--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ইটালীৰ বিলাসী ফেশ্বন কোম্পানী বুলগাৰীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰোমলৈ গৈছিল। সেই অনুষ্ঠানত বুলগাৰীৰ নতুন সংকলন বহুমূলীয়া গহনা আৰু ঘড়ী কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ মাজলৈ লৈ আহিছিল। তেওঁলোকৰ বিশেষ সংগ্ৰহৰ মূল্য আকাশলংঘী। প্ৰিয়ংকাৰ লগতে এনি হাথৱে, লিউ য়িফেইৰ দৰে অভিনেত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকে। যদিও অনুষ্ঠানটোত আন অভিনেত্ৰীও আছিল, তথাপিও প্ৰিয়ংকা চোপ্ৰাৰ সাজ-পোছাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ক’লা-বগা গাউন পিন্ধি কেমেৰাই বন্দী কৰিছে প্ৰিয়ংকাক একেবাৰে মোহনীয় ৰূপত। নতুন চুলি কটাৰ পৰা আৰম্ভ কৰি ডিঙিত ১৪০ কেৰেটৰ হীৰা হাৰলৈকে — প্ৰিয়ংকাৰ সাজ-পোছাকটো আচৰিততকৈ কম নাছিল।

বুলগাৰীৰ ৱেবছাইট অনুসৰি প্ৰিয়ংকাই এই অনুষ্ঠানত লেছথো (আফ্ৰিকাৰ এখন দেশ)ৰ হীৰাৰে নিৰ্মিত ১৪০ কেৰেটৰ এটেৰ্না চাৰ্পেন্টি নেকেলেচ পিন্ধিছিল। বুলগাৰীৰ হীৰা গহনা আগতে কেতিয়াও প্ৰদৰ্শন কৰা হোৱা নাছিল। এই নেকপিছটো বনাবলৈ প্ৰায় ২৮০০ ঘণ্টা সময় লাগিছিল। এই হাৰত ব্যৱহৃত নাচপতিৰ আকৃতিৰ সাতটা হীৰা সঁচাকৈয়ে চকু কপালত তুলিছে।

নেকেলেচৰ গুৰিটো প্লেটিনামৰ। এই হাৰ তৈয়াৰ কৰিবলৈ প্ৰায় ৬৯৮ টা হীৰা ব্যৱহাৰ কৰা হৈছে। এই নেকেলেচৰ মূল্য ৪৩ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৩৫৮ কোটি টকা)। প্ৰিয়ংকাই এই নেকেলেচটো টিয়াৰ ড্ৰপ হীৰা পেণ্ডেণ্ট আৰু ডাইমণ্ড ৰিঙৰ সৈতে যোৰ কৰিছিল।

নেকেলেচৰ লগতে প্ৰিয়ংকাৰ নতুন ৰূপটোও অনুৰাগীৰ মাজত ভালকৈ মনত আছে। আৰু ডাঙৰ চুলি নহয়, নায়িকাই কান্ধলৈকে চুটি চুলি কাটিছে। তাৰ পোছাকৰ দিশৰ পৰা চকু দুটা আঁতৰাই নিব নোৱাৰি। অফ শ্বোল্ডাৰ মনোক্ৰ’ম গাউনত প্ৰিয়ংকাৰ লুক সম্পূৰ্ণ বেলেগ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ