--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত লোকসভা নির্বাচনত মাণ্ডি সমষ্টিৰ পৰা বিজয়ী হৈছে অভিনেত্ৰী কংগনা ৰাণাৱট। কংগনাই কালি চণ্ডীগড় বিমান বন্দৰত আচহুৱা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। জয়ৰ আনন্দত এতিয়া যেন আত্মহাৰা হৈ পৰিছে কংগনা। সেয়ে বহু সময়ত তেওঁ কাষত কোন আছে সেই কথাৰ প্ৰতিও যেন লক্ষ্য কৰা নাই।  শুকুৰবাৰে লোক জনশক্তি পাৰ্টিৰ নেতা চিৰাগ পাছৱানে মোদীক অভিনন্দন জনায়৷ সেই স্থানতে উপস্থিত হৈছিল কংগনাও। কংগনাই হয়তো চিৰাগ পাছৱানক দেখা নাছিল বাবে দেখিলেও বিশেষ গুৰুত্ব দিয়া নাছিল। সেইবাবেই চিৰাগৰ সন্মুখেৰে পাৰ হৈ যোৱাৰ সময়তো কংগনাই চিৰাগক মাত এষাৰো দিয়া নাছিল। 

এই কথাত আচৰিত হৈছিল চিৰাগ। সেয়েই তেওঁৰ সন্মুখেৰেই পাৰ হৈ যোৱা কংগনাক পাছফালৰ পৰাই মাত দিলে চিৰাগে। চিৰাগৰ মাত শুনি কংগনা ৰৈ গ’ল আৰু উভতি আহি চিৰাগক সাৱটি ধৰিলে। উল্লেখ্য চিৰাগ পাছোৱান বৰ্তমান এগৰাকী সফল ৰাজনীতিক যদিও   লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ মুৰব্বী চিৰাগে  অভিনেতা হিচাপেহে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।  ‘মিলে না মিলে হম’ ছবিৰ জৰিয়তে চিৰাগে অভিনয়ৰ জগতত খোজ পেলাইছিল।  ছবি খনত  সহঃ অভিনেত্ৰী আছিল  কংগনা ৰাণাৱট (২০১১) ।

 ছবিখনত পাছোৱানে এগৰাকী ছুপাৰ মডেলৰ প্ৰেমত পৰা টেনিছ খেলুৱৈৰ চৰিত্ৰত অভিনয় কৰিছিল।২০২৪ চনৰ লোকসভা নিৰ্বাচনত পাছোৱানে বিহাৰৰ জামুইৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱাৰ বিপৰীতে কংগনাই হিমাচলৰ মাণ্ডিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছে। পাছোৱানে কয় যে তেওঁ অভিনেত্ৰী আৰু ৰাজনীতিবিদগৰাকীক অতি সোনকালে সংসদত লগ পাবলৈ আগ্ৰহী। চিৰাগে কংগনাক নির্বাচনত জয়ী হোৱাৰ বাবে অভিনন্দন জনায়৷ আনহাতে, এন ডি এৰ সংসদীয় দলৰ বৈঠকত ভাষণ দি পাছোৱানে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে অকলেই দুখীয়া আৰু ধনীৰ মাজৰ ব্যৱধান দূৰ কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ