--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিজাৰ্ভ বেংকে ২,০০০ টকাৰ নোটৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছৰে পৰা সাধাৰণ মানুহে এতিয়া বেংকলৈ গৈ ২০০০ টকীয়া নোট সলনি কৰিবলৈ লৈছে। এতিয়ালৈকে ৩,০০০ কোটি টকাৰ নোট সলাই দিছে কেৱল ষ্টেট বেংকেইষ আনহাতে ষ্টেট বেংকত ১৪,০০০ কোটি টকাৰ ২০০০ টকীয়া নোট বিভিন্ন জনে জমা কৰিছে।  

সাধাৰণ মানুহৰ চকুৰ সন্মুখত পুনৰ ভাঁহি উঠিছিল মোদীয়ে প্ৰথমবাৰ ঘোষণা কৰা বিমুদ্ৰাকৰণৰ পিছত বেংকত শাৰী পাতি পুৰণি নোট সলনি কৰাৰ কষ্টৰ কথা।  কিন্তু এইবেলি তেনে দৃশ্যৰ সূচনা হোৱা নাই। ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) অধ্যক্ষ দিনেশ কুমাৰ খাৰাই সংবাদ মাধ্যমৰ  সৈতে হোৱা বাৰ্তালাপত কয় "এতিয়ালৈকে ৩,০০০ কোটি টকা বিনিময় কৰা হৈছে আৰু একাউণ্টত ১৪,০০০ কোটি টকাজমা  ৰখা হৈছে।’’

 ভাৰতীয় ষ্টেট বেংকে (এছবিআই) কৈছে যে আধাৰ কাৰ্ডৰ দৰে কোনো পৰিচয় পত্ৰ অবিহনেই ২,০০০ টকাৰ নোট বেংকত জমা কৰাৰ সুবিধা দিছে। ইয়াৰ বাবে পৃথক প্ৰপত্ৰ পূৰণ কৰিবও নালাগে।

নোট জমা কৰাৰ প্ৰক্ৰিয়াটোকলৈ  ইণ্টাৰনেটত বহুতো ভুল তথ্যও বিয়পি পৰিছে। ভাৰতীয় ষ্টেট বেংকে সাধাৰণ মানুহক সেইবোৰৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আহ্বান জনাইছে।  বেংকটোৱে এই বিষয়ত  বিশেষ নিৰ্দেশনা জাৰি কৰিছিল। নতুন নিৰ্দেশনা অনুসৰি  কোনো দাবী স্লিপ অবিহনেই বেংকত ২,০০০ টকাৰ নোট জমা কৰিব পাৰিব। যদি আপুনি ২,০০০ টকীয়া নোট বেংকত ঘূৰাই দিব  বিচাৰে,তেন্তে  আপুনি বেঙ্কত কোনো ধৰণৰ পৰিচয় পত্ৰও প্ৰদৰ্শন কৰিব নালাগে। বেঙ্কত আপোনাৰ একাউণ্ট নাথাকিলেও আপুনি তেনে  বেঙ্কৰ শাখালৈ যাব পাৰে আৰু ২,০০০ টকাৰ নোট সলনি কৰিব পাৰে।

 মানুহে মুঠ ২০,০০০ টকাৰ নোট একেসময়তে  সলনি কৰিব পাৰিব। সূত্ৰ অনুসৰি, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) ৩০ ছেপ্টেম্বৰৰ পিছত এই নোট সলনিৰ   সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। নোট সলনি কৰাৰ  বাবে কোনো বিশেষ মাচুল লোৱা নহ'ব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) নিৰ্দেশ দিছে যে নোট সলনি কৰিবলৈ অহা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিব লাগিব। ৰিজাৰ্ভ বেংকে  সকলোকে ৩০ ছেপ্টেম্বৰ, ২০২৩-ৰ ভিতৰত হাতত থকা ২০০০ টকাৰ নোট  সলনি কৰিবলৈ কৈছে।  

 এক বিবৃতিত কেন্দ্ৰীয় বেংকটোৱে কয়: "ভাৰতীয় ৰিজাৰ্ভ বেংকৰ "পৰিষ্কাৰ নোট নীতি" অনুসৰি,২০০০ টকা  মূল্যৰ বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰু ৰাইজক  পৰ্যাপ্ত সময় প্ৰদান কৰিবলৈ, সকলো বেংকে ৩০ ছেপ্টেম্বৰ, ২০২৩  লৈ ২০০০ টকাৰ  বেংকনোট  জমা আৰু/বা বিনিময়ৰ সুবিধা প্ৰদান কৰিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস