--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদালতে পুনৰ সকাহ দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। নিৰ্বাচনত দুয়োখন আসনতে  ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পিছত  এইবাৰ আদালতৰ পৰাও ভাল খবৰ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বাংগালুৰুৰ বিশেষ আদালতত মানহানিৰ গোচৰত জামিন লাভ কৰিলে  কংগ্ৰেছ সাংসদগৰাকীয়ে । কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ ভাতৃ ডি কে সুৰেশে দিয়া বণ্ডত ৰাহুলে জামিন লাভ কৰিলে ।  ২০২৩ চনৰ মে’ মাহত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ চলাই থকাৰ সময়তে  ৰাহুলে অভিযোগ কৰিছিল যে শাসকীয় বিজেপি চৰকাৰে চৰকাৰী কামৰ বাবে ৪০ শতাংশ কমিচন আদায় কৰি আহিছে। 


লগতে ৰাহুলে বাসৱৰাজ চৰকাৰক ৪০ শতাংশ চৰকাৰ বুলিও ঠাট্টা-মস্কৰা কৰিছিল। কংগ্ৰেছ নেতাগৰাকীৰ  এনে মন্তব্যৰ  বিৰুদ্ধে আদালতলৈ গৈছিল বিজেপিৰ সাধাৰণ সম্পাদক কেশৱ প্ৰসাদে।  সেই গোচৰত ৰাহুলক শুকুৰবাৰে বাংগালুৰুৰ বিশেষ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। কৰ্ণাটকৰ নিম্ন আদালতে ৰাহুলক হাজিৰ হোৱাৰ লগে লগে জামিন মঞ্জুৰ কৰে। 

এই গোচৰৰ পৰৱৰ্তী শুনানি ৩০ জুলাইত হ’ব। ৰাহুল গান্ধীৰ উপৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বিৰুদ্ধেও বিজেপিয়ে গোচৰ ৰুজু কৰিছিল। অৱশ্যে ১ জুনত অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ হৈছিল দুয়োগৰাকী নেতা। একেদিনাই তেওঁলোককো গোচৰটোত জামিন মঞ্জুৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু