--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰৱা চৌথৰ আনন্দৰ মাজতে এটা পৰিয়ালৰ মাজলৈ নামি আহিল কাল অমানিশা। পঞ্জাৱৰ লুধিয়ানাৰ খান্নাত সংঘটিত হৈছে এক কৰুণ ঘটনা। পত্নীয়ে কৰৱা চৌথৰ ব্ৰত ভংগ কৰাৰ পূৰ্বেই স্বামীয়ে পৃথিৱীৰ পৰা ল’লে চিৰবিদায়। 

মহিলাগৰাকীৰ স্বামী লখৱিন্দৰ ৰামে পত্নীৰ ব্ৰত ভাঙিবলৈ চন্দ্ৰ চাবলৈ ঘৰৰ চাদলৈ গৈছিল। এই সময়ছোৱাত চিৰিৰ পৰা লখৱিন্দৰ ৰামৰ ভৰিখন পিছলি গ’ল, যাৰ বাবে তেওঁ চিধাই তললৈ সৰি পৰিল। লগে লগে তেওঁক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

খান্নাৰ আমলোহ ৰোডৰ প্ৰীত নগৰত পৰিয়ালৰ সৈতে ভাড়াঘৰত বাস কৰিছিল বিহাৰৰ ৪৬ বছৰীয়া লখৱিন্দৰ ৰাম। বুধবাৰে লখৱিন্দৰ ৰামৰ পত্নীয়েও কৰৱা চৌথৰ ব্ৰত পালন কৰে। পত্নীৰ পৰামৰ্শ মতে ৰাতি চন্দ্ৰ উদয় হোৱাৰ সময় হোৱাত চন্দ্ৰ চাবলৈ ঘৰৰ চাদলৈ গ’ল স্বামী। সেয়াই বিপদ মাতি আনিলে লখৱিন্দৰ ৰামৰ জীৱনলৈ। পত্নীৰ বাবে জোন চাবলৈ গৈ চিৰদিনৰ বাবে জোনৰ দেশলৈ গুচি গ’ল স্বামী।

বিহাৰৰ বাসিন্দা লখৱিন্দৰ ৰামে কঠোৰ পৰিশ্ৰম কৰি পৰিয়াল পোহপাল দিছিল। পৰিয়ালটোৰ উপাৰ্জনৰ আন কোনো উপায় নাই। এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালটো। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হয়। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু