--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অশান্ত জৰ্জৰ মণিপুৰ ভ্ৰমণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ শান্তি আৰু সমৃদ্ধি চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰিছে৷শ্বাহে ৰাজ্যৰ শান্তি বিঘ্নিত কৰা যিকোনো কাৰ্যকলাপৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিবলৈ নিৰাপত্তা বিষয়াসকলক নিৰ্দেশ দিয়ে।

মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) আৰু ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকৰ অন্তত শ্বাহে এই মন্তব্য কৰে। এই বৈঠকত পেট্ৰ’ল, এল পি জি গেছ, চাউল আৰু অন্যান্য খাদ্য সামগ্ৰীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে মূল্য শীতল কৰিবলৈ বৃহৎ পৰিমাণে উপলব্ধ কৰা হ’ব, তাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইম্ফলত মণিপুৰ আৰক্ষী, চি এ পি এফ আৰু ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়াৰ সৈতে হোৱা বৈঠকত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মণিপুৰৰ শান্তি আৰু সমৃদ্ধি আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ, শান্তি বিঘ্নিত কৰা যিকোনো কাৰ্যকলাপৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিয়া হৈছে৷

মঙলবাৰে অমিত শ্বাহে চলিত মাহৰ আৰম্ভণিতে মণিপুৰত সংঘটিত হোৱা শেহতীয়া জাতিগত সংঘাতৰ কিছু ভয়াৱহ সংঘাতৰ স্থান চুৰাচান্দপুৰত উপস্থিত হৈ কুকি নাগৰিক সমাজৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়।

আই বিৰ মুৰব্বী আৰু গৃহ সচিবৰ সৈতে হেলিকপ্টাৰেৰে শ্বাহে গীৰ্জাৰ নেতাসকলৰ লগতে কুকি সম্প্ৰদায়ৰ বুদ্ধিজীৱীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অভিযোগৰ বুজ লয় আৰু মাজত ধাৰাবাহিকভাৱে সংঘৰ্ষৰ সাক্ষী হোৱা উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি অনাৰ উপায়ৰ সন্ধান কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা