--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতাৰ পূৰ্বৰ যুগৰ কঠিন সত্যটো হ’ল ভাৰতৰ কেতিয়াও এনে এখন ৰাষ্ট্ৰীয় পতাকা নাছিল যিয়ে ভাৰতীয়সকলক এটা জাতিসত্বা হিচাপে প্ৰতিনিধিত্ব কৰিব পাৰে। বংগ বিভাজনৰ কথা ঘোষণা নোহোৱালৈকে পতাকা থকাৰ প্ৰয়োজনীয়তা ভাৰতীয়সকলে প্ৰকৃততে অনুভৱ কৰা নাছিল। সেই দিনটো ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে ঘোষণা কৰা হয়। এবছৰৰ পাছত বিভাজন বিৰোধী আন্দোলনৰ বৰ্ষপূৰ্তিত এখন পতাকা উত্তোলন কৰা হয়। ইয়াৰ আৰ্হি প্ৰস্তুত কৰিছিল শচীন্দ্ৰ প্ৰসাদ বসুৱে। বিভাজন বাতিল হোৱাৰ পাছত মানুহে পতাকাৰ কথা পাহৰি গ’ল। জাৰ্মানীত অনুষ্ঠিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছত অংশগ্ৰহণ কৰা মেডাম ভিকাজী ৰুষ্টম কামাই ব্ৰিটিছৰ সৈতে হোৱা ৰাজনৈতিক যুঁজৰ বিষয়ে ভাষণ দি পতাকা উত্তোলন কৰে।এই পতাকা হেমচন্দ্ৰ দাসে নিৰ্মাণ কৰিছিল। বহু বছৰ পাছত ১৯১৭ চনত স্বদেশী আন্দোলনৰ সময়ত বাল গংগাধৰ তিলক আৰু শ্ৰীমতী এনী বেছাণ্টেও এখন পতাকাৰ আৰ্হি নিৰ্মাণ কৰিছিল।

চাৰি বছৰৰ পাছত ১৯২১ চনত মহাত্মা গান্ধীয়ে পিংগলী ভেংকয়াক এখন ৰাষ্ট্ৰীয় পতাকা ডিজাইন কৰিবলৈ কয়, স্বাধীনতা আন্দোলনৰ বাবে, যি পতাকাত 'যতঁৰ' থাকিব লাগে কাৰণ ই আত্মনিৰ্ভৰশীলতা, প্ৰগতি আৰু সাধাৰণ মানুহক প্ৰতিনিধিত্ব কৰে। ইয়াক স্বৰাজ পতাকা, গান্ধী পতাকা আৰু যতঁৰ পতাকা বুলিও কোৱা হৈছিল। কিন্তু ১৯৩১ চনত কৰাচীত পতাকাখনৰ সংশোধনৰ বাবে সাতজনীয়া পতাকা সমিতি গঠন কৰা হয় আৰু তেওঁলোকে নতুন ডিজাইন দিছিল।

ভাৰতৰ বাবে ডাঙৰ দিনটো আহিল তেতিয়া যেতিয়া লৰ্ড মাউণ্টবেটেনে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিলে। সকলো পক্ষৰ বাবে গ্ৰহণযোগ্য পতাকা থকাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হ’ল আৰু স্বাধীন ভাৰতৰ বাবে পতাকাখনৰ প্ৰস্তুত কৰিবলৈ ড° ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এখন তদৰ্থ পতাকা সমিতি গঠন কৰা হয়। গান্ধীজীৰ সন্মতি লৈ পিংগলী ভেংকয়াৰ পতাকা সংশোধন কৰাৰ সিদ্ধান্ত লোৱা হয়। যতঁৰৰ সলনি সাৰনাথৰ অশোক স্তম্ভৰ প্ৰতীকৰ সিদ্ধান্ত লোৱা হয়।পতাকাত উল্লেখিত কোনো এটা ৰঙৰেই কোনো সাম্প্ৰদায়িক তাৎপৰ্য নাছিল।এইখন পতাকা ১৯৪৭ চনৰ ২২ জুলাইত ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী