--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ সংস্থা ‘নাছা’৷ নাছা কি হয়, তাক পুনৰ বহলাই কোৱা হয়তো প্ৰয়োজন নাই! মহাকাশৰ ভিন্ন কথা আলোচনা কৰোঁতে সঘনাই শুনা এটা শব্দ হ’ল ‘নাছা’। মহাকাশৰ ভিন্ন গ্রহ-উপগ্রহবোৰে মানুহৰ মনত আলোড়নৰ সৃষ্টি কৰে, সেয়েহে এই সপোন যেন লগা কথাবোৰ জনমানসত প্রচাৰ তথা প্রসাৰ কৰাৰ উদ্দেশ্যেই নাছাৰ জন্ম বুলি ক’ব পাৰি৷ কেৱল বিজ্ঞানৰ জয়গান গোৱা নাছাই যদি ধৰ্মীয় কথাত গুৰুত্ব দিয়ে বুলি ক’লে, নিশ্চয়কৈ আপোনাৰ শুনিবলৈ আচহুৱা লাগিব৷

শেহতীয়াকৈ এলিয়েনৰ ৰহস্যভেদ কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থাত ইতিমধ্যে পুৰোহিতৰ সন্ধান আৰম্ভ হৈছে। এইটো এটা কাহিনী যেন লাগিলেও, এয়াই সত্য।

এতিয়া প্ৰশ্ন হৈছে, এলিয়েনবিলাক বিচাৰিবলৈ নাছাত কিয় পুৰোহিতৰ প্ৰয়োজন আছে? খবৰ অনুসৰি নাছাত ২৪জন পুৰোহিত বা ধৰ্মতত্ত্ববিদ আছে। নাছাৰ পুৰোহিত কেমব্ৰিজৰ বিশ্ব পণ্ডিত ৰেভাৰেণ্ড ড০ এণ্ড্ৰিউ ডেভিছনৰ নিযুক্তিৰ সৈতে জড়িত। তেওঁ এষ্ট্ৰোবায়’ল’জী আৰু খ্ৰীষ্টান ডক্টৰিন নামৰ এখন বিখ্যাত কিতাপও লিখিছে৷ ড০ এণ্ড্ৰিউ ডেভিচনে ভাবে যে মানুহে যিকোনো সময়তে এলিয়েনক লগ পাব পাৰে। সেইকাৰণে আমি ভৱিষ্যতৰ বাবে সাজু থাকিব লাগিব। খবৰ অনুসৰি নাছাই ২৪ জন পুৰোহিত বা ধৰ্মতত্ত্ববিদৰ পৰা জানিবলৈ চেষ্টা কৰিব, এলিয়েনৰ বিষয়ে বিভিন্ন ধৰ্মৰ ধাৰণা কি? বিভিন্ন ধৰ্মই পৃথিৱীৰ বাহিৰৰ জীৱ-জন্তুক কেনেদৃষ্টিৰে চায়?

গতিকে এনে এক ধৰ্মীয় দৃষ্টিকোণৰ পৰা বিষয়টো বিচাৰ কৰি চোৱাৰ অৱকাশ বিচাৰিছে নাছাই। ধৰ্মবিদ ডেভিচনে উল্লেখ কৰে যে তেওঁৰ বিশ্বাস পৃথিৱীৰ বাহিৰত জীৱন বিচাৰি পোৱাৰ সম্ভাৱনা অধিক হৈ আহিছে। তেওঁ এই প্ৰশ্নও উত্থাপন কৰিছে যে ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইত জীৱন গঢ়িছে নেকি? যদি গঢ়িছে তেন্তে ধৰ্মৰ মৌলিক তত্ত্বক ই সলনি কৰিব পাৰে নেকি? এলিয়েনৰ আৱিষ্কাৰে পৃথিৱীৰ ধৰ্মীয় বিশ্বাসক কিদৰে প্ৰভাৱিত কৰিব?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ