--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজীয়াই থাকিবলৈ কাঁহী ভৰাই এসোপা খোৱাৰ প্ৰয়োজন নাই। সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে  এগৰাকী মহিলাই।এগৰাকী মহিলা যিয়ে কেৱল ৩৯ বছৰ ধৰি একপ্ৰকাৰে  উপবাসত আছে। দৈনিক মাত্ৰ দুকাপকৈ চাহ পান কৰিয়েই জীয়াই আছে তেওঁ। মহিলাগৰাকীৰ নাম সাধ্বী বিমলায়াশা।

এই মহিলাগৰাকীয়ে ৩৯ বছৰ ধৰি খাদ্যৰ নামত দানা এটাও খোৱা নাই। দিনটোত মাত্ৰ ২ কাপ চাহ খায়েই তেওঁ  এক স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰিছে।

৬২ বছৰীয়া মহিলাগৰাকীয়ে দিনটোত মাত্ৰ দুকাপ চাহ পান কৰিয়েই স্বাভাৱিকভাবে  তেওঁৰ  সকলো কাম নিয়াৰিকৈ কৰি আহিছে।চিকিৎসকসকলেও আনকি মহিলাগৰাকীৰ বিষয়ে জানিব পাৰি আচৰিত হৈ পৰিছে।কিন্তু বিমলয়াশাই ক'ৰ পৰা ইমান শক্তি লাভ কৰে? 

সাধ্বী বিমল্যশাই যোৱা ১৮ বছৰ ধৰি মধ্য প্ৰদেশৰ ইন্দোৰৰ ৰামবাগ দাদাৱাড়ীত বাস কৰি আছে। তেওঁ বিগত ৩৯ বছৰ ধৰি ভাত, ৰুটি অথবা কোনো গোটা খাদ্য খোৱা নাই । প্ৰতিদিনে মাত্ৰ ২ কাপ চাহ খায় তেওঁ । তেওঁ পুৱা ৭.৩০ বজাত প্ৰথম কাপ চাহ আৰু পুৱা ১১.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত দ্বিতীয় কাপ চাহ পান কৰে। বিশেষ কথাটো হ'ল যে খোৱা-বোৱা অবিহনে দিনে মাত্ৰ ২ কাপ চাহ খোৱা স্বত্বেও তেওঁৰ কোনো শাৰীৰিক সমস্যাই দেখা দিয়া নাই। 

সাধ্বী বিমলয়াশাই ইয়াক সংকল্পৰ শক্তি বুলি গণ্য কৰে। তেওঁ কয় যে ত্যাগ আৰু সংযম হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সংকল্প আৰু সেই সংকল্পই তেওঁক শক্তি প্ৰদান কৰিআহিছে। সাধুসকলৰ জীৱন ত্যাগৰ বাবে, তেওঁলোকে যিমানে ত্যাগ কৰিব সিমানেই তেওঁলোকে আগবাঢ়িব পাৰিব বুলি তেওঁ বিশ্বাস কৰে। 

সাধ্বী বিমলয়াশাই ১৪ মে’, ১৯৭৫ তাৰিখে অক্ষয় ত্ৰিটিয়া উপলক্ষে দীক্ষা গ্ৰহণ কৰিছিল। বিমলয়াশাই কয় যে আপুনি একান্ত মনেৰে  কোনো কাম নকৰিলে সেয়া সফল নহয়৷ এবাৰ যিকোনো কাম কৰাৰ সিদ্ধান্ত ল'লে, তেতিয়া আটাইতকৈ কঠিন কামবোৰো সম্পূৰ্ণ হৈ উঠে হয়। সাধ্বীৰ এই দৃঢ়তা আৰু সংকল্পৰ বাবে, মানুহে তেওঁক  বিশেষ দৃষ্টিৰে চাই আহিছে৷

সাধ্বী বিমলয়াশাৰ শাৰীৰিক সুস্থতা  দেখি সকলোৱে আচৰিত হৈছে। চিকিৎসকসকলে কৈছে যে আনকি ৬২ বছৰ বয়সতো তেওঁ সম্পূৰ্ণৰূপে স্বাস্থ্যৱান। তেওঁৰ শৰীৰত কোনো ৰোগ নাই, তেওঁ গোটেই দিনটো উদ্যমী অনুভৱ কৰে। 

চিকিৎসকৰ মতে, দুকাপ চাহ খালে ১৮ ৰ পৰা ১৯ শৰীৰটোৱে শক্তি পাব পাৰে৷  একাপ চাহে প্ৰায় ১৫০ কেলৰি প্ৰদান কৰে। যদি দুকাপ চাহ খোৱা হয় তেন্তে  শৰীৰে ৩০০ কেলৰি পায়। চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি  কৰে। সেই সমীকৰণেৰেই হয়তো চলি আহিছে মহিলগৰাকীৰ জীৱন৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু