--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াৰ পপ বেণ্ড বিটিএছক লৈ সমগ্ৰ বিশ্বৰ মাজত আছে উন্মাদনা। এই বেণ্ডটোৰ ভাৰততো লাখ লাখ অনুৰাগী আছে, কিন্তু তামিলনাডুত BTSৰ এনে কিছুমান অনুৰাগী আছে যিয়ে বেণ্ডটোক লগ পোৱাৰ ইচ্ছাত সকলো সীমা অতিক্ৰম কৰিলে। দৰাচলতে তামিলনাডুৰ তিনিগৰাকী স্কুলীয়া ছোৱালীয়ে ১৪ হাজাৰ টকা লৈ পাছপ’ৰ্ট নোহোৱাকৈ ঘৰৰ পৰা ওলাই গৈছিল। অৱশ্যে এই ক্ষেত্ৰত তিনিওগৰাকীয়েই ব্যৰ্থ হয়।

প্ৰতিবেদন অনুসৰি তিনিওজনে ঘৰৰ পৰা পলাই বিশাখাপট্টনমলৈ যোৱাৰ পৰিকল্পনা কৰিছিল যদিও মাজনিশা ৰাতিৰ আহাৰ খাবলৈ কাটপাডী ৰেলৱে ষ্টেচনত নমাৰ পাছত পুনৰ উঠিবলৈ ব্যৰ্থ হয়; ইয়াৰ পাছত যেতিয়া আৰক্ষীয়ে নিৰুদ্দেশ তথ্য লাভ কৰে তেতিয়া তিনিওগৰাকীকে চাইল্ড লাইনৰ বিষয়াৰ হাতত গতাই দিয়া হয়।

তামিলনাডুৰ কাৰুৰ জিলাৰ এখন গাঁৱত বসবাস কৰা এই তিনিগৰাকী ছোৱালীৰ বয়স ১৩ বছৰ আৰু চৰকাৰী বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ে। তিনিওগৰাকীয়ে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউললৈ যোৱাৰ সিদ্ধান্ত লয়। শিশু কল্যাণ সমিতিৰ বিষয়াই জনোৱা মতে, জেৰাৰ সময়ত ছোৱালীকেইগৰাকীয়েগৰাকীয়ে কয় যে তেওঁলোকৰ পৰিকল্পনা আছিল দক্ষিণ কোৰিয়ালৈ জাহাজ লৈ যোৱা। ইয়াৰ বাবে তামিলনাডুৰ থুথুকুডী আৰু তাৰ পাছত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম বন্দৰ বাছনি কৰা হৈছিল।

এই পৰিকল্পনাৰে ৪ জানুৱাৰীত তিনিও সংগোপনে ঘৰৰ পৰা ওলাই আহি ইৰোডৰ পৰা চেন্নাইলৈ ট্ৰেইনত উঠিল। এই তিনিওগৰাকীৰ হাতত মিলি মুঠ ১৪ হাজাৰ টকা আছিল। তেওঁলোকৰ আত্মবিশ্বাস আছিল যে ১৪ হাজাৰ টকাৰে তিনিও কোৰিয়া পাবগৈ। বহু কষ্টৰ অন্তত বৃহস্পতিবাৰে নিশা চেন্নাইৰ এখন হোটেলত কোঠা এটা পালে। শুকুৰবাৰে ছাত্ৰীকেইগৰাকীয়ে আগবাঢ়ি যাবলৈ ইয়াৰ পৰা তালৈ বিচৰণ কৰি থাকিল। ভাগৰুৱা হৈ আন কোনো বিকল্প নাপায় তেওঁলোকে ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক