--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ কেইবাটাও অঞ্চল বানত বুৰ গৈছে। ৰাজধানী দিল্লীত বানে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। যমুনা নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চহৰখনৰ চান্দগী ৰাম আখাদা চ'ককে ধৰি বিভিন্ন অঞ্চল। যমুনা নৈৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্ৰম কৰাৰ ফলতে সৃষ্টি হৈছে বানপানীৰ।

২০৮ মিটাৰ ওপৰেৰে বৈছে যমুনা নদী। নদী কাষৰীয়া মানুহক ঘৰ খালী কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। বানে প্লাৱিত কৰা উক্ত অঞ্চলটিৰ ভালেসংখ্যক পৰিয়ালৰ ঘৰৰ বাহিৰে-ভিতৰে পানী সোমাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। দেশৰ আন আন ৰাজ্যৰ লগতে দিল্লীতো হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দুদিন পূৰ্বেই বাঢ়নী পানীয়ে যমুনা নৈৰ বিপদসীমা অতিক্ৰম কৰিছিল।

অৱশ্যে চান্দগী ৰাম আখাদা চ'কত হোৱা বানপানী বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষী-প্ৰশাসনে বান সম্ভাৱনাপ্ৰৱণ অঞ্চলসূমহত সতৰ্কবাণী জাৰি কৰিছে। যান-বাহন চলাচলৰ ক্ষেত্ৰতো জাৰি কৰিছে বিশেষ সতৰ্কবাণী। ৰাইজক সাৱধানে চলিবলৈ আৰু প্ৰয়োজন নহলে ঘৰৰ বাহিৰ নুলাবলৈ আহ্বান দিল্লী প্ৰসাসনৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস