--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ বিদেশী ন্যায়াধিকৰণে ২০১৯ চনত প্ৰকাশিত এন আৰ চিৰ ভিত্তিত ভাৰতীয় বুলি ঘোষণা কৰিলে এজনক।এটি বিশেষ গোচৰৰ ৰায়দান কৰি ন্যায়াধিকৰণ আদালতে ২০১৯ চনৰ এন আৰ চিক চূড়ান্ত বুলি মন্তব্য আগবঢ়ায়।

উল্লেখ্য যে ২০১৯ ৰ আগষ্ট মাহত প্ৰকাশ পাইছিল অসমৰ নাগৰিকপঞ্জী।কিন্তু বৰ্তমানলৈ এন আৰ চি সন্দৰ্ভত অধিসূচনা জাৰি কৰা নাই মহাপঞ্জীয়কে। ২০০৮ চনত পাথাৰকাণ্ডিৰ বিক্ৰম সিঙৰ বিৰুদ্ধে গোচৰ তৰিছিল সীমান্ত আৰক্ষীয়ে। কিন্তু অধিসূচনাৰ পূৰ্বেই এন আৰ চিৰ ভিত্তিত পাথাৰকাণ্ডিৰ বিক্ৰম সিঙক ভাৰতীয় বুলি বিদেশী ন্যায়াধিকৰণে ঘোষণা আগবঢ়ায়। লগে লগে সৃষ্টি হয় ৰাজ্যজোৰা চাঞ্চল্যৰ।সিঙক ভাৰতৱৰ্ষৰ নাগৰিক বুলি সিদ্ধান্ত আগবঢ়োৱাৰ পৰত বিদেশী ন্যায়াধিকৰণে কয় যে যদিও এতিয়ালৈকে পৰিচয় পত্ৰ সমূহ প্ৰকাশ কৰা নাই তথাপি “এই কথাত কোনো সন্দেহ নাই যে ২০১৯ চনত প্ৰকাশিত এন আৰ চি খনেই চূড়ান্ত এন আৰ চি”।


ন্যায়াধিকৰণৰ সদস্য শিশিৰ দেই কয় যে “ ইয়াৰ আইনী নায্যতা এতিয়াও অক্ষুণ্ণ আছে আৰু চূড়ান্ত এন এন আৰ চি ত নামভুক্ত লোকসকলে এতিয়াও ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ পবলৈ বাকী আছে”।
উল্লেখ্য যে ২০০৮ চনৰ মে’ মাহত অসম আৰক্ষীৰ সীমান্ত শাখাই বিক্ৰম সিংহৰ বিৰুদ্ধে ডি ভোটাৰ সংক্ৰান্তীয় এটি গোচৰ ৰুজু কৰে। সিংহই ন্যায়াধিকৰণ অদালতত তেওঁৰ ককাক মদন কুমাৰ সিংহৰ ১৯৬৮ চনৰ ভূমি পট্টাৰ নথি পত্ৰ দাখিল কৰে। তেওঁৰ পিতৃ ভাৰত চন্দ্ৰ সিংহ ১৯৭২ চনৰ পৰা ২৯ বছৰ ধৰি ভাৰতীয় বায়ু সেনাৰ কৰ্মী আছিল বুলিও আদালতত তথ্য দাখিল কৰে সিংহই।


গোচৰীয়া পক্ষৰ অধিবক্তা শংকৰ চক্ৰৱৰ্তীয়ে দাবী কৰে যে সিংহৰ হাতত তেওঁৰ পৰিয়াল ১৯৬৬ চনৰ পূৰ্বৰ পৰাই ভাৰতৰ বাসিন্দা বুলি প্ৰমাণ কৰিব পৰাকৈ কোনো তথ্য নাছিল।
ইফালে অভিযুক্তৰ পক্ষৰ অধিবক্তা মঞ্জৰী দাসে কয় যে অসমৰ চূড়ান্ত এন আৰ চি খন উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু পৰ্যবেক্ষণৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল আৰু সেয়ে ইয়াৰ চূড়ান্ত আৰু আইনী স্থিতি সম্পৰ্কে কাৰো সন্দেহ থাকিব নালাগে।
বিদেশী ন্যায়াধিকৰণে কয়,“ তেওঁৰ পৰিয়ালৰ অন্য সদস্যসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাটোৱেই তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব সম্পৰ্কে যথোচিত প্ৰমাণ”।
যি নহওঁক, বিদেশী ন্যায়াধিকৰণৰ এই স্থিতিয়েই এতিয়া বিভিন্ন মহলত বিশেষ চৰ্চা লাভ কৰিছে।আজি এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক তাৎৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে এন আৰ চিৰ পুনৰীক্ষণ হ’ব লাগে বুলি কৰা দাবী সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত কোনো মত পাৰ্থক্য নাই।কিন্তু যিহেতু উচ্চতম ন্যায়লয়ে ইয়াক চূড়ান্ত বুলি ৰায়দান কৰিছে সেয়ে এই সন্দৰ্ভত কিবা সিদ্ধান্ত ল’বলৈ হ’লে উচ্চতম ন্যায়ালয়ৰ মজিয়াতহে ল’ব পৰা যাব। এই ক্ষেত্ৰত চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement