--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬/১১ মুম্বাই কাণ্ডৰ সেই বিভীষিকাময় দিনৰ কথা মানুহৰ এতিয়াও মনত আছে৷ মুম্বাই কাণ্ডৰ প্ৰধান অভিযুক্ত আজমল কাছাবক ফাঁচীকাঠত ওলোমোৱা অধিবক্তা উজ্জ্বল নিকামক বিজেপিয়ে দিলে লোকসভা নিৰ্বাচনৰ টিকট৷ ভাৰতীয় জনতা পাৰ্টীয়ে  মহাৰাষ্ট্ৰত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। বিজেপিয়ে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ গোচৰত চৰকাৰৰ হৈ আইনী যুঁজ দিয়া অধিবক্তা উজ্জ্বল নিকামক টিকট প্ৰদান কৰিছে। 

নিকামে  মুম্বাই নৰ্থ চেণ্ট্ৰেল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে ইয়াৰ ১৫ সংখ্যক  তালিকা প্ৰকাশ কৰিছে। প্ৰমোদ মহাজনৰ জীয়ৰী পুনম মহাজনক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে সমষ্টিটোৰ পৰা  টিকট প্ৰত্যাখ্যান কৰা হৈছে। পুনমৰ ঠাইত বিজেপিয়ে মুম্বাই উত্তৰ মধ্যৰ পৰা জ্যেষ্ঠ অধিবক্তা উজ্জ্বল নিকামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। উজ্জ্বল নিকামে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত শক্তিশালী যুক্তিৰে সন্ত্ৰাসবাদী কাছাবক মৃত্যুদণ্ড বিহিবলৈ সক্ষম হৈছিল৷  সেইগৰাকী অধিবক্তাকে এতিয়া বিজেপিয়ে অতি গুৰুত্বপূৰ্ণ আসন খনৰ  পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট দিছে।  
  
মুম্বাইৰ এই মুম্বাই নৰ্থ চেণ্ট্ৰেলত উজ্জ্বল নিকামৰ  শক্তিশালী  হ’ব কংগ্ৰেছৰ  বৰ্ষা গায়কৱাড৷  বৰ্ষা গায়কৱাড মুম্বাই কংগ্ৰেছৰ মুৰব্বী। ফলস্বৰূপে  নিৰ্বাচনী যুঁজ খন আকৰ্ষণীয়  হ'ব বুলি আশা কৰা হৈছে। প্ৰমোদ মহাজনৰ জীয়ৰী পুনম মহাজন পূৰ্বে  এই সমষ্টিটোৰ  সাংসদ আছিল। গেৰুৱা দলটোৱে এইবাৰ তেওঁক এই সমষ্টিৰ পৰা টিকট দিয়া নাই৷

কেইবাটাও জনমত সমীক্ষাই দেখুৱাইছিল  যে মুম্বাই নৰ্থ চেণ্ট্ৰেলত পুনম মহাজনৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। সেয়ে প্ৰথমে মুম্বাই বিজেপিৰ মুৰব্বী আশীষ চেহলাৰক উক্ত সমষ্টিত  প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা ভবা হৈছিল।অৱশ্যে, বিজেপিয়ে অৱশেষত মুম্বাই নৰ্থ চেণ্ট্ৰেলত  উজ্জ্বল নিকামক প্ৰাৰ্থিত্ব প্ৰদান কৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু