--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীক লৈ ৰাজনৈতিক বিতৰ্কৰ মাজতে এন চি পিৰ নেতা অজিত পাৱাৰে তেওঁৰ সমৰ্থনত ওলাই আহি কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিত্বৰ বাবেই জয়লাভ কৰিছিল।

 পাৱাৰে কয় যে ২০১৪ চনত জনসাধাৰণে প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ ডিগ্ৰীৰ ভিত্তিত ভোট দিছিল নেকি? তেওঁ সৃষ্টি কৰা পৰিৱেশটোৱেই তেওঁক নিৰ্বাচনত জয়ী হোৱাত সহায় কৰিছিল। তেওঁ লগতে কয়, ‘এতিয়া তেওঁ ৯ বছৰ ধৰি দেশক প্ৰতিনিধিত্ব কৰি আছে। তেওঁৰ ডিগ্ৰীৰ বিষয়ে সোধাটো ন্যায্য নহয়। আমি তেওঁক মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়ত প্ৰশ্ন কৰা উচিত। মন্ত্ৰীৰ ডিগ্ৰী কোনো গুৰুত্বপূৰ্ণ বিষয় নহয়।’

 তেওঁ আৰু প্ৰশ্ন কৰে যে ‘মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ আহিব নে প্ৰধানমন্ত্ৰী মোদীয়ে ডিগ্ৰী সন্দৰ্ভত স্পষ্টীকৰণ দিলে মানুহে চাকৰি পাব নেকি?’ শেহতীয়াকৈ আম আদমী পাৰ্টিয়ে প্ৰধানমন্ত্ৰী মোদীৰ শৈক্ষিক অৰ্হতাক লৈ আক্ৰমণ চলাইছিল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কলেজৰ ডিগ্ৰী জনসাধাৰণৰ আগত ৰাখিবলৈ কয়।

 কেজৰিৱালে লগতে কয় যে ‘তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে কিমান পঢ়া-শুনা কৰিছে সেই কথা জানিবলৈও দেশৰ অধিকাৰ নাইনে? আদালতত ডিগ্ৰী দেখুৱাবলৈ তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল। কিয়? আৰু ডিগ্ৰী চাবলৈ দাবী কৰাসকলক জৰিমনা বিহা হ'ব? এইটো কি হৈছে? নিৰক্ষৰ বা কম শিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে অতি বিপজ্জনক।’ যোৱা সপ্তাহত গুজৰাট উচ্চ ন্যায়ালয়ে মুখ্য তথ্য আয়োগৰ সাত বছৰীয়া নিৰ্দেশ বাতিল কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ প্ৰয়োজন নাই বুলি ৰায়দান কৰাৰ পিছতে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

 চিআইচিৰ নির্দেশত গুজৰাট বিশ্ববিদ্যালয়ক প্রধানমন্ত্রী মোদীৰ ডিগ্ৰী সন্দর্ভত তথ্য প্রদান কৰিবলৈ কৈছিল৷ ন্যায়াধীশ বীৰেন বৈষ্ণৱেও আৰ টি আইৰ জৰিয়তে মোডীৰ কলেজীয়া ডিগ্ৰীৰ তথ্য বিচৰা কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
কি কি বাস্তুদোষ থাকিলে টোপনি ব্যাহত হয়?
৭৭ বছৰত নদীত বিলীন ৰাজ্যৰ ৪৩২ গাঁও
বাৰ্ষিক টোল পাছৰ বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট