--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ সংখ্যক লোকসভা নিৰ্বাচনত সংসদলৈ নিৰ্বাচিত হোৱা মহিলা সাংসদৰ সংখ্যা হৈছে ৭৪ গৰাকী।  ২০২৪ৰ লোকসা নিৰ্বাচনত ৭৯৭ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিজেপিৰ সৰ্বাধিক ৬৯ গৰাকী আৰু কংগ্ৰেছৰ ৪১ গৰাকীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। লোকসভাৰ এক তৃতীয়াংশ আসন সংৰক্ষণৰ বাবে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পিছত এইটোৱেই প্ৰথম নিৰ্বাচন আছিল। এই আইনখন এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই।থিংক টেংক পি আৰ এছৰ এক বিশ্লেষণ অনুসৰি এই মহিলা সাংসদৰ ১৬ শতাংশৰ বয়স ৪০ বছৰৰ তলৰ।

বছৰ বছৰ ধৰি বিশ্বৰ বিভিন্ন দেশৰ সংসদত   মহিলা সাংসদৰ  সংখ্যা লাহে লাহে বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰত এতিয়াও কেইবাখনো দেশতকৈ পিছ পৰি আছে। উদাহৰণস্বৰূপে,  দক্ষিণ আফ্ৰিকাত ৪৬ শতাংশ মহিলা সাংসদ থকাৰ লগতে ব্ৰিটেইনত ৩৫ শতাংশ আৰু আমেৰিকাত ২৯ শতাংশ মহিলা সাংসদ আছে। এইবেলি লোকসভাত টিএমচিৰ ১১, সমাজবাদী পাৰ্টিৰ ৪, ডিএমকেৰ তিনি, আৰু জেডিইউ আৰু এলজেপি(আৰ)ৰ দুগৰাকীকৈ মহিলা সাংসদ আছে। সংসদত সৰ্বাধিক  মহিলা সাংসদ থকা  ৰাজনৈতিক দলসমূহৰ ভিতৰত   তৃণমূল কংগ্ৰেছ দেশৰ ভিতৰতে প্ৰথম স্থানত আছে।  এইবাৰ তৃণমূল কংগ্ৰেছৰ  জয়ী হোৱা ২৯ গৰাকী  সাংসদৰ ভিতৰত ১১ গৰাকী মহিলা, যিটো শতাংশ হিচাবত প্ৰায় ৩৮%।  

তৃণমূল কংগ্ৰেছৰ লোকসভা নিৰ্বাচনত  অৱতীৰ্ণ হোৱা ১২ গৰাকী মহিলা প্ৰাৰ্থীৰ  ভিতৰত বিষ্ণুপুৰৰ সুজাতা মণ্ডলৰ বাহিৰে বাকী সকলোকে নিৰ্বাচিত হৈছে। অৱশ্যে  বিগত  লোকসভাৰ তুলনাত দেশৰ মুঠ মহিলা সাংসদৰ সংখ্যা সামান্য হ্ৰাস পাইছে। বিগত লোকসভাত  আছিল ৭৮ গৰাকী মহিলা সাংসদ। এইবাৰ ৭৪ গৰাকী মহিলা সাংসদ আছে। ২০০৯ আৰু ২০১৪ চনৰ লোকসভাত সেই সংখ্যা আছিল ক্ৰমে ৫৯ আৰু ৬২ গৰাকী। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ তথ্য বিশ্লেষণত দেখা গৈছে যে কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ডিএমকে, জেডিইউ আৰু টিডিপিৰ নিৰ্বাচিত প্ৰাৰ্থীৰ ভিতৰত মহিলাৰ শতকৰা হাৰ ক্ৰমে ১৩, ১৪, ১৪, ১৭ আৰু ৬%। বিজেপিৰ ২৪০ গৰাকী সাংসদৰ ভিতৰত ৩১ গৰাকী মহিলা সাংসদ, যিটো প্ৰায় ১৩%।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু