--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদালতে পুনৰ সকাহ দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। নিৰ্বাচনত দুয়োখন আসনতে  ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পিছত  এইবাৰ আদালতৰ পৰাও ভাল খবৰ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বাংগালুৰুৰ বিশেষ আদালতত মানহানিৰ গোচৰত জামিন লাভ কৰিলে  কংগ্ৰেছ সাংসদগৰাকীয়ে । কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ ভাতৃ ডি কে সুৰেশে দিয়া বণ্ডত ৰাহুলে জামিন লাভ কৰিলে ।  ২০২৩ চনৰ মে’ মাহত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ চলাই থকাৰ সময়তে  ৰাহুলে অভিযোগ কৰিছিল যে শাসকীয় বিজেপি চৰকাৰে চৰকাৰী কামৰ বাবে ৪০ শতাংশ কমিচন আদায় কৰি আহিছে। 


লগতে ৰাহুলে বাসৱৰাজ চৰকাৰক ৪০ শতাংশ চৰকাৰ বুলিও ঠাট্টা-মস্কৰা কৰিছিল। কংগ্ৰেছ নেতাগৰাকীৰ  এনে মন্তব্যৰ  বিৰুদ্ধে আদালতলৈ গৈছিল বিজেপিৰ সাধাৰণ সম্পাদক কেশৱ প্ৰসাদে।  সেই গোচৰত ৰাহুলক শুকুৰবাৰে বাংগালুৰুৰ বিশেষ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। কৰ্ণাটকৰ নিম্ন আদালতে ৰাহুলক হাজিৰ হোৱাৰ লগে লগে জামিন মঞ্জুৰ কৰে। 

এই গোচৰৰ পৰৱৰ্তী শুনানি ৩০ জুলাইত হ’ব। ৰাহুল গান্ধীৰ উপৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বিৰুদ্ধেও বিজেপিয়ে গোচৰ ৰুজু কৰিছিল। অৱশ্যে ১ জুনত অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ হৈছিল দুয়োগৰাকী নেতা। একেদিনাই তেওঁলোককো গোচৰটোত জামিন মঞ্জুৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ