--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ বিভাজনৰ কিছু বছৰ  পিছতে পাকিস্তানত হিন্দুসকলৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। স্বাধীনতাৰ সময়ত তাত থকা মন্দিৰৰ আধা সংখ্যকৰো এতিয়া  তাত অস্বিত্ব নাই৷  পাকিস্তানত বেছিভাগ মন্দিৰ ধ্বংস কৰা হৈছিল আৰু কিছুমান বন্ধ কৰি দিয়া হৈছিল৷  

ফলত দেশ খনত এতিয়াও বহু মন্দিৰৰ  ধ্বংসাৱশেষ বিদ্যমান হৈ আছে। সেই সময়তে  পাকিস্তানত কিছুমান বিশেষ মন্দিৰ বন্ধ কৰি দিয়া হৈছিল। তেনে এটা মন্দিৰ পাকিস্তানৰ শিয়ালকোটত আছে৷ এই মন্দিৰটো যোৱা ৭২ বছৰ ধৰি বন্ধ ৰখা হৈছিল। পাকিস্তানৰ এই হিন্দু মন্দিৰটো ৭২  বছৰৰ বাবে বন্ধ থকাৰ পিছত  কেইবছৰমান পূৰ্বে সেয়া পুনৰ মুকলি কৰা হৈছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ৷  ডাঙৰ শিলেৰে নিৰ্মিত এই মন্দিৰটোৰ আশ্চৰ্যজনক কাৰুকাৰ্যই সকলোকে আকৰ্ষণ কৰে৷  

ডাঙৰ কথাটো হ'ল যে ইমান বছৰ বন্ধ থকাৰ পাছতো এই মন্দিৰৰ দেৱালত কোনো প্ৰভাৱ পৰা নাই৷  ইয়াৰ অৱস্থালৈ লক্ষ্য কৰি সেই সময়ৰ মন্দিৰবোৰ কিমান শক্তিশালীভাবে  নিৰ্মাণ কৰা হৈছিল সেয়া অনুমান কৰিব পাৰি।

পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ সময়তে  ৭২ বছৰৰ পিছত ২০১৯ চনত এই মন্দিৰটো মুকলি কৰা হৈছিল। এই মন্দিৰৰ নাম শিৱালা তেজা সিং মন্দিৰ। এতিয়া এই মন্দিৰত পুনৰ দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰা হৈছে আৰু ইয়াত পুনৰ উপাসনা আৰম্ভ হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি  যেতিয়া মন্দিৰটো মুকলি কৰা হৈছিল, তাত উপস্থিত সকলো লোকে জোৰেৰে হৰ হৰ মহাদেৱৰ শ্ল'গান দিবলৈ আৰম্ভ কৰিছিল। মন্দিৰটোলৈ এতিয়া ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল