--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০২৩ চনত বিশ্বক বহুকেইটা প্ৰাকৃতিক দুৰ্যোগে জোকাৰি থৈ গ’ল। ধাৰাবাহিকভাৱে হোৱা বিপৰ্যয়জনক প্ৰাকৃতিক দুৰ্যোগৰ সাক্ষী হৈছিল বিশ্ববাসী। ই গভীৰ প্ৰভাৱ পেলাইছিল। মেক্সিকোৰ উপকূলত আঘাত হানি অহা শক্তিশালী হাৰিকেন অটিছৰ পৰা আৰম্ভ কৰি চীনে অদম্য বাৰিষাৰ সৈতে যুঁজি থকা আৰু লিবিয়াই বিধ্বংসী বানপানীৰ সন্মুখীন হোৱালৈকে বছৰটো অপৰিসীম প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈ যায়।

২০২৩ চনৰ কেইটামান উল্লেখযোগ্য প্ৰাকৃতিক দুৰ্যোগ

১) তুৰস্ক-চিৰিয়া ভূমিকম্প: ৬ ফেব্ৰুৱাৰীত দক্ষিণ তুৰস্কত ৭.৮ ৰিখটাৰ স্কেলৰ ডাঙৰ ভূমিকম্প হৈছিল। ৯ ঘণ্টাৰ পাছত একে ঠাইতে আন এক ৭.৫ ৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়। বিশ বছৰৰো অধিক সময়ৰ ভিতৰত এয়া আছিল আটাইতকৈ শক্তিশালী ভূমিকম্প। তুৰস্কত এই ভূমিকম্পৰ ফলত ৫০৭৮৩ জন মানুহ মৃত্যুমুখত পৰা লগতে ছিৰিয়াত ৮৪৭৬ জন মানুহ মৃত্যুমুখত পৰে। 
তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানে কয় যে এই ভূমিকম্পৰ ফলত দেশখনে ১০৩.৬ বিলিয়ন ডলাৰৰ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হয়। এই ভূমিকম্পত তুৰস্কৰ ১০খন চহৰ ধ্বংস হোৱাৰ লগতে ১১ হাজাৰৰো অধিক সৰু-ডাঙৰ অট্টালিকা মাটিত মিলি যায়।

২) চীনৰ বানপানীঃ জুলাইৰ শেষৰ ফালে উত্তৰ-পূব চীনত ডকছুৰী আমফানৰ বাবে তীব্ৰ বৰষুণ আৰু বানপানীৰ সৃষ্টি হৈছিল, যাৰ ফলত বেইজিঙত ঐতিহাসিক বৰষুণ হৈছিল – মাত্ৰ ৮৩ ঘণ্টাত ইয়াৰ বাৰ্ষিক বৰষুণৰ ৬০% অতিক্ৰম কৰিছিল। আগষ্ট মাহত চীনে তীব্ৰতৰ বাৰিষা আৰু একেৰাহে আমফানৰ সৈতে যুঁজিছিল, ২ ছেপ্টেম্বৰত দক্ষিণ চীনত আমফানে আঘাত কৰিছিল। এইবোৰৰ বাবে ৮ লাখ ৮০ হাজাৰতকৈ অধিক ব্যক্তিক ঘৰ খালী কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল। ইয়াৰ ফলত কমেও ২৯ জন লোকৰ মৃত্যু হয় আৰু কোটি কোটি টকাৰ অৰ্থনৈতিক লোকচান হয়। চৰকাৰী সংবাদ সংস্থা ‘চিনহুয়া’ৰ খবৰ অনুসৰি ভয়াৱহ বানপানীৰ ফলত হোৱা ক্ষতিৰ পিছত প্ৰদেশখনৰ পুনৰ নিৰ্মাণৰ কামত প্ৰায় দুবছৰ সময় লাগিব পাৰে।

৩) মৰক্কো ভূমিকম্পঃ ৮ ছেপ্টেম্বৰত মৰক্কোত ৬.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল মাৰাকেচৰ ওচৰৰ এটলাছ পৰ্বতমালা। ১৮.৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হোৱা এই ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল, অসংখ্য লোক আহত হৈছিল আৰু ব্যাপক ধ্বংসলীলা হৈছিল। মৰক্কোৰ স্বৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ভূমিকম্পত ২৯০০ লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ২০৫৯ জন লোক আহত হয়। ছেপ্টেম্বৰ মাহত মৰক্কোত সংঘটিত হোৱা ৬.৮ প্ৰাবল্যৰ ভূমিকম্প যোৱা ১২০ বছৰৰ ভিতৰত দেশখনত হোৱা আটাইতকৈ ভয়াৱহ ভূমিকম্প।

৪) লিবিয়া বানপানীঃ ছেপ্টেম্বৰৰ সপ্তাহৰ শেষৰ ফালে ভূমধ্যসাগৰীয় ধুমুহা ডেনিয়েলৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হয় পূব লিবিয়া। ইয়াৰ ফলত বিধ্বংসী বানপানীয়ে বান্ধ ভাঙি কেইবাখনো উপকূলীয় চহৰত সমগ্ৰ চুবুৰীবোৰ নিঃশেষ কৰি পেলায়। ইয়াৰ পিছতে ৪৩০০ৰো অধিক লোকৰ প্ৰাণহানি হয়। ২০২৩ চনৰ ১০ ছেপ্টেম্বৰত লিবিয়াত হাৰিকেন ডেনিয়েলে স্থলভাগত প্ৰৱেশ কৰে। ইয়াৰ ফলত প্ৰচণ্ড বতাহ আৰু হঠাতে ধাৰাসাৰ বৰষুণ হয়। ভূমধ্য সাগৰৰ পৰা উৎপত্তি হোৱা ধুমুহা ‘ডেনিয়েল’ৰ ফলত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ডেৰ্নাৰ দুটা মথাউৰি ভাঙি গৈছিল। লিবিয়াৰ ৰেড ক্ৰীচেণ্টৰ তথ্য অনুসৰি ডেৰ্নাত ১১,৩০০ লোক নিহত হোৱাৰ লগতে ১০,০০০ৰো অধিক লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। এই ধুমুহাত দেশৰ আন আন প্ৰান্ততো প্ৰায় ১৭০ জন লোকৰ মৃত্যু হয়।ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাৰ তথ্য অনুসৰি ডেৰ্নাত কমেও ৩০ হাজাৰ লোকক গৃহহীন হোৱাৰ লগতে আন চহৰতো কেইবা হাজাৰ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হয়।

৫) হিমাচলৰ ধাৰাষাৰ বৰষুণঃ হিমাচল প্ৰদেশে ভয়াৱহ বতৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হৈছিল। ইয়াৰ ফলত ধ্বংসাত্মক ভূমিস্খলন, ব্যাপক ক্ষতি আৰু অসংখ্য অট্টালিকা ভাঙি পৰিছিল। পাহাৰীয়া ৰাজ্যখনে দুমাহৰ কঠিন সময়ৰ সন্মুখীন হৈছিল। ২০২৩ চনৰ জুলাই-আগষ্ট মাহত হিমাচল প্ৰদেশত ইমানেই ধাৰাসাৰ বৰষুণ হৈছিল যে ৰাজ্যখনত ধাৰাবাহিকভাৱে ভয়াৱহ ধ্বংসলীলা আৰম্ভ হৈছিল যিটো ৰাজ্যৰ সমগ্ৰ ইতিহাসত ৰাজ্যবাসীয়ে দেখা নাছিল। এক হিচাপ অনুসৰি ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ ফলত ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ ফলত ৫০০ৰো অধিক লোকে প্ৰাণ হেৰুৱালে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ লোকচান হৈছে প্ৰায় ১২ হাজাৰ কোটি টকা। জুলাই মাহত যেতিয়া হিমাচল প্ৰদেশত ধাৰাবাহিকভাৱে বৰষুণ, বানপানী আৰু ভূমিস্খলন আৰম্ভ হৈছিল, তেতিয়া প্ৰায় ৭০ হাজাৰ পৰ্যটকে মানালীলৈ ফুৰবিলৈ আহিছিল। ই আছিল হিমাচল প্ৰদেশৰ বাৰিষাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডী। 

৬) মেক্সিকোৰ অটিছ ঘূৰ্ণীবতাহঃ ২০২৩ চনৰ অক্টোবৰ মাহত মেক্সিকোৰ দক্ষিণ প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চলত ‘অটিছ’ ঘূৰ্ণীবতাহৰ ফলত কমেও ৪৮ জন লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰে অধিকাংশৰে মৃত্যু হৈছিল আকাপুলকো চহৰত। এই ধুমুহাত সকলোতে কেৱল ধ্বংসৰ দৃশ্য আছিল।  ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ২৬৬ কিলোমিটাৰ আছিল আৰু ঘূৰ্ণীবতাহৰ পৰা সুৰক্ষাৰ বাবে সাজু হ’বলৈ মানুহৰ হাতত আছিল অতি কম সময়। বিশ্ব বতৰ বিজ্ঞান সংস্থাই এই ধুমুহাক আধুনিক যুগত “ৰেকৰ্ডৰ ভিতৰত আটাইতকৈ দ্ৰুতগতিত তীব্ৰতৰ হোৱা গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহৰ ভিতৰত অন্যতম” বুলি লিপিবদ্ধ কৰিছিল, ২০১৫ চনত ইয়াক অতিক্ৰম কৰিছিল কেৱল প্ৰশান্ত মহাসাগৰীয় আন এটা হাৰিকেন পেট্ৰিচিয়াই।

৭) হৰ্ণ অৱ আফ্ৰিকাৰ বানপানীঃ হৰ্ণ অৱ আফ্ৰিকা অঞ্চলৰ প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানপানীৰ ফলত ছোমালিয়া, কেনিয়া আৰু ইথিওপিয়াত ১৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। অক্টোবৰ মাহত আৰম্ভ হোৱা বানপানীয়ে পূব আফ্ৰিকাত ৭ লাখতকৈ অধিক লোকক গৃহহীন কৰি পেলায়। বতৰৰ পৰিঘটনা আৰু গড় সাগৰ পৃষ্ঠৰ উষ্ণতাতকৈ অধিক উষ্ণতাৰ ফলত এই দেশসমূহত তীব্ৰ বৰষুণ আৰু পৰৱৰ্তী সময়ত বানপানীৰ সৃষ্টি হয়। ২০২০ চনৰ পৰা ২০২৩ চনলৈ অঞ্চলটোত ক্ষতিগ্ৰস্ত হোৱা বিগত ৪০ বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ খৰাং পৰিস্থিতিৰ পিছত এই বানপানীৰ সৃষ্টি হৈছে। ৱৰ্ল্ড ৱেদাৰ এট্ৰিবিউচনৰ এক অধ্যয়ন অনুসৰি এই দেশসমূহৰ প্ৰায় ২ কোটি লোক মানৱ প্ৰৰোচিত জলবায়ু পৰিৱৰ্তনৰ বাবে তীব্ৰ খাদ্য অসুৰক্ষিততাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

৮) হাৱাইৰ বনজুইঃ ২০২৩ চনৰ আগষ্ট মাহত আমেৰিকাৰ ইতিহাসত এশ বছৰতকৈও অধিক সময়ৰ ভিতৰত আটাইতকৈ ভয়াৱহ বন্য অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা আছিল প্ৰায় ১০০ জন। শতিকা পুৰণি লাহাইনা চহৰত অগ্নিকাণ্ড সংঘটিত হয় আৰু ইয়াৰ পিছত মহানগৰীৰ প্ৰায় প্ৰতিটো অট্টালিকা ধ্বংস হৈছে। গৱৰ্ণৰ গ্ৰীনে জনোৱা মতে, পশ্চিম মাউইত কমেও ২২০০টা অট্টালিকা ধ্বংস বা ক্ষতিগ্ৰস্ত হৈছে, ইয়াৰে ৮৬ শতাংশ আৱাসিক অট্টালিকা। তেওঁ কৈছিল যে বনজুইৰ ফলত প্ৰায় ৬ বিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান হৈছে।

৯) কানাডাৰ বনজুইঃ ২০২৩ চনৰ গ্রীষ্মকালত সমগ্ৰ কানাডাতে বন্য অগ্নিকাণ্ডৰ ফলত অভিলেখ ভংগকাৰী ১ কোটি ৮৪ লাখ হেক্টৰ ভূমি জ্বলিছিল৷ মে’, জুন, জুলাই আৰু আগষ্ট মাহত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত দেশৰ ৫০ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰা হৈছিল। কানাডাত বনজুইৰ ফলত ১৮.৪ নিযুত হেক্টৰ মাটি জ্বলিল। এই ধোঁৱাৰ ফলত কেৱল কানাডাৰ টৰন্টোৰ দৰে চহৰতে নহয়, নিউয়ৰ্কতো ভয়াৱহ বায়ু প্ৰদূষণ ঘটিছিল, যিয়ে জুইৰ বাবে ৫০ বছৰৰ ভিতৰত আটাইতকৈ বেয়া বায়ুৰ গুণাগুণৰ সন্মুখীন হৈছিল। বজ্ৰপাতৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছিল।

১০) বিপৰ্যয় ঘূৰ্ণীবতাহঃ চলিত বৰ্ষৰ জুন মাহৰ আৰম্ভণিতে গুজৰাটত বিধ্বংসী ঘূৰ্ণীবতাহ বিপৰ্যয়ে ধ্বংসলীলা চলায়। ই আছিল ১৯৭৭ চনৰ পিছত উত্তৰ ভাৰত মহাসাগৰৰ আটাইতকৈ দীৰ্ঘদিনীয়া সক্ৰিয় ঘূৰ্ণীবতাহৰ ধুমুহা। ভাৰত বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষত আৰব সাগৰত প্ৰথম ঘূৰ্ণীবতাহ ধুমুহা বিপৰ্যয় ৬ জুনত দক্ষিণ-পূব আৰব সাগৰৰ ওপৰত গঠন হৈছিল আৰু ১৫ জুনত সৌৰাষ্ট্ৰ আৰু কুচৰ ওপৰত স্থলভাগত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত ১৮ জুনত নিম্ন চাপৰ অঞ্চললৈ পৰিণত হৈ দুৰ্বল হৈ পৰে। আৰব সাগৰৰ বিপৰ্যয় ঘূৰ্ণীবতাহৰ প্ৰভাৱ ভাৰত আৰু পাকিস্তানত পৰা ফলত উপকূলীয় অঞ্চলৰ পৰা ১,৮০,০০০ৰো অধিক লোকৰ ঘৰ খালী কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ