--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত  ২৪ৰ লোকসভা নিৰ্বাচনৰ মহাৰণ।কঁকালত টঙালি বান্ধি সাজু হৈছে বিৰোধীয়েও।  এক খতাত  ২০২৪ৰ মহাৰণৰ বাবে সাজু হৈছে  শাসক-বিৰোধী৷ ২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত  প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে প্ৰস্তুতি তুংগত কৰি তুলিছে। গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত  বহুকেইটা ৰাজনৈতিক দল একত্ৰিত হৈ বিজেপিক প্ৰতিহত কৰি ২৪ৰ বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনাৰে গঠন কৰিছে বিৰোধীৰ নতুন ঐক্যমঞ্চ। 

পৰবৰ্তী লোকসভা নিৰ্বাচনৰ বাবে নতুন নতুন ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে৷ আমেথিৰ দৰে সমষ্টি এইবাৰ পুনৰ বিজেপিৰ স্মৃতি ইৰাণীৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে যুঁজ দিয়াৰ সম্ভৱনা প্ৰকট হৈ পৰিছে। ইতিমধ্যে কংগ্ৰেছৰ বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। এক কথাত দ্ৰুতগতিত সলনি হৈছে ভাৰতৰ ৰাজনৈতিক দৃশ্যপট৷ শেহতীয়াকৈ দেশৰ জনসাধাৰণৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে কংগ্ৰেছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে বিৰোধী মিত্ৰজোঁট I.N.D.I.A. ই। এনে সময়তে এক বিশেষ ৰাজনৈতিক সমীকৰণে  দেশৰ  ৰাজনৈতিক প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। সেই বিশেষ কথাষাৰ এতিয়া  বৰ্তমান বিভিন্ন মহলত ব্যাপকভাবে  চৰ্চিত। 

আগন্তুক লোকসভাৰ নিৰ্বাচনত আমেথিৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলাৰ বিপৰীতে বাৰানসীত প্ৰতিদ্বন্দিতা কৰিব পাৰে প্ৰিয়ংকা গান্ধীয়ে। এই বিষয়ে ঘোষণা কৰে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে। তেওঁ উল্লেখ কৰামতে মোদী উপাধি গোচৰত সাংসদ পদ হেৰোৱাৰ লগতে ৬ বছৰলৈ নিৰ্বাচন খেলাত আদালতে দিয়া ৰায় স্হগিতাদেশ জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে। লগে লগে ৰাহুল গান্ধীৰ নিৰ্বাচন খেলাৰ পথ মুকলি হোৱাত অজয় ৰায়ে ঘোষণা কৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ 

২০১৯ বৰ্ষৰ নিৰ্বাচনত স্মৃতি ইৰাণীৰ হাতত ৫৫ হাজাৰৰ অধিক ভোটত ৰাহুল গান্ধীয়ে পৰাজয় স্বীকাৰ কৰিছিল। অৱশ্যে কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা ৰাহুল গান্ধী বিজয়ী হৈছিল। একেদৰে বাৰাণসীৰ পৰা নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিৰ্বাচন খেলিছিল অজয় ৰায়ে। মোদীয়ে বৃহৎ ভোটৰ ব্যৱধানত ৰায়ক পৰাজিত কৰিছিল। অজয় ৰায়ে ঘোষণা কৰামতে আগন্তুক লোকসভা  নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে থিয় দিব প্ৰিয়ংকা গান্ধীয়ে। যদি ৰায়ে ঘোষণা কৰামতে প্ৰিয়ংকাই বাৰানসী সমষ্টিত  মোদীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ,  তেনেহলে দেশবাসীয়ে উপভোগ কৰিব পাৰিব এখন হাই ভল্টেজ নিৰ্বাচনী যুঁজ।২০২৪ৰ লোকসভা নিৰ্বাচন হ’ব  হাই ভল্টেজ নিৰ্বাচনী যুঁজ। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement