--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত লোকসভা নির্বাচনত মাণ্ডি সমষ্টিৰ পৰা বিজয়ী হৈছে অভিনেত্ৰী কংগনা ৰাণাৱট। কংগনাই কালি চণ্ডীগড় বিমান বন্দৰত আচহুৱা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। জয়ৰ আনন্দত এতিয়া যেন আত্মহাৰা হৈ পৰিছে কংগনা। সেয়ে বহু সময়ত তেওঁ কাষত কোন আছে সেই কথাৰ প্ৰতিও যেন লক্ষ্য কৰা নাই।  শুকুৰবাৰে লোক জনশক্তি পাৰ্টিৰ নেতা চিৰাগ পাছৱানে মোদীক অভিনন্দন জনায়৷ সেই স্থানতে উপস্থিত হৈছিল কংগনাও। কংগনাই হয়তো চিৰাগ পাছৱানক দেখা নাছিল বাবে দেখিলেও বিশেষ গুৰুত্ব দিয়া নাছিল। সেইবাবেই চিৰাগৰ সন্মুখেৰে পাৰ হৈ যোৱাৰ সময়তো কংগনাই চিৰাগক মাত এষাৰো দিয়া নাছিল। 

এই কথাত আচৰিত হৈছিল চিৰাগ। সেয়েই তেওঁৰ সন্মুখেৰেই পাৰ হৈ যোৱা কংগনাক পাছফালৰ পৰাই মাত দিলে চিৰাগে। চিৰাগৰ মাত শুনি কংগনা ৰৈ গ’ল আৰু উভতি আহি চিৰাগক সাৱটি ধৰিলে। উল্লেখ্য চিৰাগ পাছোৱান বৰ্তমান এগৰাকী সফল ৰাজনীতিক যদিও   লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ মুৰব্বী চিৰাগে  অভিনেতা হিচাপেহে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।  ‘মিলে না মিলে হম’ ছবিৰ জৰিয়তে চিৰাগে অভিনয়ৰ জগতত খোজ পেলাইছিল।  ছবি খনত  সহঃ অভিনেত্ৰী আছিল  কংগনা ৰাণাৱট (২০১১) ।

 ছবিখনত পাছোৱানে এগৰাকী ছুপাৰ মডেলৰ প্ৰেমত পৰা টেনিছ খেলুৱৈৰ চৰিত্ৰত অভিনয় কৰিছিল।২০২৪ চনৰ লোকসভা নিৰ্বাচনত পাছোৱানে বিহাৰৰ জামুইৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱাৰ বিপৰীতে কংগনাই হিমাচলৰ মাণ্ডিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছে। পাছোৱানে কয় যে তেওঁ অভিনেত্ৰী আৰু ৰাজনীতিবিদগৰাকীক অতি সোনকালে সংসদত লগ পাবলৈ আগ্ৰহী। চিৰাগে কংগনাক নির্বাচনত জয়ী হোৱাৰ বাবে অভিনন্দন জনায়৷ আনহাতে, এন ডি এৰ সংসদীয় দলৰ বৈঠকত ভাষণ দি পাছোৱানে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে অকলেই দুখীয়া আৰু ধনীৰ মাজৰ ব্যৱধান দূৰ কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু