--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীক স্বাধীনতা দিৱসৰ দিনাই তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। খাৰ্গেই কয় যে মোদীয়ে  অহা বছৰো ত্ৰিৰংগা উত্তোলন কৰিব, কিন্তু সেয়া তেওঁৰ ঘৰতহে কৰিব লাগিব। লালকিল্লাত মোদীয়ে পেৰদান কৰা   স্বাধীনতা দিৱসৰ ভাষণৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি  কংগ্ৰেছৰ সভাপতি  খাৰ্গেই এনেদৰে কয়।

 উল্লেখ্য আজি লালকিল্লাত  স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ খাৰ্গে উপস্থিত নাছিল। খাৰ্গেৰ অনুপস্থিতিৰ বিষয়ত কংগ্ৰেছে কৈছে যে  মোদীক নিৰাপত্তা প্ৰদান কৰিবলৈ দিল্লীত ইমান বোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে যে   অনুষ্ঠানস্থলীত উপস্থিত হ'বলৈ দীঘলীয়া সময় লাগিছিল। সেইকাৰণে খাৰ্গেই লালকিল্লাত গৈ উপস্থিত হ’ব নোৱাৰিলে। 
 
লালকিল্লাৰ পৰা মোদীয়ে তেওঁৰ ভাষণত কৈছিল "মই অহা বছৰ স্বাধীনতা দিৱসত আপোনালোকৰ সন্মুখলৈ  পুনৰ আহিম আৰু মই আপোনালোকক এবছৰৰ ভিতৰত আমি কি কৰিছো তাৰ  বিৱৰণ দিম"। প্ৰধানমন্ত্ৰীয়ে বিৰোধী মিত্ৰজোঁটে 'এই বছৰ লালকিল্লাত মোদীৰ শেষ ভাষণ'ৰ দাবীক এনে মন্তব্যৰ জড়িয়তে উৰুৱাই দিছিল।  মোদী ভাষণৰ প্ৰসংগত  সাংবাদিকে খাৰ্গেৰ  প্ৰতিক্ৰিয়াৰ   বিষয়ে সোধাত  খাৰ্গেই কয়  "তেওঁ অহা বছৰো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব, কিন্তু নিজৰ বাসগৃহতহে কৰিব লাগিব ।  নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে লালকিল্লাত পতাকা উত্তোলন কৰিব পৰাকৈ ২০২৪ত প্ৰধানমন্ত্ৰী হৈ নাথাকিব," । একে সময়তে কংগ্ৰেছৰ  সাংসদ কেচি বেণুগোপালে কয় " ২০২৪ চনত কোনে ক্ষমতালৈ ঘূৰি আহিব সেয়া জনতাই সিদ্ধান্ত ল'ব। তেতিয়ালৈকে আমি অপেক্ষা কৰিম"।

স্বাধীনতা দিৱসৰ অনুষ্ঠানত মল্লিকাৰ্জুন খাৰ্গে উপস্থিত নথকাৰ বিষয়কলৈ  তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। অৱশ্যে কংগ্ৰেছে দাবী কৰা মতে  প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে  দিল্লীত যথেষ্ট নিৰাপত্তা সম্পৰ্কীয় নিষেধাজ্ঞা  জাৰি কৰা হৈছিল। খাৰ্গেক  অনুষ্ঠানস্থলীত উপস্থিত হ'বলৈ কমেও দুঘণ্টা সময় লাগিলেহেঁতেন।  কংগ্ৰেছৰ সাংসদগৰাকীয়ে সেয়ে  দলীয় কাৰ্যালয়ত পতাকা উত্তোলন কৰি সময়মতে লালকিল্লাত উপস্থিত হ'ব নোৱাৰিলে।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস