--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ জুইত জাহ গ’ল এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। দেওবাৰে পুৱতি নিশা মেঘালয়ৰ ৰাজধানী শ্বিলঙত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ১৩০ বছৰ পুৰণি খাছি জয়ন্তীয়া প্ৰেছবিটেৰিয়ান ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়।  

ঘটনাস্থলীত উপস্থিত হোৱা প্ৰত্যক্ষদৰ্শীৰ মতে, কাষৰ বৰ্ডিং হাউচত বাস কৰা নিবাসীসকল জুইৰ পৰা ৰক্ষা পৰে আৰু লগে লগে কমিউনিটি হল মিছন কম্পাউণ্ডলৈ তেওঁলোকক স্থানান্তৰিত কৰা হয়।

উল্লেখ্য যে জুই লাগি থকাৰ সময়ত বিদ্যালয়খনৰ শিক্ষক, হোষ্টেলৰ নিবাসী সকলে গীৰ্জাৰ বয়োজ্যেষ্ঠসকলৰ নেতৃত্বত প্ৰাৰ্থনা কৰি আছিল। অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন কৰাৰ পিছত সকলোকে পুনৰ হোষ্টেললৈ লৈ যোৱা হৈছিল।

জানিব পৰা মতে এই অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট বেছি যদিও এতিয়ালৈকো কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই। 

১৮৯২ চনত স্থাপিত খাছি জয়ন্তীয়া প্ৰেছবিটেৰিয়ান ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন শ্বিলং পৌৰসভাৰ এলেকাত অৱস্থিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ