--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হঠাতে লোকসভাৰ  বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নেতৃত্বত  এখন ৰাষ্ট্ৰ এক নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ কৰিবলৈ সমিতি গঠন কৰা হৈছে।  কেন্দ্ৰৰ এনে  পদক্ষেপে হঠাতে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' সম্পৰ্কে নানান জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। বিৰোধীয়ে দাবী কৰিছে  যে বিজেপিয়ে পৰাজয়ৰ আশংকাত   লোকসভা নিৰ্বাচন আগতীয়াকৈ অনুষ্ঠিত কৰিবলৈ  আগবাঢ়িছে। 

অৱশ্যে, গেৰুৱা দলটোৱে  দাবী কৰে যে তেনে কোনো সম্ভাৱনা নাই।কেন্দ্ৰই ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশনৰ আহ্বান জনাইছে। কিন্তু মোদী  চৰকাৰে এতিয়ালৈকে বিশেষ অধিৱেশনত কি কি বিষয় আলোচনা কৰা হ'ব সেই বিষয়ত কোনো কথা প্ৰকাশ কৰা নাই। এই অধিৱেশনত 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে বুলিও উৰাবাতৰি ওলাইছে।কেন্দ্ৰই দেশৰ সকলো ৰাজ্যত একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নেকি সেয়া পৰীক্ষা কৰি চাবলৈ সমিতি খন গঠন কৰি দিছে।

এই সমিতি গঠন হোৱাৰ পিছত লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ উৰাবাতৰিও বিয়পি পৰিছে। অৱশ্যে, চৰকাৰে কৈছে  যে এনে কোনো সম্ভাৱনা নাই। নিৰ্বাচন আগতীয়াকৈ অনুষ্ঠিত হ'ব বুলি চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, "নিৰ্বাচন আগুৱাই অনাৰ কোনো প্ৰশ্নই নুঠে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কাৰ্যকালৰ অন্তিম দিনলৈকে জনসাধাৰণৰ সেৱা কৰিব বিচাৰে।’’ 

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ খবৰ  সম্পূৰ্ণৰূপে সংবাদ মাধ্যমৰ সৃষ্টি।
 তেন্তে ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন কিয় আহ্বান কৰা হৈছে? অনুৰাগ ঠাকুৰে  কয়  যে অধিৱেশন কিয় আহ্বান কৰা হৈছে সঠিক সময়ত জনোৱা হৈছে। অৱশ্যে, লগতে কয়  যে চৰকাৰ এখন দেশ, এটা নিৰ্বাচনৰ পক্ষত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব