--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ স্বাস্থ্যখণ্ডৰ বাবে এক চিন্তনীয় খবৰ৷দ্য লেন্সেট ৰিজিঅ’নেল হেল্থ চাউথ-ইষ্ট এছিয়া জাৰ্নেলত প্ৰকাশিত এক নতুন গৱেষণাৰ মতে, ভাৰতত ২০১৯ চনত প্ৰায় ১২ লাখ নতুন কৰ্কট ৰোগী আৰু ৯.৩ লাখ লোকৰ মৃত্যু হোৱাৰ লগতে সেই বছৰ এছিয়াত এই ৰোগৰ দ্বিতীয় সৰ্বাধিক প্ৰাদুৰ্ভাৱৰ সংখ্যা ভাৰততেই সৰ্বাধিক৷


The Hindu ৰিপৰ্ট অনুসৰি গৱেষকসকলে এই কথা জানিব পাৰিছে যে ভাৰত, চীন আৰু জাপান নতুনকৈ আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত এছিয়াৰ তিনিখন আগশাৰীৰ দেশ।দ্য হিন্দুৱে কয় যে এছিয়াত কৰ্কট ৰোগ জনস্বাস্থ্যৰ প্ৰতি এক বৃহৎ ভাবুকি হৈ পৰিছে, য’ত ২০১৯ চনত ৯৪ লাখ নতুন ৰোগী আৰু ৫৬ লাখ লোকৰ মৃত্যু হোৱা দেখা গৈছিল।

ইয়াৰে চীনত সৰ্বাধিক ৪৮ লাখ নতুনকৈ আক্ৰান্ত আৰু ২৭ লাখ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জাপানত ৯ লাখ নতুনকৈ আক্ৰান্ত আৰু ৪.৪ লাখ লোকৰ মৃত্যু হৈছে। এইদৰে ২০১৯ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত চীনৰ পাছতে এছিয়াত ভাৰতে দ্বিতীয় স্থান লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ দলটোত যোধপুৰ আৰু বাথিণ্ডাত থকা ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (কুৰুক্ষেত্ৰ) আৰু সৰ্বভাৰতীয় চিকিৎসা প্ৰতিষ্ঠান (এইমছ)ৰ বিশেষজ্ঞসকল আছিল।তেওঁলোকে দেখিলে যে এছিয়াত শ্বাসনালী, ব্ৰংকাছ আৰু হাওঁফাওঁ (TBL) কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি, যাৰ ফলত আনুমানিক ১৩ লাখ লোক আক্ৰান্ত হৈছে আৰু ১২ লাখ লোকৰ মৃত্যু হৈছে। এই কেন্সাৰ পুৰুষৰ ক্ষেত্ৰত বেছি আৰু মহিলাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত দেখা গৈছিল।

গৱেষকসকলে ভাৰত, বাংলাদেশ আৰু নেপালৰ দৰে দক্ষিণ এছিয়াৰ দেশত চাধা, গুটখা, পান মছলাৰ দৰে ধোঁৱাবিহীন ধঁপাত (এছ এম টি)ৰ অধিক প্ৰাদুৰ্ভাৱ জনস্বাস্থ্যৰ বাবে চিন্তাৰ বিষয় বুলিও উল্লেখ কৰে। কেৱল ভাৰততে ২০১৯ চনত বিশ্বত ওঁঠ আৰু মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা আৰু নতুনকৈ আক্ৰান্তৰ সংখ্যা ক্ৰমে ৩২.৯ শতাংশ আৰু ২৮.১ শতাংশ।

গৱেষণাৰ দ্বাৰা মুখৰ কৰ্কট ৰোগীৰ ৫০ শতাংশতকৈ অধিক লোকৰ বাবে ধোঁৱাবিহীন ধঁপাতক দোষাৰোপ কৰা হৈছে।তেওঁলোকে ১৯৯০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত পাঁচ বছৰৰ তলৰ শিশুৰ লুকেমিয়াৰ দৰে কেন্সাৰৰ বোজা হ্ৰাস পোৱা দেখা গৈছে যদিও একে সময়তে প্ৰষ্টেট, পেনক্ৰিয়াটিক আৰু স্তন কেন্সাৰৰ দৰে কেন্সাৰ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক