--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অশান্ত জৰ্জৰ মণিপুৰ ভ্ৰমণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ শান্তি আৰু সমৃদ্ধি চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰিছে৷শ্বাহে ৰাজ্যৰ শান্তি বিঘ্নিত কৰা যিকোনো কাৰ্যকলাপৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিবলৈ নিৰাপত্তা বিষয়াসকলক নিৰ্দেশ দিয়ে।

মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) আৰু ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকৰ অন্তত শ্বাহে এই মন্তব্য কৰে। এই বৈঠকত পেট্ৰ’ল, এল পি জি গেছ, চাউল আৰু অন্যান্য খাদ্য সামগ্ৰীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে মূল্য শীতল কৰিবলৈ বৃহৎ পৰিমাণে উপলব্ধ কৰা হ’ব, তাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইম্ফলত মণিপুৰ আৰক্ষী, চি এ পি এফ আৰু ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়াৰ সৈতে হোৱা বৈঠকত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মণিপুৰৰ শান্তি আৰু সমৃদ্ধি আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ, শান্তি বিঘ্নিত কৰা যিকোনো কাৰ্যকলাপৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিয়া হৈছে৷

মঙলবাৰে অমিত শ্বাহে চলিত মাহৰ আৰম্ভণিতে মণিপুৰত সংঘটিত হোৱা শেহতীয়া জাতিগত সংঘাতৰ কিছু ভয়াৱহ সংঘাতৰ স্থান চুৰাচান্দপুৰত উপস্থিত হৈ কুকি নাগৰিক সমাজৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়।

আই বিৰ মুৰব্বী আৰু গৃহ সচিবৰ সৈতে হেলিকপ্টাৰেৰে শ্বাহে গীৰ্জাৰ নেতাসকলৰ লগতে কুকি সম্প্ৰদায়ৰ বুদ্ধিজীৱীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অভিযোগৰ বুজ লয় আৰু মাজত ধাৰাবাহিকভাৱে সংঘৰ্ষৰ সাক্ষী হোৱা উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি অনাৰ উপায়ৰ সন্ধান কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস