--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ বিদেশী ন্যায়াধিকৰণে ২০১৯ চনত প্ৰকাশিত এন আৰ চিৰ ভিত্তিত ভাৰতীয় বুলি ঘোষণা কৰিলে এজনক।এটি বিশেষ গোচৰৰ ৰায়দান কৰি ন্যায়াধিকৰণ আদালতে ২০১৯ চনৰ এন আৰ চিক চূড়ান্ত বুলি মন্তব্য আগবঢ়ায়।

উল্লেখ্য যে ২০১৯ ৰ আগষ্ট মাহত প্ৰকাশ পাইছিল অসমৰ নাগৰিকপঞ্জী।কিন্তু বৰ্তমানলৈ এন আৰ চি সন্দৰ্ভত অধিসূচনা জাৰি কৰা নাই মহাপঞ্জীয়কে। ২০০৮ চনত পাথাৰকাণ্ডিৰ বিক্ৰম সিঙৰ বিৰুদ্ধে গোচৰ তৰিছিল সীমান্ত আৰক্ষীয়ে। কিন্তু অধিসূচনাৰ পূৰ্বেই এন আৰ চিৰ ভিত্তিত পাথাৰকাণ্ডিৰ বিক্ৰম সিঙক ভাৰতীয় বুলি বিদেশী ন্যায়াধিকৰণে ঘোষণা আগবঢ়ায়। লগে লগে সৃষ্টি হয় ৰাজ্যজোৰা চাঞ্চল্যৰ।সিঙক ভাৰতৱৰ্ষৰ নাগৰিক বুলি সিদ্ধান্ত আগবঢ়োৱাৰ পৰত বিদেশী ন্যায়াধিকৰণে কয় যে যদিও এতিয়ালৈকে পৰিচয় পত্ৰ সমূহ প্ৰকাশ কৰা নাই তথাপি “এই কথাত কোনো সন্দেহ নাই যে ২০১৯ চনত প্ৰকাশিত এন আৰ চি খনেই চূড়ান্ত এন আৰ চি”।


ন্যায়াধিকৰণৰ সদস্য শিশিৰ দেই কয় যে “ ইয়াৰ আইনী নায্যতা এতিয়াও অক্ষুণ্ণ আছে আৰু চূড়ান্ত এন এন আৰ চি ত নামভুক্ত লোকসকলে এতিয়াও ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ পবলৈ বাকী আছে”।
উল্লেখ্য যে ২০০৮ চনৰ মে’ মাহত অসম আৰক্ষীৰ সীমান্ত শাখাই বিক্ৰম সিংহৰ বিৰুদ্ধে ডি ভোটাৰ সংক্ৰান্তীয় এটি গোচৰ ৰুজু কৰে। সিংহই ন্যায়াধিকৰণ অদালতত তেওঁৰ ককাক মদন কুমাৰ সিংহৰ ১৯৬৮ চনৰ ভূমি পট্টাৰ নথি পত্ৰ দাখিল কৰে। তেওঁৰ পিতৃ ভাৰত চন্দ্ৰ সিংহ ১৯৭২ চনৰ পৰা ২৯ বছৰ ধৰি ভাৰতীয় বায়ু সেনাৰ কৰ্মী আছিল বুলিও আদালতত তথ্য দাখিল কৰে সিংহই।


গোচৰীয়া পক্ষৰ অধিবক্তা শংকৰ চক্ৰৱৰ্তীয়ে দাবী কৰে যে সিংহৰ হাতত তেওঁৰ পৰিয়াল ১৯৬৬ চনৰ পূৰ্বৰ পৰাই ভাৰতৰ বাসিন্দা বুলি প্ৰমাণ কৰিব পৰাকৈ কোনো তথ্য নাছিল।
ইফালে অভিযুক্তৰ পক্ষৰ অধিবক্তা মঞ্জৰী দাসে কয় যে অসমৰ চূড়ান্ত এন আৰ চি খন উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু পৰ্যবেক্ষণৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল আৰু সেয়ে ইয়াৰ চূড়ান্ত আৰু আইনী স্থিতি সম্পৰ্কে কাৰো সন্দেহ থাকিব নালাগে।
বিদেশী ন্যায়াধিকৰণে কয়,“ তেওঁৰ পৰিয়ালৰ অন্য সদস্যসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাটোৱেই তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব সম্পৰ্কে যথোচিত প্ৰমাণ”।
যি নহওঁক, বিদেশী ন্যায়াধিকৰণৰ এই স্থিতিয়েই এতিয়া বিভিন্ন মহলত বিশেষ চৰ্চা লাভ কৰিছে।আজি এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক তাৎৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে এন আৰ চিৰ পুনৰীক্ষণ হ’ব লাগে বুলি কৰা দাবী সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত কোনো মত পাৰ্থক্য নাই।কিন্তু যিহেতু উচ্চতম ন্যায়লয়ে ইয়াক চূড়ান্ত বুলি ৰায়দান কৰিছে সেয়ে এই সন্দৰ্ভত কিবা সিদ্ধান্ত ল’বলৈ হ’লে উচ্চতম ন্যায়ালয়ৰ মজিয়াতহে ল’ব পৰা যাব। এই ক্ষেত্ৰত চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু