--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ কেইবাটাও অঞ্চল বানত বুৰ গৈছে। ৰাজধানী দিল্লীত বানে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। যমুনা নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চহৰখনৰ চান্দগী ৰাম আখাদা চ'ককে ধৰি বিভিন্ন অঞ্চল। যমুনা নৈৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্ৰম কৰাৰ ফলতে সৃষ্টি হৈছে বানপানীৰ।

২০৮ মিটাৰ ওপৰেৰে বৈছে যমুনা নদী। নদী কাষৰীয়া মানুহক ঘৰ খালী কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। বানে প্লাৱিত কৰা উক্ত অঞ্চলটিৰ ভালেসংখ্যক পৰিয়ালৰ ঘৰৰ বাহিৰে-ভিতৰে পানী সোমাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। দেশৰ আন আন ৰাজ্যৰ লগতে দিল্লীতো হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দুদিন পূৰ্বেই বাঢ়নী পানীয়ে যমুনা নৈৰ বিপদসীমা অতিক্ৰম কৰিছিল।

অৱশ্যে চান্দগী ৰাম আখাদা চ'কত হোৱা বানপানী বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষী-প্ৰশাসনে বান সম্ভাৱনাপ্ৰৱণ অঞ্চলসূমহত সতৰ্কবাণী জাৰি কৰিছে। যান-বাহন চলাচলৰ ক্ষেত্ৰতো জাৰি কৰিছে বিশেষ সতৰ্কবাণী। ৰাইজক সাৱধানে চলিবলৈ আৰু প্ৰয়োজন নহলে ঘৰৰ বাহিৰ নুলাবলৈ আহ্বান দিল্লী প্ৰসাসনৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল