--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্ঘটনা অথবা আন বহু প্ৰাকৃতিক দুৰ্যোগতকৈও ভয়াৱহ হৈ উঠিছে বায়ু প্ৰদূৰ্ষণ ৷ বায়ু প্ৰদূৰ্ষণৰ ফলতে এতিয়া বিশ্বৰ প্ৰায় সকলো দেশতে মানুহৰ আয়ূস বহু খিনি কমি গৈছে৷ শেহতীয়া গৱেষণা তথা সমীক্ষাই সেই কথাই প্ৰকাশ কৰিছে৷ 

প্ৰদূষণ  মানৱ স্বাস্থ্যৰ বাবে বিশ্বৰ আটাইতকৈ ডাঙৰ বিপদাশংকা হিচাবে থিয় দিছে। পৰিসংখ্যাত প্ৰকাশ পোৱা তথ্য অনুসৰি  বিশ্বব্যাপী বায়ু প্ৰদূষণে মানুহৰ ২.২ বছৰকৈ আয়ুস হ্ৰাস কৰিছে।এইচ.আই.ভি./এইডছতকৈ ছয় গুণ আৰু সন্ত্ৰাসবাদতকৈ ৮৯ গুণে বেছি  এই প্ৰদূষণৰ মাৰক ক্ষমতা।বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত  প্ৰদূষণে ভাৰতীয় লোকৰ স্বাস্থ্যৰ প্ৰতি  সৰ্বাধিক বিপদ নমাই আনিছে।   ২০১৩ চনৰ পৰা বিশ্বৰ মুঠ প্ৰদূষণৰ ৪৪  শতাংশ কেৱল ভাৰতৰ পৰাই হৈছে বুলি বিভিন্ন প্ৰতিবেদন প্ৰকাশ পাইছে৷
যদি প্ৰদূষণৰ এনে স্তৰ অব্যাহত থাকে তেন্তে ভাৰতীয় লোকে কমেও পাঁচ বছৰৰ আয়ুস হেৰুৱাব লাগিব বুলি আশংকা ব্যক্ত কৰা হৈছে।

১৯৯৮  চনৰ পৰা ভাৰতৰ বতাহত  গড় বাৰ্ষিক প্ৰদূষণ  সৃষ্টিকাৰী কণিকা  ৬১.৪  শতাংশ বৃদ্ধি হৈছে। অধ্যয়নটোৱে ভাৰতত বায়ু প্ৰদূষণ বৃদ্ধিৰ বাবে যোৱা দুটা দশকত ঔদ্যোগিকৰণ, অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা বৃদ্ধিকে দায়ী কৰিছে।  অধ্যয়নটোত কোৱা হৈছে যে বৰ্তমানৰ প্ৰদূষণৰ স্তৰ অব্যাহত থাকিলে ভাৰত-গাঙ্গেয় সমভূমিৰ ৫১০ নিযুত বাসিন্দাই গড়ে ৭.৬ বছৰৰ আয়ুস হেৰুৱাব পাৰে। 

লক্ষ্ণৌৰ বাসিন্দাসকলে ৯.৫ বছৰৰ আয়ুস হেৰুৱাব লগীয়া হ’ব পাৰে। একেদৰে উত্তৰ প্ৰদেশত ৮.২ বছৰ, বিহাৰত ৭.৯ বছৰ, পশ্চিম বংগত ৫.৯ বছৰ আৰু ৰাজস্থানত ৪.৮ বছৰ সেই ৰাজ্যসমূহৰ মানুহে হেৰুৱা লাগিব বুলি আশংকা ব্যক্ত কৰিছে সমীক্ষকসকলে। প্ৰদূষণ ৰোধ কৰাৰ বাবে সচেতন হ’ব লাগিব চৰকাৰ আৰু দেশৰ জনতা৷ অধিক হাৰত গছ ৰোপনে প্ৰদূৰ্ষণ ভালে খিনি কমাই ৰাখিব পাৰে৷ বাৰিষা কালটো বৃক্ষৰোপনৰ বাবে উপযুক্ত সময়৷ বৃক্ষৰোপন কৰিলে ভৱিষ্যতৰ বাবে সম্পদ সৃষ্টি হোৱাৰ লগতে প্ৰদূৰ্ষণো হ্ৰাস কৰিব পৰা যাব৷ সেয়ে এই বাৰিষাতে বৃক্ষৰোপনৰ সংকল্প লওঁ আহক৷  এয়া হ’ব পাৰে প্ৰদূষণ নিয়ন্ত্ৰণত আমাৰ এক সামান্য অৱদান৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ