--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে সাধাৰণ জনতাৰ পৰিৱৰ্তে পুঁজিপতি ব্যৱসায়ীৰ লাভৰ বাবেহে নীতি নিৰ্ধাৰণ কৰে বুলি দেশৰ বিৰোধী দলসমূহে ক্ষুৰধাৰ সমালোচনা কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হৈ আহিছে দেশৰ সাধাৰণ জনগণো। পিছে বিজেপি চৰকাৰৰ এই আম্বানী-আদানি প্ৰীতিৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছে দলটোৰে এগৰাকী প্ৰাক্তন নেতা। কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ কৃষকসকলক উপেক্ষা কৰি মুকেশ আম্বানী আৰু গৌতম আদানিৰ দৰে উদ্যোগপতিৰ পক্ষ লৈছে বুলি অভিযোগ কৰিছে দলৰ প্ৰাক্তন নেতা তথা বৰ্তমানৰ মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে। 

অৱশ্যে মালিকৰ এই চৰকাৰ বিৰোধী স্থিতি কোনো নতুন কথা নহয়, কৃষকৰ সমস্যাৰ লগতে অন্যান্য প্ৰাসংগিক বিষয়তো বিগত কেইটামান বৰ্ষৰ পৰা ধাৰাবাহিক মোদী চৰকাৰক আক্ৰমণ কৰি আহিছে মেঘালয়ৰ ৰাজ্যপালগৰাকীয়ে।এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে মুকলি ভাবুকি সৃষ্টি কৰি মালিকে দেশৰ কৃষকসকলক একত্ৰিত হৈ নিম্নতম সমৰ্থন মূল্য (MSP)ৰ ওপৰত আইনী গেৰাণ্টিৰ বাবে আন এক যুঁজ গঢ়ি তুলিবলৈ আহ্বান জনাইছে।

মোদী চৰকাৰৰ কৃষকবিৰোধী স্থিতিক তীব্ৰ আক্ৰমণ কৰি মালিকে অভিযোগ কৰে যে মোদী চৰকাৰে কৃষকসকলক উপেক্ষা কৰি আহিছে আৰু কৃষক আন্দোলনৰ সময়ত নিম্নতম সমৰ্থন মূল্যৰ ওপৰত যি আইনী গেৰাণ্টিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেয়া পূৰণ কৰা নাই। কৃষকসকলৰ এই নায্য দাবীৰ যুঁজলৈ সমৰ্থন আগবঢ়াব বুলি মুকলিকৈ ঘোষণা কৰি মালিকে লগতে কৃষকৰ কল্যাণৰ বাবে প্ৰয়োজন হ’লে ৰাজ্যপালৰ পদৰ পৰা পদত্যাগ কৰিব বুলিও কথা দিয়ে।

আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰসংগত মালিকে কয় যে মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজ্যৰ কৃষক আৰু যুৱকসকলৰ বাবে থকা মনোভাৱৰ বাবে  মোদীক তেওঁ প্ৰশংসা কৰিছিল। কিন্তু দিল্লীৰ শাসনত অধিষ্ঠিত হোৱাৰ পিছতে তেওঁৰ এই আচৰণ সলনি হৈছে বুলি ক্ষোভ উজাৰে মালিকে। এক অনুষ্ঠানত বক্তব্য ৰাখি মালিকে কালি কয় যে ব্যক্তি হিচাপে মোদী এগৰাকী সঠিক ব্যক্তি যদিও তেওঁ ভুল স্থানত আছে। এই মুহূৰ্তত মোদী কৃষকসমাজৰ সৈতে নাই বুলি অভিযোগ কৰি তেওঁ শীঘ্ৰেই মোদীক লগ কৰি কৃষক আৰু যুৱ প্ৰজন্মৰ বিষয়ে চিন্তা কৰিবলৈ অনুৰোধ জনাব বুলি মালিকে উল্লেখ কৰে।

ইফালে আদানি আৰু আম্বানীক "পচা আলু" বুলি অভিহিত কৰি মালিকে বিজেপিৰ শাসনকালত আদানি বিশ্বৰ তৃতীয় ধনী ব্যক্তি হৈ পৰাৰ পাছতো এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু আয়কৰ বিভাগে তেওঁৰ ওপৰত কিয় কোনো অভিযান চলোৱা নাই বুলিও প্ৰশ্ন কৰে মালিকে। দেশৰ কেইবাটাও বেংকৰ পৰা আদানিয়ে ঋণ গ্ৰহণ কৰিছে আৰু যদি এই ঋণ পৰিশোধত আদানি বিফল হয়, তেতিয়া দেশৰ এই বেংক খণ্ড ধ্বংস হৈ পৰিব বুলি মালিকে লগতে সকীয়াই দিয়ে। তদুপৰি মোদী চৰকাৰে ৭ টা বিমানবন্দৰ আদানিক বিক্ৰী কৰিছে বুলি অভিযোগ কৰি এজন ব্যক্তিৰ প্ৰতি কিয় পক্ষপাতী হৈ পৰিছে বুলি চৰকাৰক জবাবদিহি কৰিছে মালিকে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি হোৱা কৃষক আন্দোলনৰ সময়ত মালিকে মুকলিকৈ প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছিল আৰু মোদী চৰকাৰক কৃষি আইন বাতিল কৰিবলৈ দাবী জনাই তীব্ৰ আক্ৰমণ কৰিছিল। তাৰ পাছৰ পৰাই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ বয়োজেষ্ঠ নেতাগৰাকী। দেশৰ কৃষকসকলক জোকাই লোৱাৰ পৰিণাম ভয়াৱহ হ’ব বুলিও মালিকে চৰকাৰক সকীয়াই দিছিল। 

কিছুদিন পূৰ্বে কৃষকসকলে পুনৰ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ সময়তো মালিকে চৰকাৰক সকিয়নী দি যদি চৰকাৰে এই আন্দোলন সমাপ্ত হৈছে বুলি ভাবিছে, এয়া শুদ্ধ নহয় বুলি উল্লেখ কৰিছিল। যদি কৃষকসকলৰ ওপৰত অন্যায় বা অত্যাচাৰ কৰা হয়, তেন্তে ই পুনৰ আৰম্ভ হ’ব বুলি কেন্দ্ৰীয় চৰকাৰক সাৱধানবাণী শুনাইছিল মালিকে। লগতে পৰিস্থিতি যিয়েই নহওঁক, তেওঁ কৃষকসকলৰ সৈতেই থাকিব বুলি স্পষ্ট কৰি দিছিল জেষ্ঠ নেতাগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ