--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ বিভাজনৰ কিছু বছৰ  পিছতে পাকিস্তানত হিন্দুসকলৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। স্বাধীনতাৰ সময়ত তাত থকা মন্দিৰৰ আধা সংখ্যকৰো এতিয়া  তাত অস্বিত্ব নাই৷  পাকিস্তানত বেছিভাগ মন্দিৰ ধ্বংস কৰা হৈছিল আৰু কিছুমান বন্ধ কৰি দিয়া হৈছিল৷  

ফলত দেশ খনত এতিয়াও বহু মন্দিৰৰ  ধ্বংসাৱশেষ বিদ্যমান হৈ আছে। সেই সময়তে  পাকিস্তানত কিছুমান বিশেষ মন্দিৰ বন্ধ কৰি দিয়া হৈছিল। তেনে এটা মন্দিৰ পাকিস্তানৰ শিয়ালকোটত আছে৷ এই মন্দিৰটো যোৱা ৭২ বছৰ ধৰি বন্ধ ৰখা হৈছিল। পাকিস্তানৰ এই হিন্দু মন্দিৰটো ৭২  বছৰৰ বাবে বন্ধ থকাৰ পিছত  কেইবছৰমান পূৰ্বে সেয়া পুনৰ মুকলি কৰা হৈছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ৷  ডাঙৰ শিলেৰে নিৰ্মিত এই মন্দিৰটোৰ আশ্চৰ্যজনক কাৰুকাৰ্যই সকলোকে আকৰ্ষণ কৰে৷  

ডাঙৰ কথাটো হ'ল যে ইমান বছৰ বন্ধ থকাৰ পাছতো এই মন্দিৰৰ দেৱালত কোনো প্ৰভাৱ পৰা নাই৷  ইয়াৰ অৱস্থালৈ লক্ষ্য কৰি সেই সময়ৰ মন্দিৰবোৰ কিমান শক্তিশালীভাবে  নিৰ্মাণ কৰা হৈছিল সেয়া অনুমান কৰিব পাৰি।

পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ সময়তে  ৭২ বছৰৰ পিছত ২০১৯ চনত এই মন্দিৰটো মুকলি কৰা হৈছিল। এই মন্দিৰৰ নাম শিৱালা তেজা সিং মন্দিৰ। এতিয়া এই মন্দিৰত পুনৰ দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰা হৈছে আৰু ইয়াত পুনৰ উপাসনা আৰম্ভ হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি  যেতিয়া মন্দিৰটো মুকলি কৰা হৈছিল, তাত উপস্থিত সকলো লোকে জোৰেৰে হৰ হৰ মহাদেৱৰ শ্ল'গান দিবলৈ আৰম্ভ কৰিছিল। মন্দিৰটোলৈ এতিয়া ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি