--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জি-২০ নেতা সন্মিলনলৈ মাত্ৰ কেইদিনমান বাকী থকাৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ২০৪৭ চনৰ ভিতৰত ভাৰত উন্নত ৰাষ্ট্ৰ হ’ব। সেই সময়ত ভাৰতত কোনো দুৰ্নীতি আৰু সাম্প্ৰদায়িকতা নাথাকিব বুলিও মোদীয়ে কয়। উল্লেখ্য  ভাৰতে জি ২০ৰ দৰে  বৃহৎ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজনৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে।

 জি-২০ সন্মিলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰ আৰু অৰুণাচল প্ৰদেশত জি-২০ অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত চীনৰ আপত্তি নাকচ কৰে।এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে  ইয়াৰ ভূখণ্ডৰ প্ৰতিটো অংশত জি-২০ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে। মন্তব্য চীন আৰু পাকিস্তানে কাশ্মীৰত জি-২০ অনুষ্ঠান পতাৰ বিৰোধিতা কৰাৰ পিছতে মোদীয়ে এনেদৰে কয়। 

লক্ষণীয়ভাৱে, পাকিস্তান জি-২০ গোটৰ সদস্য নহয়,  কিন্তু দেশ খনৰ  আপত্তি দৰ্শোৱাৰ বিষয়ত চীনেও সমৰ্থন কৰিছে। ২০২৩  চনৰ মে’ মাহত ভাৰতে  শ্ৰীনগৰত  তৃতীয় জি-২০  কাৰ্যকৰী গোটৰ বৈঠক আয়োজন কৰিছিল। বৈঠকত চীনৰ বাহিৰে সকলো জি-২০ দেশৰ প্ৰতিনিধি উপস্থিত আছিল। 

মাৰ্চ মাহত বৃহৎ সংখ্যক জি-২০  প্ৰতিনিধিয়ে  অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে বিশ্বৰ মঞ্চত ভাৰতৰ সাংস্কৃতিক আৰু আঞ্চলিক বৈচিত্ৰ্য প্ৰদৰ্শন ৰখাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তত জি-২০ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে।    প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে  ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ সময়ত ভাৰতে ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬০ খন চহৰত ২২০ খনতকৈও অধিক বৈঠক আয়োজন কৰিব। তেওঁ লগতে কয় যে এই সকলো জি-২০ বৈঠকত  ১ লাখতকৈও অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব