--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ স্বাস্থ্যখণ্ডৰ বাবে এক চিন্তনীয় খবৰ৷দ্য লেন্সেট ৰিজিঅ’নেল হেল্থ চাউথ-ইষ্ট এছিয়া জাৰ্নেলত প্ৰকাশিত এক নতুন গৱেষণাৰ মতে, ভাৰতত ২০১৯ চনত প্ৰায় ১২ লাখ নতুন কৰ্কট ৰোগী আৰু ৯.৩ লাখ লোকৰ মৃত্যু হোৱাৰ লগতে সেই বছৰ এছিয়াত এই ৰোগৰ দ্বিতীয় সৰ্বাধিক প্ৰাদুৰ্ভাৱৰ সংখ্যা ভাৰততেই সৰ্বাধিক৷


The Hindu ৰিপৰ্ট অনুসৰি গৱেষকসকলে এই কথা জানিব পাৰিছে যে ভাৰত, চীন আৰু জাপান নতুনকৈ আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত এছিয়াৰ তিনিখন আগশাৰীৰ দেশ।দ্য হিন্দুৱে কয় যে এছিয়াত কৰ্কট ৰোগ জনস্বাস্থ্যৰ প্ৰতি এক বৃহৎ ভাবুকি হৈ পৰিছে, য’ত ২০১৯ চনত ৯৪ লাখ নতুন ৰোগী আৰু ৫৬ লাখ লোকৰ মৃত্যু হোৱা দেখা গৈছিল।

ইয়াৰে চীনত সৰ্বাধিক ৪৮ লাখ নতুনকৈ আক্ৰান্ত আৰু ২৭ লাখ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জাপানত ৯ লাখ নতুনকৈ আক্ৰান্ত আৰু ৪.৪ লাখ লোকৰ মৃত্যু হৈছে। এইদৰে ২০১৯ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত চীনৰ পাছতে এছিয়াত ভাৰতে দ্বিতীয় স্থান লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ দলটোত যোধপুৰ আৰু বাথিণ্ডাত থকা ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (কুৰুক্ষেত্ৰ) আৰু সৰ্বভাৰতীয় চিকিৎসা প্ৰতিষ্ঠান (এইমছ)ৰ বিশেষজ্ঞসকল আছিল।তেওঁলোকে দেখিলে যে এছিয়াত শ্বাসনালী, ব্ৰংকাছ আৰু হাওঁফাওঁ (TBL) কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি, যাৰ ফলত আনুমানিক ১৩ লাখ লোক আক্ৰান্ত হৈছে আৰু ১২ লাখ লোকৰ মৃত্যু হৈছে। এই কেন্সাৰ পুৰুষৰ ক্ষেত্ৰত বেছি আৰু মহিলাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত দেখা গৈছিল।

গৱেষকসকলে ভাৰত, বাংলাদেশ আৰু নেপালৰ দৰে দক্ষিণ এছিয়াৰ দেশত চাধা, গুটখা, পান মছলাৰ দৰে ধোঁৱাবিহীন ধঁপাত (এছ এম টি)ৰ অধিক প্ৰাদুৰ্ভাৱ জনস্বাস্থ্যৰ বাবে চিন্তাৰ বিষয় বুলিও উল্লেখ কৰে। কেৱল ভাৰততে ২০১৯ চনত বিশ্বত ওঁঠ আৰু মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা আৰু নতুনকৈ আক্ৰান্তৰ সংখ্যা ক্ৰমে ৩২.৯ শতাংশ আৰু ২৮.১ শতাংশ।

গৱেষণাৰ দ্বাৰা মুখৰ কৰ্কট ৰোগীৰ ৫০ শতাংশতকৈ অধিক লোকৰ বাবে ধোঁৱাবিহীন ধঁপাতক দোষাৰোপ কৰা হৈছে।তেওঁলোকে ১৯৯০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত পাঁচ বছৰৰ তলৰ শিশুৰ লুকেমিয়াৰ দৰে কেন্সাৰৰ বোজা হ্ৰাস পোৱা দেখা গৈছে যদিও একে সময়তে প্ৰষ্টেট, পেনক্ৰিয়াটিক আৰু স্তন কেন্সাৰৰ দৰে কেন্সাৰ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু