--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াৰ পপ বেণ্ড বিটিএছক লৈ সমগ্ৰ বিশ্বৰ মাজত আছে উন্মাদনা। এই বেণ্ডটোৰ ভাৰততো লাখ লাখ অনুৰাগী আছে, কিন্তু তামিলনাডুত BTSৰ এনে কিছুমান অনুৰাগী আছে যিয়ে বেণ্ডটোক লগ পোৱাৰ ইচ্ছাত সকলো সীমা অতিক্ৰম কৰিলে। দৰাচলতে তামিলনাডুৰ তিনিগৰাকী স্কুলীয়া ছোৱালীয়ে ১৪ হাজাৰ টকা লৈ পাছপ’ৰ্ট নোহোৱাকৈ ঘৰৰ পৰা ওলাই গৈছিল। অৱশ্যে এই ক্ষেত্ৰত তিনিওগৰাকীয়েই ব্যৰ্থ হয়।

প্ৰতিবেদন অনুসৰি তিনিওজনে ঘৰৰ পৰা পলাই বিশাখাপট্টনমলৈ যোৱাৰ পৰিকল্পনা কৰিছিল যদিও মাজনিশা ৰাতিৰ আহাৰ খাবলৈ কাটপাডী ৰেলৱে ষ্টেচনত নমাৰ পাছত পুনৰ উঠিবলৈ ব্যৰ্থ হয়; ইয়াৰ পাছত যেতিয়া আৰক্ষীয়ে নিৰুদ্দেশ তথ্য লাভ কৰে তেতিয়া তিনিওগৰাকীকে চাইল্ড লাইনৰ বিষয়াৰ হাতত গতাই দিয়া হয়।

তামিলনাডুৰ কাৰুৰ জিলাৰ এখন গাঁৱত বসবাস কৰা এই তিনিগৰাকী ছোৱালীৰ বয়স ১৩ বছৰ আৰু চৰকাৰী বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ে। তিনিওগৰাকীয়ে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউললৈ যোৱাৰ সিদ্ধান্ত লয়। শিশু কল্যাণ সমিতিৰ বিষয়াই জনোৱা মতে, জেৰাৰ সময়ত ছোৱালীকেইগৰাকীয়েগৰাকীয়ে কয় যে তেওঁলোকৰ পৰিকল্পনা আছিল দক্ষিণ কোৰিয়ালৈ জাহাজ লৈ যোৱা। ইয়াৰ বাবে তামিলনাডুৰ থুথুকুডী আৰু তাৰ পাছত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম বন্দৰ বাছনি কৰা হৈছিল।

এই পৰিকল্পনাৰে ৪ জানুৱাৰীত তিনিও সংগোপনে ঘৰৰ পৰা ওলাই আহি ইৰোডৰ পৰা চেন্নাইলৈ ট্ৰেইনত উঠিল। এই তিনিওগৰাকীৰ হাতত মিলি মুঠ ১৪ হাজাৰ টকা আছিল। তেওঁলোকৰ আত্মবিশ্বাস আছিল যে ১৪ হাজাৰ টকাৰে তিনিও কোৰিয়া পাবগৈ। বহু কষ্টৰ অন্তত বৃহস্পতিবাৰে নিশা চেন্নাইৰ এখন হোটেলত কোঠা এটা পালে। শুকুৰবাৰে ছাত্ৰীকেইগৰাকীয়ে আগবাঢ়ি যাবলৈ ইয়াৰ পৰা তালৈ বিচৰণ কৰি থাকিল। ভাগৰুৱা হৈ আন কোনো বিকল্প নাপায় তেওঁলোকে ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু