--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জি-২০ নেতা সন্মিলনলৈ মাত্ৰ কেইদিনমান বাকী থকাৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ২০৪৭ চনৰ ভিতৰত ভাৰত উন্নত ৰাষ্ট্ৰ হ’ব। সেই সময়ত ভাৰতত কোনো দুৰ্নীতি আৰু সাম্প্ৰদায়িকতা নাথাকিব বুলিও মোদীয়ে কয়। উল্লেখ্য  ভাৰতে জি ২০ৰ দৰে  বৃহৎ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজনৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে।

 জি-২০ সন্মিলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰ আৰু অৰুণাচল প্ৰদেশত জি-২০ অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত চীনৰ আপত্তি নাকচ কৰে।এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে  ইয়াৰ ভূখণ্ডৰ প্ৰতিটো অংশত জি-২০ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে। মন্তব্য চীন আৰু পাকিস্তানে কাশ্মীৰত জি-২০ অনুষ্ঠান পতাৰ বিৰোধিতা কৰাৰ পিছতে মোদীয়ে এনেদৰে কয়। 

লক্ষণীয়ভাৱে, পাকিস্তান জি-২০ গোটৰ সদস্য নহয়,  কিন্তু দেশ খনৰ  আপত্তি দৰ্শোৱাৰ বিষয়ত চীনেও সমৰ্থন কৰিছে। ২০২৩  চনৰ মে’ মাহত ভাৰতে  শ্ৰীনগৰত  তৃতীয় জি-২০  কাৰ্যকৰী গোটৰ বৈঠক আয়োজন কৰিছিল। বৈঠকত চীনৰ বাহিৰে সকলো জি-২০ দেশৰ প্ৰতিনিধি উপস্থিত আছিল। 

মাৰ্চ মাহত বৃহৎ সংখ্যক জি-২০  প্ৰতিনিধিয়ে  অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে বিশ্বৰ মঞ্চত ভাৰতৰ সাংস্কৃতিক আৰু আঞ্চলিক বৈচিত্ৰ্য প্ৰদৰ্শন ৰখাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তত জি-২০ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে।    প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে  ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ সময়ত ভাৰতে ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬০ খন চহৰত ২২০ খনতকৈও অধিক বৈঠক আয়োজন কৰিব। তেওঁ লগতে কয় যে এই সকলো জি-২০ বৈঠকত  ১ লাখতকৈও অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস