--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ সংখ্যক লোকসভা নিৰ্বাচনত সংসদলৈ নিৰ্বাচিত হোৱা মহিলা সাংসদৰ সংখ্যা হৈছে ৭৪ গৰাকী।  ২০২৪ৰ লোকসা নিৰ্বাচনত ৭৯৭ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিজেপিৰ সৰ্বাধিক ৬৯ গৰাকী আৰু কংগ্ৰেছৰ ৪১ গৰাকীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। লোকসভাৰ এক তৃতীয়াংশ আসন সংৰক্ষণৰ বাবে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পিছত এইটোৱেই প্ৰথম নিৰ্বাচন আছিল। এই আইনখন এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই।থিংক টেংক পি আৰ এছৰ এক বিশ্লেষণ অনুসৰি এই মহিলা সাংসদৰ ১৬ শতাংশৰ বয়স ৪০ বছৰৰ তলৰ।

বছৰ বছৰ ধৰি বিশ্বৰ বিভিন্ন দেশৰ সংসদত   মহিলা সাংসদৰ  সংখ্যা লাহে লাহে বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰত এতিয়াও কেইবাখনো দেশতকৈ পিছ পৰি আছে। উদাহৰণস্বৰূপে,  দক্ষিণ আফ্ৰিকাত ৪৬ শতাংশ মহিলা সাংসদ থকাৰ লগতে ব্ৰিটেইনত ৩৫ শতাংশ আৰু আমেৰিকাত ২৯ শতাংশ মহিলা সাংসদ আছে। এইবেলি লোকসভাত টিএমচিৰ ১১, সমাজবাদী পাৰ্টিৰ ৪, ডিএমকেৰ তিনি, আৰু জেডিইউ আৰু এলজেপি(আৰ)ৰ দুগৰাকীকৈ মহিলা সাংসদ আছে। সংসদত সৰ্বাধিক  মহিলা সাংসদ থকা  ৰাজনৈতিক দলসমূহৰ ভিতৰত   তৃণমূল কংগ্ৰেছ দেশৰ ভিতৰতে প্ৰথম স্থানত আছে।  এইবাৰ তৃণমূল কংগ্ৰেছৰ  জয়ী হোৱা ২৯ গৰাকী  সাংসদৰ ভিতৰত ১১ গৰাকী মহিলা, যিটো শতাংশ হিচাবত প্ৰায় ৩৮%।  

তৃণমূল কংগ্ৰেছৰ লোকসভা নিৰ্বাচনত  অৱতীৰ্ণ হোৱা ১২ গৰাকী মহিলা প্ৰাৰ্থীৰ  ভিতৰত বিষ্ণুপুৰৰ সুজাতা মণ্ডলৰ বাহিৰে বাকী সকলোকে নিৰ্বাচিত হৈছে। অৱশ্যে  বিগত  লোকসভাৰ তুলনাত দেশৰ মুঠ মহিলা সাংসদৰ সংখ্যা সামান্য হ্ৰাস পাইছে। বিগত লোকসভাত  আছিল ৭৮ গৰাকী মহিলা সাংসদ। এইবাৰ ৭৪ গৰাকী মহিলা সাংসদ আছে। ২০০৯ আৰু ২০১৪ চনৰ লোকসভাত সেই সংখ্যা আছিল ক্ৰমে ৫৯ আৰু ৬২ গৰাকী। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ তথ্য বিশ্লেষণত দেখা গৈছে যে কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ডিএমকে, জেডিইউ আৰু টিডিপিৰ নিৰ্বাচিত প্ৰাৰ্থীৰ ভিতৰত মহিলাৰ শতকৰা হাৰ ক্ৰমে ১৩, ১৪, ১৪, ১৭ আৰু ৬%। বিজেপিৰ ২৪০ গৰাকী সাংসদৰ ভিতৰত ৩১ গৰাকী মহিলা সাংসদ, যিটো প্ৰায় ১৩%।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ