--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোজ বাজপেয়ীয়ে বহু গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। কেতিয়াবা ‘গেংছ অৱ ৱাছেইপুৰ’ৰ চৰ্দাৰ খান, কেতিয়াবা ‘ফেমিলি মেন’ৰ শ্ৰীকান্ত তিৱাৰী। তেওঁৰ অভিনয়ত দৰ্শক বাৰে বাৰে আপ্লুত হৈ আহিছে। কিন্তু, কেৰিয়াৰৰ আৰম্ভণি কেনেকুৱা আছিল? শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত সেই বিষয়ে মুখ মেলিছিল মনোজে।

মঞ্চৰ পৰাই তেওঁ অভিনয় যাত্ৰা আৰম্ভ কৰিছিল। অভিনেতাজনে প্ৰথমখন ছবিৰ বাবে কিমান দৰমহা পাইছিল সেই কথাও কয়। মনোজে কয়, “যেতিয়া মই থিয়েটাৰ কৰিছিলো, তেতিয়া প্ৰথমখন ছবি ‘বেণ্ডিট কুইন’ৰ বাবে মতা হৈছিল। সেই ছবিখনৰ বাবে মোক ৩৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাৰ ভিতৰত দৰমহা দিয়া হৈছিল।''

আন এখন ছবিৰ সন্দৰ্ভত মনোজে কয়, "যেতিয়া মই পৰিচালকক 'দ্ৰোহকাল' ছবিত কাম কৰিবলৈ অনুৰোধ কৰিছিলো, তেতিয়া সকলো ডাঙৰ ডাঙৰ চৰিত্ৰ লোৱা হৈছিল। মই এটা সৰু চৰিত্ৰ ৰূপায়ন কৰো। সেই চৰিত্ৰত মই ২০০০ টকা পাইছিলোঁ।”

ইয়াৰ পিছত আহিল ‘সত্য’ ছবিখনৰ আহ্বান। তেওঁ ‘বিকু মাথেৰে’ নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল। পৰিচালক ৰাম গোপাল বৰ্মাই পূৰ্বৰ দুখন ছবিত তেওঁৰ অভিনয় দেখি ‘সত্য’ ছবিত তেওঁক এই চৰিত্ৰৰ বাবে মাতিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু