--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতাৰ পূৰ্বৰ যুগৰ কঠিন সত্যটো হ’ল ভাৰতৰ কেতিয়াও এনে এখন ৰাষ্ট্ৰীয় পতাকা নাছিল যিয়ে ভাৰতীয়সকলক এটা জাতিসত্বা হিচাপে প্ৰতিনিধিত্ব কৰিব পাৰে। বংগ বিভাজনৰ কথা ঘোষণা নোহোৱালৈকে পতাকা থকাৰ প্ৰয়োজনীয়তা ভাৰতীয়সকলে প্ৰকৃততে অনুভৱ কৰা নাছিল। সেই দিনটো ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে ঘোষণা কৰা হয়। এবছৰৰ পাছত বিভাজন বিৰোধী আন্দোলনৰ বৰ্ষপূৰ্তিত এখন পতাকা উত্তোলন কৰা হয়। ইয়াৰ আৰ্হি প্ৰস্তুত কৰিছিল শচীন্দ্ৰ প্ৰসাদ বসুৱে। বিভাজন বাতিল হোৱাৰ পাছত মানুহে পতাকাৰ কথা পাহৰি গ’ল। জাৰ্মানীত অনুষ্ঠিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছত অংশগ্ৰহণ কৰা মেডাম ভিকাজী ৰুষ্টম কামাই ব্ৰিটিছৰ সৈতে হোৱা ৰাজনৈতিক যুঁজৰ বিষয়ে ভাষণ দি পতাকা উত্তোলন কৰে।এই পতাকা হেমচন্দ্ৰ দাসে নিৰ্মাণ কৰিছিল। বহু বছৰ পাছত ১৯১৭ চনত স্বদেশী আন্দোলনৰ সময়ত বাল গংগাধৰ তিলক আৰু শ্ৰীমতী এনী বেছাণ্টেও এখন পতাকাৰ আৰ্হি নিৰ্মাণ কৰিছিল।

চাৰি বছৰৰ পাছত ১৯২১ চনত মহাত্মা গান্ধীয়ে পিংগলী ভেংকয়াক এখন ৰাষ্ট্ৰীয় পতাকা ডিজাইন কৰিবলৈ কয়, স্বাধীনতা আন্দোলনৰ বাবে, যি পতাকাত 'যতঁৰ' থাকিব লাগে কাৰণ ই আত্মনিৰ্ভৰশীলতা, প্ৰগতি আৰু সাধাৰণ মানুহক প্ৰতিনিধিত্ব কৰে। ইয়াক স্বৰাজ পতাকা, গান্ধী পতাকা আৰু যতঁৰ পতাকা বুলিও কোৱা হৈছিল। কিন্তু ১৯৩১ চনত কৰাচীত পতাকাখনৰ সংশোধনৰ বাবে সাতজনীয়া পতাকা সমিতি গঠন কৰা হয় আৰু তেওঁলোকে নতুন ডিজাইন দিছিল।

ভাৰতৰ বাবে ডাঙৰ দিনটো আহিল তেতিয়া যেতিয়া লৰ্ড মাউণ্টবেটেনে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিলে। সকলো পক্ষৰ বাবে গ্ৰহণযোগ্য পতাকা থকাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হ’ল আৰু স্বাধীন ভাৰতৰ বাবে পতাকাখনৰ প্ৰস্তুত কৰিবলৈ ড° ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এখন তদৰ্থ পতাকা সমিতি গঠন কৰা হয়। গান্ধীজীৰ সন্মতি লৈ পিংগলী ভেংকয়াৰ পতাকা সংশোধন কৰাৰ সিদ্ধান্ত লোৱা হয়। যতঁৰৰ সলনি সাৰনাথৰ অশোক স্তম্ভৰ প্ৰতীকৰ সিদ্ধান্ত লোৱা হয়।পতাকাত উল্লেখিত কোনো এটা ৰঙৰেই কোনো সাম্প্ৰদায়িক তাৎপৰ্য নাছিল।এইখন পতাকা ১৯৪৭ চনৰ ২২ জুলাইত ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস