--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলাহীয়ে বজাৰত জুই জ্বলোৱাৰ সময়তে এখন সংসাৰতো জ্বলালে জুই। বিলাহীৰ আকাশলংঘী দামে বহু লোকৰ আৰ্থিক দিশত হাৰাশাস্তি কৰিছে আৰু এই বিলাহীয়ে মধ্যপ্ৰদেশৰ শ্বাহদোল জিলাত বাস কৰা স্বামী-স্ত্ৰীৰ কাজিয়াৰ কাৰণো হৈ পৰিল।

টিফিন চাৰ্ভিছৰ কাম কৰা সঞ্জীৱ বৰ্মনে কয় যে শেহতীয়াকৈ পত্নী আৰতী বৰ্মনক নোসোধাকৈ খাদ্য ৰান্ধি থাকোঁতে দুটা বিলাহী ব্যৱহাৰ কৰাৰ পাছত দুই পতি-পত্নীৰ মাজত প্ৰচণ্ড কাজিয়া হয়। বৰ্মনৰ মতে, বিলাহীৰ ব্যৱহাৰক লৈ তেওঁৰ পত্নী দুখী হৈ পৰিছিল কাৰণ তেওঁ খাদ্যত বিলাহী ব্যৱহাৰ কৰাৰ কথা পত্নীক সুধি লোৱা নাছিল।

বৰ্মনৰ বক্তব্য অনুসৰি কাজিয়াৰ অন্তত কন্যা সন্তানৰ সৈতে পত্নী ঘৰৰ পৰা ওলাই যাবলৈ সিদ্ধান্ত লয়। পত্নী-কন্যাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিও বিফল হ'ল সঞ্জীৱ বৰ্মন। সহায় বিচাৰি তেওঁ স্থানীয় থানালৈ যায়।

আৰক্ষী বিষয়াসকলে সঞ্জীৱক আশ্বাস দিছে যে তেওঁলোকে তেওঁৰ পত্নীৰ সৈতে যোগাযোগ কৰিব আৰু তেওঁ অতি সোনকালে সঞ্জীৱৰ কাষলৈ ঘূৰি আহিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস