--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীক স্বাধীনতা দিৱসৰ দিনাই তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। খাৰ্গেই কয় যে মোদীয়ে  অহা বছৰো ত্ৰিৰংগা উত্তোলন কৰিব, কিন্তু সেয়া তেওঁৰ ঘৰতহে কৰিব লাগিব। লালকিল্লাত মোদীয়ে পেৰদান কৰা   স্বাধীনতা দিৱসৰ ভাষণৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি  কংগ্ৰেছৰ সভাপতি  খাৰ্গেই এনেদৰে কয়।

 উল্লেখ্য আজি লালকিল্লাত  স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ খাৰ্গে উপস্থিত নাছিল। খাৰ্গেৰ অনুপস্থিতিৰ বিষয়ত কংগ্ৰেছে কৈছে যে  মোদীক নিৰাপত্তা প্ৰদান কৰিবলৈ দিল্লীত ইমান বোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে যে   অনুষ্ঠানস্থলীত উপস্থিত হ'বলৈ দীঘলীয়া সময় লাগিছিল। সেইকাৰণে খাৰ্গেই লালকিল্লাত গৈ উপস্থিত হ’ব নোৱাৰিলে। 
 
লালকিল্লাৰ পৰা মোদীয়ে তেওঁৰ ভাষণত কৈছিল "মই অহা বছৰ স্বাধীনতা দিৱসত আপোনালোকৰ সন্মুখলৈ  পুনৰ আহিম আৰু মই আপোনালোকক এবছৰৰ ভিতৰত আমি কি কৰিছো তাৰ  বিৱৰণ দিম"। প্ৰধানমন্ত্ৰীয়ে বিৰোধী মিত্ৰজোঁটে 'এই বছৰ লালকিল্লাত মোদীৰ শেষ ভাষণ'ৰ দাবীক এনে মন্তব্যৰ জড়িয়তে উৰুৱাই দিছিল।  মোদী ভাষণৰ প্ৰসংগত  সাংবাদিকে খাৰ্গেৰ  প্ৰতিক্ৰিয়াৰ   বিষয়ে সোধাত  খাৰ্গেই কয়  "তেওঁ অহা বছৰো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব, কিন্তু নিজৰ বাসগৃহতহে কৰিব লাগিব ।  নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে লালকিল্লাত পতাকা উত্তোলন কৰিব পৰাকৈ ২০২৪ত প্ৰধানমন্ত্ৰী হৈ নাথাকিব," । একে সময়তে কংগ্ৰেছৰ  সাংসদ কেচি বেণুগোপালে কয় " ২০২৪ চনত কোনে ক্ষমতালৈ ঘূৰি আহিব সেয়া জনতাই সিদ্ধান্ত ল'ব। তেতিয়ালৈকে আমি অপেক্ষা কৰিম"।

স্বাধীনতা দিৱসৰ অনুষ্ঠানত মল্লিকাৰ্জুন খাৰ্গে উপস্থিত নথকাৰ বিষয়কলৈ  তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। অৱশ্যে কংগ্ৰেছে দাবী কৰা মতে  প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে  দিল্লীত যথেষ্ট নিৰাপত্তা সম্পৰ্কীয় নিষেধাজ্ঞা  জাৰি কৰা হৈছিল। খাৰ্গেক  অনুষ্ঠানস্থলীত উপস্থিত হ'বলৈ কমেও দুঘণ্টা সময় লাগিলেহেঁতেন।  কংগ্ৰেছৰ সাংসদগৰাকীয়ে সেয়ে  দলীয় কাৰ্যালয়ত পতাকা উত্তোলন কৰি সময়মতে লালকিল্লাত উপস্থিত হ'ব নোৱাৰিলে।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী