিস্থিতি সহজ হৈ থকা নাই। কিন্তু ইজৰাইল জিকিব। '


ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘৰ্ষ নতুন কথা নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া মুছলমান দেশসমূহে জন্মৰ পৰাই আৰৱৰ মাজভাগত থকা ইহুদী দেশখন ধ্বংস কৰিবলৈ চেষ্টা কৰি আহিছে। এতিয়ালৈকে দুয়োপক্ষৰ মাজত কেইবাখনো যুদ্ধ হৈছে।পেলেষ্টাইনী উগ্ৰপন্থী গোট হামাছৰ নতুন আক্ৰমণৰ পিছত পুনৰ যুদ্ধৰ দামামা বাজি উঠিছে। 
 উল্লেখ্য কেইবা দশক পুৰণি ইজৰাইল-পেলেষ্টাইন সংঘাতৰ মূল বিষয় আছিল জেৰুজালেম ।  জেৰুজালেম নামৰ ঠাইখনক   ইহুদীসকলে তেওঁলোকৰ ধৰ্মগ্ৰন্থত উল্লেখিত পবিত্ৰ ঠাই হিচাবে গণ্য কৰে। সেয়ে  ঠাইডোখৰইজৰাইলে নিজৰ বুলি  দাবী কৰি আহিছে।আনহাতে পেলেষ্টাইনীসকলেও জেৰুজালেম নিজৰ দখললৈ যোৱাটো বিচাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত