--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সময় এতিয়া আহত, সুখ নাই ক’তো। বিশ্বক যেন এপিনৰ পৰা চেপি আনিছে যুদ্ধৰ বিভীষিকাই। ৰাছিয়া আৰু ইউক্ৰেইনৰ এবছৰতকৈও অধিককালৰ যুদ্ধ আজিও চলি আছে। প্ৰতিদিনেই ইউক্ৰেইনত বহু লোকৰ প্ৰাণ হানি ঘটি আহিছে। ধ্বংস হৈছে হাজাৰ হাজাৰ লোকৰ সপোনৰ ঘৰখন। কোনোবা শিশুৱে পিতৃ অথবা মাতৃক হেৰুৱাইছে, কোনোবা পিকতৃ-মাতৃয়ে আকৌ নিৰ মৰমৰ সন্তানক হেৰুৱাইছে। 

এনে এখন ৰক্তক্ষয়ী  যুদ্ধৰ মাজতে যুদ্ধৰ ডাৱৰ  এতিয়া   ইজৰাইল আৰু পেলেষ্টাইনৰ আকাশত কেন্দ্ৰীভূত হৈছে। শনিবাৰে পেল্ষ্টাইনী উগ্ৰপন্থী গোট হামাছে ২০ মিনিটত গাজাৰ পৰা ইজৰাইলত ৫,০০০ টা ৰকেট নিক্ষেপ কৰে। ইয়াৰ ঠিক পিছতে ইজৰাইল চৰকাৰেও হামাছৰ  বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফলত স্বাভাৱিকতে আতংক বিয়পি পৰিছে। দশকৰ পিছত দশক ধৰি চলি অহা ইজৰাইল-পেষ্টাইনৰ সংঘাতৰ আজিলৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই। ফলত এতিয়ালৈকে ইজৰাইল-পেলেষ্টাইনৰ মাজত সংঘটিুত যুদ্ধত কিমান লাখ লোকৰ মৃত্যু ঘটিছে তাৰ কোনো হিচাব নাই। 





ইজৰাইলে  আজিলৈকে পেলেষ্টাইন সংকটৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। শনিবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা আক্তৰমণৰ পিছতে  গাজা ষ্ট্ৰিপৰ পৰা বহু লোকে  আতংকিত হৈ ঘৰ এৰি পলায়ন কৰা দেখা গৈছে। শ শ পুৰুষ, মহিলা আৰু শিশুৱে খাদ্য আৰু কম্বল লৈ ঘৰ এৰি সুৰক্ষিত স্থানৰ সন্ধানত ইজৰাইলৰ সীমান্ত  অতিক্ৰম কৰিছে।ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে এক্স হেণ্ডেলত লিখিছে, "ইজৰাইলে ইহুদীসকলৰ  বন্ধৰ সময়ত গাজাত ভয়ংকৰ  আক্ৰমণৰ সন্মুখীন হৈছে। হামাছ উগ্ৰপন্থীয়ে ৰকেট নিক্ষেপ কৰি আছে। । পৰিস্থিতি সহজ হৈ থকা নাই। কিন্তু ইজৰাইল জিকিব। '


ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘৰ্ষ নতুন কথা নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া মুছলমান দেশসমূহে জন্মৰ পৰাই আৰৱৰ মাজভাগত থকা ইহুদী দেশখন ধ্বংস কৰিবলৈ চেষ্টা কৰি আহিছে। এতিয়ালৈকে দুয়োপক্ষৰ মাজত কেইবাখনো যুদ্ধ হৈছে।পেলেষ্টাইনী উগ্ৰপন্থী গোট হামাছৰ নতুন আক্ৰমণৰ পিছত পুনৰ যুদ্ধৰ দামামা বাজি উঠিছে। 
 উল্লেখ্য কেইবা দশক পুৰণি ইজৰাইল-পেলেষ্টাইন সংঘাতৰ মূল বিষয় আছিল জেৰুজালেম ।  জেৰুজালেম নামৰ ঠাইখনক   ইহুদীসকলে তেওঁলোকৰ ধৰ্মগ্ৰন্থত উল্লেখিত পবিত্ৰ ঠাই হিচাবে গণ্য কৰে। সেয়ে  ঠাইডোখৰইজৰাইলে নিজৰ বুলি  দাবী কৰি আহিছে।আনহাতে পেলেষ্টাইনীসকলেও জেৰুজালেম নিজৰ দখললৈ যোৱাটো বিচাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল