--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ সংস্থা ‘নাছা’৷ নাছা কি হয়, তাক পুনৰ বহলাই কোৱা হয়তো প্ৰয়োজন নাই! মহাকাশৰ ভিন্ন কথা আলোচনা কৰোঁতে সঘনাই শুনা এটা শব্দ হ’ল ‘নাছা’। মহাকাশৰ ভিন্ন গ্রহ-উপগ্রহবোৰে মানুহৰ মনত আলোড়নৰ সৃষ্টি কৰে, সেয়েহে এই সপোন যেন লগা কথাবোৰ জনমানসত প্রচাৰ তথা প্রসাৰ কৰাৰ উদ্দেশ্যেই নাছাৰ জন্ম বুলি ক’ব পাৰি৷ কেৱল বিজ্ঞানৰ জয়গান গোৱা নাছাই যদি ধৰ্মীয় কথাত গুৰুত্ব দিয়ে বুলি ক’লে, নিশ্চয়কৈ আপোনাৰ শুনিবলৈ আচহুৱা লাগিব৷

শেহতীয়াকৈ এলিয়েনৰ ৰহস্যভেদ কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থাত ইতিমধ্যে পুৰোহিতৰ সন্ধান আৰম্ভ হৈছে। এইটো এটা কাহিনী যেন লাগিলেও, এয়াই সত্য।

এতিয়া প্ৰশ্ন হৈছে, এলিয়েনবিলাক বিচাৰিবলৈ নাছাত কিয় পুৰোহিতৰ প্ৰয়োজন আছে? খবৰ অনুসৰি নাছাত ২৪জন পুৰোহিত বা ধৰ্মতত্ত্ববিদ আছে। নাছাৰ পুৰোহিত কেমব্ৰিজৰ বিশ্ব পণ্ডিত ৰেভাৰেণ্ড ড০ এণ্ড্ৰিউ ডেভিছনৰ নিযুক্তিৰ সৈতে জড়িত। তেওঁ এষ্ট্ৰোবায়’ল’জী আৰু খ্ৰীষ্টান ডক্টৰিন নামৰ এখন বিখ্যাত কিতাপও লিখিছে৷ ড০ এণ্ড্ৰিউ ডেভিচনে ভাবে যে মানুহে যিকোনো সময়তে এলিয়েনক লগ পাব পাৰে। সেইকাৰণে আমি ভৱিষ্যতৰ বাবে সাজু থাকিব লাগিব। খবৰ অনুসৰি নাছাই ২৪ জন পুৰোহিত বা ধৰ্মতত্ত্ববিদৰ পৰা জানিবলৈ চেষ্টা কৰিব, এলিয়েনৰ বিষয়ে বিভিন্ন ধৰ্মৰ ধাৰণা কি? বিভিন্ন ধৰ্মই পৃথিৱীৰ বাহিৰৰ জীৱ-জন্তুক কেনেদৃষ্টিৰে চায়?

গতিকে এনে এক ধৰ্মীয় দৃষ্টিকোণৰ পৰা বিষয়টো বিচাৰ কৰি চোৱাৰ অৱকাশ বিচাৰিছে নাছাই। ধৰ্মবিদ ডেভিচনে উল্লেখ কৰে যে তেওঁৰ বিশ্বাস পৃথিৱীৰ বাহিৰত জীৱন বিচাৰি পোৱাৰ সম্ভাৱনা অধিক হৈ আহিছে। তেওঁ এই প্ৰশ্নও উত্থাপন কৰিছে যে ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইত জীৱন গঢ়িছে নেকি? যদি গঢ়িছে তেন্তে ধৰ্মৰ মৌলিক তত্ত্বক ই সলনি কৰিব পাৰে নেকি? এলিয়েনৰ আৱিষ্কাৰে পৃথিৱীৰ ধৰ্মীয় বিশ্বাসক কিদৰে প্ৰভাৱিত কৰিব?


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু