--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰৱা চৌথৰ আনন্দৰ মাজতে এটা পৰিয়ালৰ মাজলৈ নামি আহিল কাল অমানিশা। পঞ্জাৱৰ লুধিয়ানাৰ খান্নাত সংঘটিত হৈছে এক কৰুণ ঘটনা। পত্নীয়ে কৰৱা চৌথৰ ব্ৰত ভংগ কৰাৰ পূৰ্বেই স্বামীয়ে পৃথিৱীৰ পৰা ল’লে চিৰবিদায়। 

মহিলাগৰাকীৰ স্বামী লখৱিন্দৰ ৰামে পত্নীৰ ব্ৰত ভাঙিবলৈ চন্দ্ৰ চাবলৈ ঘৰৰ চাদলৈ গৈছিল। এই সময়ছোৱাত চিৰিৰ পৰা লখৱিন্দৰ ৰামৰ ভৰিখন পিছলি গ’ল, যাৰ বাবে তেওঁ চিধাই তললৈ সৰি পৰিল। লগে লগে তেওঁক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

খান্নাৰ আমলোহ ৰোডৰ প্ৰীত নগৰত পৰিয়ালৰ সৈতে ভাড়াঘৰত বাস কৰিছিল বিহাৰৰ ৪৬ বছৰীয়া লখৱিন্দৰ ৰাম। বুধবাৰে লখৱিন্দৰ ৰামৰ পত্নীয়েও কৰৱা চৌথৰ ব্ৰত পালন কৰে। পত্নীৰ পৰামৰ্শ মতে ৰাতি চন্দ্ৰ উদয় হোৱাৰ সময় হোৱাত চন্দ্ৰ চাবলৈ ঘৰৰ চাদলৈ গ’ল স্বামী। সেয়াই বিপদ মাতি আনিলে লখৱিন্দৰ ৰামৰ জীৱনলৈ। পত্নীৰ বাবে জোন চাবলৈ গৈ চিৰদিনৰ বাবে জোনৰ দেশলৈ গুচি গ’ল স্বামী।

বিহাৰৰ বাসিন্দা লখৱিন্দৰ ৰামে কঠোৰ পৰিশ্ৰম কৰি পৰিয়াল পোহপাল দিছিল। পৰিয়ালটোৰ উপাৰ্জনৰ আন কোনো উপায় নাই। এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালটো। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হয়। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ