--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচিত্ৰ দেশ ভাৰত। এই খন দেশত যেন উন্নয়ন আলোচনাৰ বিষয় নহয়, আলোচনাৰ বিষয় ধৰ্ম, মহাকাশ অভিযানত কোনে কি কৰিছিল আদিহে। শেহতীয়াকৈ চন্দ্ৰযান ৩ -এ সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ বিজ্ঞানীসকলৰ প্ৰচেষ্টাত সেয়া সম্ভৱ হৈ উঠিছে যদিও চন্দ্ৰ অভিযানক এতিয়া বহুতেই ৰাজনৈতিক স্বাৰ্থ পূৰণৰ অস্ত্ৰ কৰি লৈছে। সেয়ে কোন দলৰ চৰকাৰে মহাকাশ অভিযানৰ বাবে কি কাম কৰিছিল সেইবোৰৰ খতিয়ান এতিয়া গাঁতৰ পৰা ওলাবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ  বিজেপিয়ে ইছৰোৰ প্ৰাক্তন বিজ্ঞানী নাম্বি নাৰায়ণনে দিয়া এক সাক্ষাৎকাৰৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। 

ভিডিঅ’টোৱে  হয়তো  কংগ্ৰেছক শলঠেকত পেলাব বুলি বহুতে ধাৰণা কৰিছে।  ভিডিঅ'টোত নাম্বি নাৰায়ণনে কৈছে  যে তেওঁৰ দিনত (তেতিয়াৰ চৰকাৰৰ) অগ্ৰাধিকাৰ বিষয়সমূহ পৃথক আছিল, তেওঁ কেতিয়াও মহাকাশ গৱেষণাক অগ্ৰাধিকাৰ দিয়া নাছিল। এই ভিডিঅ'টোত তেওঁ কংগ্ৰেছৰ শাসনকালত ইছৰোৰ পৰিস্থিতিৰ বিষয়ে কৈছিল। ভিডিঅ'টোত নাম্বীয়ে কয় যে তেওঁৰ অগ্ৰাধিকাৰ পৃথক আছিল, তেওঁ কেতিয়াও মহাকাশ গৱেষণাক অগ্ৰাধিকাৰ দিয়া নাছিল। ইয়াৰ বাবে পূঁজিও তেতিয়াৰ চৰকাৰে আৱণ্টন কৰা নাছিল। এই ভিডিঅ'টো শ্বেয়াৰ কৰিবিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰিবলৈ  চেষ্টা কৰিছে।   বিজ্ঞানীগৰাকীৰ  মতে গৱেষণাৰ কামৰ বাবে ইছৰোৰ কোনো জীপ বা গাড়ী নাছিল। তেওঁলোকৰ ওচৰত মাত্ৰ এখন বাছ আছিল, যিখন  শ্বিফ্ট অনুসৰি চলিছিল... লাহে লাহে... প্ৰদৰ্শন উন্নত হোৱাত চৰকাৰৰ আস্থা বৃদ্ধি পাইছিল আৰু আমাক প্ৰশংসা কৰা হৈছিল।







ভিডিঅ’টোত তেওঁ কয়  " প্ৰধানমন্ত্ৰী মোদীয়ে বাজেট বৃদ্ধি কৰিছে আৰু আমাৰ বিজ্ঞানীসকলৰ সফলতা আৰু বিফলতাৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে থিয় দিছে, ভাৰতৰ মহাকাশ অভিযানে বহুদূৰ আগবাঢ়িছে।’’ চন্দ্ৰযান-৩ৰ সফলতা সন্দৰ্ভত মন্তব্য কৰি  নাম্বি নাৰায়ণনে কয়  যে মোৰ কামক স্বীকৃতি দিয়া হৈছে। উল্লেখ্য নাম্বি নাৰায়ণন সেইগৰাকী  বিজ্ঞানী যাৰ জীৱনৰ আধাৰত  চিনেমাও নিৰ্মাণ হৈছে। অভিনেতা আৰ মাধৱনে  'ৰকেটৰী: দ্য নাম্বি ইফেক্ট' ছবিখন নিৰ্মাণ কৰিছে।নাম্বি নাৰায়ণনে   তেওঁৰ কেৰিয়াৰত বিক্ৰম চাৰাভাই, সতীশ ধাৱান আৰু এ পি জে আব্দুল কালামৰ সৈতে কাম কৰিছিল।  নাম্বি নাৰায়ণন ইছৰোৰ এজন উল্লেখযোগ্য বিজ্ঞানী  আছিল। 

১৯৯৪  চনত তেওঁৰ বিৰুদ্ধে  ভাৰতীয় মহাকাশ কাৰ্যসূচী সম্পৰ্কীয় গোপনীয় তথ্য প্ৰকাশ কৰাৰ  অভিযোগ উত্থাপিত হৈছিল। অভিযোগ আছিল যে তেওঁ মহাকাশ কাৰ্যসূচীৰ বিষয়ে দুজন মালদ্বীপৰ নাগৰিকৰ সৈতে তথ্য সৰবৰাহ কৰিছিল, যিসকলে ইছৰোৰ ৰকেট ইঞ্জিনৰ এই তথ্য পাকিস্তানক বিক্ৰী কৰিছিল। এই অভিযোগৰ পিছত কেৰালা চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ৫০ দিন কাৰাগাৰত কটোৱাৰ পিছত আৰু আৰক্ষীৰ অত্যাচাৰৰ সন্মুখীন হোৱাৰ পিছত নাম্বিক মুক্তি দিয়া হৈছিল। তেওঁৰ বিৰুদ্ধে অনা অভিযোগবোৰৰ অৱশ্যে কোনো স্পষ্ট প্ৰমাণ পোৱা হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা