--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰহণ হৈছে এক জ্যোতিৰ্বিজ্ঞানৰ কাৰ্য্যকলাপ যিটো প্ৰতি বছৰে ৩ৰ পৰা ৪ বাৰ সংঘটিত হয়। প্ৰতি বছৰে ৪টা গ্ৰহণ হয় য'ত ২টা চন্দ্ৰগ্ৰহণ আৰু ২টা সূৰ্যগ্ৰহণ। বিজ্ঞানৰ ফালৰ পৰা যেনেকৈ গ্ৰহণ অতি গুৰুত্বপূৰ্ণ, ঠিক সেইদৰে জ্যোতিষতো ইয়াৰ অতি গুৰুত্ব আছে। এই বছৰ কেতিয়া প্ৰথম চন্দ্ৰগ্ৰহণ হ’ব, ভাৰতত প্ৰভাৱ পৰিব নে নপৰে জানি লওঁ আহক।

প্ৰথম চন্দ্ৰগ্ৰহণ কেতিয়া হ’ব?

চন্দ্ৰগ্ৰহণ হয় যেতিয়া চন্দ্ৰ পৃথিৱীৰ ছাঁত আহে। ইয়াৰ পিছত চন্দ্ৰ, সূৰ্য্য আৰু পৃথিৱী সৰলৰেখাত আহে। বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ ফাল্গুন পূৰ্ণিমাৰ নিশা অৰ্থাৎ ২৫ মাৰ্চত হ’ব। ভাৰতীয় সময় অনুসৰি চন্দ্ৰগ্ৰহণৰ সময় ১০:২৪ৰ পৰা ৩:০১ বজালৈ। প্ৰথম চন্দ্ৰগ্ৰহণৰ মুঠ সময় হ’ব ৪ ঘণ্টা ৩৬ মিনিট। 

২০২৪ চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব। দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰীয়, আটলাণ্টিক, আৰ্কটিক, এন্টাৰ্কটিকা, উত্তৰ/পূব এছিয়া, অষ্ট্ৰেলিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ বেছিভাগ অঞ্চলত দেখা যাব।

জ্যোতিষশাস্ত্ৰত চন্দ্ৰগ্ৰহণৰ সময়ক অশুভ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত কোনো শুভ কাম কৰা নহয়। চন্দ্ৰগ্ৰহণৰ সুতক সময় ৯ ঘণ্টা আগতে আৰম্ভ হয়। যদি ভাৰতত এই চন্দ্ৰগ্ৰহণ দেখা নাযায়, তেন্তে ইয়াৰ সুতক সময়ো ভাৰতত মান্য নহ’ব।

বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত হ’ব। এই চন্দ্ৰগ্ৰহণো ভাৰতত দেখা নাযায়, যাৰ বাবে ইয়াৰ সুতক সময়ো মান্য  নহ’ব। ইয়াক ইউৰোপ, এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰীয়, আটলাণ্টিক আৰু ভাৰত মহাসাগৰত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক