--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬/১১ মুম্বাই কাণ্ডৰ সেই বিভীষিকাময় দিনৰ কথা মানুহৰ এতিয়াও মনত আছে৷ মুম্বাই কাণ্ডৰ প্ৰধান অভিযুক্ত আজমল কাছাবক ফাঁচীকাঠত ওলোমোৱা অধিবক্তা উজ্জ্বল নিকামক বিজেপিয়ে দিলে লোকসভা নিৰ্বাচনৰ টিকট৷ ভাৰতীয় জনতা পাৰ্টীয়ে  মহাৰাষ্ট্ৰত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। বিজেপিয়ে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ গোচৰত চৰকাৰৰ হৈ আইনী যুঁজ দিয়া অধিবক্তা উজ্জ্বল নিকামক টিকট প্ৰদান কৰিছে। 

নিকামে  মুম্বাই নৰ্থ চেণ্ট্ৰেল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে ইয়াৰ ১৫ সংখ্যক  তালিকা প্ৰকাশ কৰিছে। প্ৰমোদ মহাজনৰ জীয়ৰী পুনম মহাজনক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে সমষ্টিটোৰ পৰা  টিকট প্ৰত্যাখ্যান কৰা হৈছে। পুনমৰ ঠাইত বিজেপিয়ে মুম্বাই উত্তৰ মধ্যৰ পৰা জ্যেষ্ঠ অধিবক্তা উজ্জ্বল নিকামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। উজ্জ্বল নিকামে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত শক্তিশালী যুক্তিৰে সন্ত্ৰাসবাদী কাছাবক মৃত্যুদণ্ড বিহিবলৈ সক্ষম হৈছিল৷  সেইগৰাকী অধিবক্তাকে এতিয়া বিজেপিয়ে অতি গুৰুত্বপূৰ্ণ আসন খনৰ  পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট দিছে।  
  
মুম্বাইৰ এই মুম্বাই নৰ্থ চেণ্ট্ৰেলত উজ্জ্বল নিকামৰ  শক্তিশালী  হ’ব কংগ্ৰেছৰ  বৰ্ষা গায়কৱাড৷  বৰ্ষা গায়কৱাড মুম্বাই কংগ্ৰেছৰ মুৰব্বী। ফলস্বৰূপে  নিৰ্বাচনী যুঁজ খন আকৰ্ষণীয়  হ'ব বুলি আশা কৰা হৈছে। প্ৰমোদ মহাজনৰ জীয়ৰী পুনম মহাজন পূৰ্বে  এই সমষ্টিটোৰ  সাংসদ আছিল। গেৰুৱা দলটোৱে এইবাৰ তেওঁক এই সমষ্টিৰ পৰা টিকট দিয়া নাই৷

কেইবাটাও জনমত সমীক্ষাই দেখুৱাইছিল  যে মুম্বাই নৰ্থ চেণ্ট্ৰেলত পুনম মহাজনৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। সেয়ে প্ৰথমে মুম্বাই বিজেপিৰ মুৰব্বী আশীষ চেহলাৰক উক্ত সমষ্টিত  প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা ভবা হৈছিল।অৱশ্যে, বিজেপিয়ে অৱশেষত মুম্বাই নৰ্থ চেণ্ট্ৰেলত  উজ্জ্বল নিকামক প্ৰাৰ্থিত্ব প্ৰদান কৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement