--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰৰ ক্ষমতাত এতিয়া জেডিইউ-আৰজেডি নেতৃত্বাধীন মহাজোঁটৰ চৰকাৰ। বিজেপিৰ সংগ ত্যাগ কৰি নীতিশ কুমাৰে আৰজেডিকে ধৰি আন কিছু দলৰ সৈতে নতুনকৈ ‘মহাজোঁট চৰকাৰ’ গঠন কৰাৰ পিছতে ৰাজ্যখনৰ এই ৰাজনৈতিক দলসমূহৰ নেতা আৰু কৰ্মীসকল বিশেষভাৱে উৎসাহিত হৈ পৰিছে। সাধাৰণতেই আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ জনপ্ৰিয়তাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই। সহজ-সৰল প্ৰকাশভংগী আৰু খুহুতীয়া কথাৰ লালু যাদৱৰ জনপ্ৰিয়তা কেৱল বিহাৰতে নহয়, সমগ্ৰ দেশতে বিস্তৃত। ইফালে জেডিইউ মুৰব্বী নীতিশ কুমাৰো নিজৰ নিকা স্বভাৱৰ বাবে বিশেষভাৱে সমাদৃত। গতিকে বিহাৰ ৰাজনীতিৰ এই দুই পুৰোধা ৰাজনৈতিক নেতাৰ পুনৰ মিলনে স্বাভাৱিকতেই ৰাজ্যখনৰ জনসাধাৰণক আনন্দ দিছে। 

মহাজোঁট চৰকাৰ গঠনত বিশেষভাৱে আনন্দিত হৈ পৰিছে লালুৰ আৰজেডি দলৰ নেতা-কৰ্মীসকল। ৰাজ্যখনৰ বিগত বিধানসভা নিৰ্বাচনত আৰজেডিয়েই লাভ কৰিছিল সৰ্বাধিক আসন। কিন্তু তৎসত্বেও বিজেপি-জেডিইউৰ মিত্ৰতাৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাছিল আৰজেডি। গতিকে এতিয়া চৰকাৰৰ অংশীদাৰ হৈ পৰাত স্বাভাৱিকতেই উৎফুল্লিত দলটোৰ নেতা-কৰ্মী। বিহাৰৰ এই নৱগঠিত মহাজোঁট চৰকাৰলৈ ‘মহা সমৰ্থন’ আগবঢ়াই এক ব্যতিক্ৰমীভাৱে আনন্দ প্ৰকাশ কৰিছে আৰজেডিৰ এজন সমৰ্থকে। 

সাধাৰণতেই দেশত এতিয়া উচ্চ শিক্ষিত যুৱক-যুৱতীসকলেও স্বনিয়োজনৰ বাবে কিছু নতুন-নতুন ব্যৱসায়ত হাত দিছে। বিশেষকৈ ব্যৱসায়ৰ বাবে অত্যধিক মূলধন নথকা যুৱক-যুৱতীসকলে দেশত চাহৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি অভিনৱ নামেৰে চাহৰ দোকান খুলি ব্যৱসায়ত নামি পৰিছে। দুকানৰ এনে অভিনৱ নামাকৰণৰ বাবে তেওঁলোকে নিজৰ শিক্ষাৰ ডিগ্ৰীও ব্যৱহাৰ কৰা দেখা গৈছে। দেশৰ বিভিন্ন প্ৰান্তত গ্ৰেজুৱেট চাইৱালা, এমবিএ চাইৱালা আদি নামৰ চাহৰ দোকান তেনেই সহজলভ্য দৃশ্য। অৱশ্যে আন কিছু অভিনৱ নামৰো চাহৰ দোকানৰ ছবি বহুসময়ত দেখিবলৈ পোৱা যায়। 

এনেদৰেই এইবাৰ বিহাৰৰ এজন ব্যক্তিয়ে এক নতুন নামৰ চাহ দোকান আৰম্ভ কৰিছে। বিহাৰৰ নৱগঠিত মহাজোঁট চৰকাৰলৈ সমৰ্থন জনাই তেওঁ চাহ দোকানখনৰ নাম ৰাখিছে ‘মহাগথবন্ধন চাইৱালা’ অৰ্থাৎ ‘মহাজোঁট চাইৱালা। এজন আৰজেডি সমৰ্থকে পাটনাৰ বেইলী ৰোডৰ চিৰিয়াখানাৰ ঠিক সন্মুখতে এই চাহৰ দোকানখন আৰম্ভ কৰিছে। 

এই মহাজোঁট চাইৱালাই নিজৰ দোকানখন সজাই তুলিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ, উপ মুখ্যমন্ত্ৰী তেজস্বী আৰু মন্ত্ৰী তেজ প্ৰতাপৰ ফটোৰে। দোকানখনৰ সন্মুখভাগ সজোৱা হৈছে লালু যাদৱ আৰু নীতিশ কুমাৰৰ হাস্যবদনে থকা এক আলিঙ্গনৰত ফটোৰে। সম্প্ৰতি এই চাহ দোকানখন সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছে। সামাজিক মাধ্যমতো সৰস চৰ্চা চলিছে দোকানখনক কেন্দ্ৰ কৰি। মাত্ৰ দহ টকাত উপলব্ধ চাহৰ সোৱাদ ল’বলৈ এতিয়া দূৰ-দূৰণিৰ পৰা চাহপ্ৰেমীয়ে ভিৰ কৰিছে মহাজোঁট চাইৱালাৰ দোকানত।

অৱশ্যে নামত মহাজোঁট চাইৱালা হ’লেও দোকানখনৰ দ্বাৰ সকলোৰে বাবে খোলা ৰাখিছে ব্যক্তিগৰাকীয়ে। আন আন দলৰ লগতে প্ৰধান বিৰোধী বিজেপিৰ নেতা-কৰ্মীয়েও দোকানখনৰ চাহৰ সোৱাদ ল’ব পাৰিব বুলি বিক্ৰেতাগৰাকীয়ে মন্তব্য কৰে। আনহাতে ভৱিষ্যতে যদি মহাজোঁট চৰকাৰৰ পতনো হয়, তেতিয়াও স্মৃতি হিচাপে মহাজোঁট চাইৱালা অব্যাহত থাকিব বুলি তেওঁ লগতে উল্লেখ কৰে। তেওঁ লগতে নীতিশ কুমাৰ, লালু যাদৱ, তেজস্বী যাদৱ আৰু তেজ প্ৰতাপ যাদৱকো দোকানখনত এবাৰ উপস্থিত হৈ চাহৰ সোৱাদ ল’বলৈ অনুৰোধ জনাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
গভীৰ সংকটত পাকিস্তানৰ কৃষক
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি