--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ জুইত জাহ গ’ল এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। দেওবাৰে পুৱতি নিশা মেঘালয়ৰ ৰাজধানী শ্বিলঙত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ১৩০ বছৰ পুৰণি খাছি জয়ন্তীয়া প্ৰেছবিটেৰিয়ান ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়।  

ঘটনাস্থলীত উপস্থিত হোৱা প্ৰত্যক্ষদৰ্শীৰ মতে, কাষৰ বৰ্ডিং হাউচত বাস কৰা নিবাসীসকল জুইৰ পৰা ৰক্ষা পৰে আৰু লগে লগে কমিউনিটি হল মিছন কম্পাউণ্ডলৈ তেওঁলোকক স্থানান্তৰিত কৰা হয়।

উল্লেখ্য যে জুই লাগি থকাৰ সময়ত বিদ্যালয়খনৰ শিক্ষক, হোষ্টেলৰ নিবাসী সকলে গীৰ্জাৰ বয়োজ্যেষ্ঠসকলৰ নেতৃত্বত প্ৰাৰ্থনা কৰি আছিল। অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন কৰাৰ পিছত সকলোকে পুনৰ হোষ্টেললৈ লৈ যোৱা হৈছিল।

জানিব পৰা মতে এই অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট বেছি যদিও এতিয়ালৈকো কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই। 

১৮৯২ চনত স্থাপিত খাছি জয়ন্তীয়া প্ৰেছবিটেৰিয়ান ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন শ্বিলং পৌৰসভাৰ এলেকাত অৱস্থিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস