--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজীয়াই থাকিবলৈ কাঁহী ভৰাই এসোপা খোৱাৰ প্ৰয়োজন নাই। সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে  এগৰাকী মহিলাই।এগৰাকী মহিলা যিয়ে কেৱল ৩৯ বছৰ ধৰি একপ্ৰকাৰে  উপবাসত আছে। দৈনিক মাত্ৰ দুকাপকৈ চাহ পান কৰিয়েই জীয়াই আছে তেওঁ। মহিলাগৰাকীৰ নাম সাধ্বী বিমলায়াশা।

এই মহিলাগৰাকীয়ে ৩৯ বছৰ ধৰি খাদ্যৰ নামত দানা এটাও খোৱা নাই। দিনটোত মাত্ৰ ২ কাপ চাহ খায়েই তেওঁ  এক স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰিছে।

৬২ বছৰীয়া মহিলাগৰাকীয়ে দিনটোত মাত্ৰ দুকাপ চাহ পান কৰিয়েই স্বাভাৱিকভাবে  তেওঁৰ  সকলো কাম নিয়াৰিকৈ কৰি আহিছে।চিকিৎসকসকলেও আনকি মহিলাগৰাকীৰ বিষয়ে জানিব পাৰি আচৰিত হৈ পৰিছে।কিন্তু বিমলয়াশাই ক'ৰ পৰা ইমান শক্তি লাভ কৰে? 

সাধ্বী বিমল্যশাই যোৱা ১৮ বছৰ ধৰি মধ্য প্ৰদেশৰ ইন্দোৰৰ ৰামবাগ দাদাৱাড়ীত বাস কৰি আছে। তেওঁ বিগত ৩৯ বছৰ ধৰি ভাত, ৰুটি অথবা কোনো গোটা খাদ্য খোৱা নাই । প্ৰতিদিনে মাত্ৰ ২ কাপ চাহ খায় তেওঁ । তেওঁ পুৱা ৭.৩০ বজাত প্ৰথম কাপ চাহ আৰু পুৱা ১১.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত দ্বিতীয় কাপ চাহ পান কৰে। বিশেষ কথাটো হ'ল যে খোৱা-বোৱা অবিহনে দিনে মাত্ৰ ২ কাপ চাহ খোৱা স্বত্বেও তেওঁৰ কোনো শাৰীৰিক সমস্যাই দেখা দিয়া নাই। 

সাধ্বী বিমলয়াশাই ইয়াক সংকল্পৰ শক্তি বুলি গণ্য কৰে। তেওঁ কয় যে ত্যাগ আৰু সংযম হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সংকল্প আৰু সেই সংকল্পই তেওঁক শক্তি প্ৰদান কৰিআহিছে। সাধুসকলৰ জীৱন ত্যাগৰ বাবে, তেওঁলোকে যিমানে ত্যাগ কৰিব সিমানেই তেওঁলোকে আগবাঢ়িব পাৰিব বুলি তেওঁ বিশ্বাস কৰে। 

সাধ্বী বিমলয়াশাই ১৪ মে’, ১৯৭৫ তাৰিখে অক্ষয় ত্ৰিটিয়া উপলক্ষে দীক্ষা গ্ৰহণ কৰিছিল। বিমলয়াশাই কয় যে আপুনি একান্ত মনেৰে  কোনো কাম নকৰিলে সেয়া সফল নহয়৷ এবাৰ যিকোনো কাম কৰাৰ সিদ্ধান্ত ল'লে, তেতিয়া আটাইতকৈ কঠিন কামবোৰো সম্পূৰ্ণ হৈ উঠে হয়। সাধ্বীৰ এই দৃঢ়তা আৰু সংকল্পৰ বাবে, মানুহে তেওঁক  বিশেষ দৃষ্টিৰে চাই আহিছে৷

সাধ্বী বিমলয়াশাৰ শাৰীৰিক সুস্থতা  দেখি সকলোৱে আচৰিত হৈছে। চিকিৎসকসকলে কৈছে যে আনকি ৬২ বছৰ বয়সতো তেওঁ সম্পূৰ্ণৰূপে স্বাস্থ্যৱান। তেওঁৰ শৰীৰত কোনো ৰোগ নাই, তেওঁ গোটেই দিনটো উদ্যমী অনুভৱ কৰে। 

চিকিৎসকৰ মতে, দুকাপ চাহ খালে ১৮ ৰ পৰা ১৯ শৰীৰটোৱে শক্তি পাব পাৰে৷  একাপ চাহে প্ৰায় ১৫০ কেলৰি প্ৰদান কৰে। যদি দুকাপ চাহ খোৱা হয় তেন্তে  শৰীৰে ৩০০ কেলৰি পায়। চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি  কৰে। সেই সমীকৰণেৰেই হয়তো চলি আহিছে মহিলগৰাকীৰ জীৱন৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ