--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীক লৈ ৰাজনৈতিক বিতৰ্কৰ মাজতে এন চি পিৰ নেতা অজিত পাৱাৰে তেওঁৰ সমৰ্থনত ওলাই আহি কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিত্বৰ বাবেই জয়লাভ কৰিছিল।

 পাৱাৰে কয় যে ২০১৪ চনত জনসাধাৰণে প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ ডিগ্ৰীৰ ভিত্তিত ভোট দিছিল নেকি? তেওঁ সৃষ্টি কৰা পৰিৱেশটোৱেই তেওঁক নিৰ্বাচনত জয়ী হোৱাত সহায় কৰিছিল। তেওঁ লগতে কয়, ‘এতিয়া তেওঁ ৯ বছৰ ধৰি দেশক প্ৰতিনিধিত্ব কৰি আছে। তেওঁৰ ডিগ্ৰীৰ বিষয়ে সোধাটো ন্যায্য নহয়। আমি তেওঁক মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়ত প্ৰশ্ন কৰা উচিত। মন্ত্ৰীৰ ডিগ্ৰী কোনো গুৰুত্বপূৰ্ণ বিষয় নহয়।’

 তেওঁ আৰু প্ৰশ্ন কৰে যে ‘মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ আহিব নে প্ৰধানমন্ত্ৰী মোদীয়ে ডিগ্ৰী সন্দৰ্ভত স্পষ্টীকৰণ দিলে মানুহে চাকৰি পাব নেকি?’ শেহতীয়াকৈ আম আদমী পাৰ্টিয়ে প্ৰধানমন্ত্ৰী মোদীৰ শৈক্ষিক অৰ্হতাক লৈ আক্ৰমণ চলাইছিল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কলেজৰ ডিগ্ৰী জনসাধাৰণৰ আগত ৰাখিবলৈ কয়।

 কেজৰিৱালে লগতে কয় যে ‘তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে কিমান পঢ়া-শুনা কৰিছে সেই কথা জানিবলৈও দেশৰ অধিকাৰ নাইনে? আদালতত ডিগ্ৰী দেখুৱাবলৈ তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল। কিয়? আৰু ডিগ্ৰী চাবলৈ দাবী কৰাসকলক জৰিমনা বিহা হ'ব? এইটো কি হৈছে? নিৰক্ষৰ বা কম শিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে অতি বিপজ্জনক।’ যোৱা সপ্তাহত গুজৰাট উচ্চ ন্যায়ালয়ে মুখ্য তথ্য আয়োগৰ সাত বছৰীয়া নিৰ্দেশ বাতিল কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ প্ৰয়োজন নাই বুলি ৰায়দান কৰাৰ পিছতে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

 চিআইচিৰ নির্দেশত গুজৰাট বিশ্ববিদ্যালয়ক প্রধানমন্ত্রী মোদীৰ ডিগ্ৰী সন্দর্ভত তথ্য প্রদান কৰিবলৈ কৈছিল৷ ন্যায়াধীশ বীৰেন বৈষ্ণৱেও আৰ টি আইৰ জৰিয়তে মোডীৰ কলেজীয়া ডিগ্ৰীৰ তথ্য বিচৰা কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস