--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

জলবায়ু পৰিৱৰ্তন তথা নিৰ্বননীকৰণক লৈ বৰ্তমান সমগ্ৰ বিশ্ব উদ্বেগত ভূগি আছে৷ অথচ অধিকাংশ লোক এই ক্ষেত্ৰত সচেতন নোহোৱাৰ বাবে দিনক দিনে অৱনতি ঘটিছে আমাৰ চৌপাশৰ৷
এনে সময়তে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে ২০২২ চনৰ গ্লোবেল ফৰেষ্ট ৱাচ প্ৰতিবেদনৰ উদ্ধৃতি দি প্ৰকাশ কৰিলে এক ভয়ংকৰ তথ্য৷ এই তথ্য অনুসৰি ২০০১ চনৰ পৰা ২০২১ চনলৈ অসমে প্ৰায় ২৮৭ হাজাৰ হেক্টৰ গছৰ আৱৰণ এলেকা হেৰুৱাইছে৷

পৰিৱেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্টছ ৰিপ'ৰ্ট মতে  উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে ২০১৯-২০২১ বৰ্ষত ১,০২০ বৰ্গ কিলোমিটাৰ বনাঞ্চল হেৰুৱাইছে।  আকাৰৰ হিচাপত এইয়া প্ৰায় দিল্লীৰ সমান। 

ইণ্ডিয়ান ইনষ্টিটিউট অৱ ৰিম'ট চেঞ্চিং-ৰ দ্বাৰা কৰা শেহতীয়া অধ্যয়ন অনুসৰি, ২০২৮  চনৰ ভিতৰত, অসম আৰু অৰুণাচল প্ৰদেশৰ অঞ্চলবোৰৰ বনাঞ্চল ৯,০০৭.১৪ বৰ্গ কিমি হ্ৰাস হ'ব।

অসমৰ বনভূমিৰ তিনি লাখ হেক্টৰ (৩,৭০০ বৰ্গ কিলোমিটাৰ)তকৈও অধিক৷  কিন্তু  ৰাজ্যখনৰ মুঠ বনাঞ্চলৰ ১৩% তকৈও অধিক অংশ বেদখলকাৰীৰ  অধীনত আছে বুলি কেন্দ্ৰই এই বছৰৰ আগষ্টৰ আৰম্ভণিতে লোকসভাক জনায়।

দেখা যায় যে ,বহু  পুৰণি মূল্যৱান গছ পথ, উৰণীয়া সেঁতু, ঘাইপথ আৰু দলং নিৰ্মাণ প্ৰকল্পত হেৰুৱাইছো। লগতে সম্পূৰ্ণ হ’বলৈ বাকী থকা  আন্তঃগাঁথনিৰ ফলতো  বনাঞ্চল হ্ৰাস হ’ব৷  গতিকে অসমৰ প্ৰেক্ষাপটত  বনধ্বংস এক চিন্তাৰ বিষয়।লগতে কাঠৰ চোৰাং ব্যৱসায়েও অসমত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিব৷

বনাঞ্চল নৱীকৰণৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে যদিও   ২০০১ চনৰ পৰা ২০২১ চনলৈ, অসমে ২৮৭ হাজাৰ হেক্টৰ গছৰ বনাঞ্চল হেৰুৱাইছে৷ লগতে  ১২৮ মেট্ৰিক টন কাৰ্বন-ড্ৰাই -অক্সাইডৰ  নিৰ্গমন হৈছে৷ অতি সোনকালে চৰকাৰ তথা নাগৰিক এই ক্ষেত্ৰত সচেতন নহ’লে এক ভয়ংকৰ ভৱিষ্যতলৈ গতি কৰিব অসমে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু