--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হঠাতে লোকসভাৰ  বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নেতৃত্বত  এখন ৰাষ্ট্ৰ এক নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ কৰিবলৈ সমিতি গঠন কৰা হৈছে।  কেন্দ্ৰৰ এনে  পদক্ষেপে হঠাতে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' সম্পৰ্কে নানান জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। বিৰোধীয়ে দাবী কৰিছে  যে বিজেপিয়ে পৰাজয়ৰ আশংকাত   লোকসভা নিৰ্বাচন আগতীয়াকৈ অনুষ্ঠিত কৰিবলৈ  আগবাঢ়িছে। 

অৱশ্যে, গেৰুৱা দলটোৱে  দাবী কৰে যে তেনে কোনো সম্ভাৱনা নাই।কেন্দ্ৰই ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশনৰ আহ্বান জনাইছে। কিন্তু মোদী  চৰকাৰে এতিয়ালৈকে বিশেষ অধিৱেশনত কি কি বিষয় আলোচনা কৰা হ'ব সেই বিষয়ত কোনো কথা প্ৰকাশ কৰা নাই। এই অধিৱেশনত 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে বুলিও উৰাবাতৰি ওলাইছে।কেন্দ্ৰই দেশৰ সকলো ৰাজ্যত একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নেকি সেয়া পৰীক্ষা কৰি চাবলৈ সমিতি খন গঠন কৰি দিছে।

এই সমিতি গঠন হোৱাৰ পিছত লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ উৰাবাতৰিও বিয়পি পৰিছে। অৱশ্যে, চৰকাৰে কৈছে  যে এনে কোনো সম্ভাৱনা নাই। নিৰ্বাচন আগতীয়াকৈ অনুষ্ঠিত হ'ব বুলি চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, "নিৰ্বাচন আগুৱাই অনাৰ কোনো প্ৰশ্নই নুঠে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কাৰ্যকালৰ অন্তিম দিনলৈকে জনসাধাৰণৰ সেৱা কৰিব বিচাৰে।’’ 

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ খবৰ  সম্পূৰ্ণৰূপে সংবাদ মাধ্যমৰ সৃষ্টি।
 তেন্তে ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন কিয় আহ্বান কৰা হৈছে? অনুৰাগ ঠাকুৰে  কয়  যে অধিৱেশন কিয় আহ্বান কৰা হৈছে সঠিক সময়ত জনোৱা হৈছে। অৱশ্যে, লগতে কয়  যে চৰকাৰ এখন দেশ, এটা নিৰ্বাচনৰ পক্ষত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস