ডিজিটেল ডেস্কঃ বিলাহীয়ে বজাৰত জুই জ্বলোৱাৰ সময়তে এখন সংসাৰতো জ্বলালে জুই। বিলাহীৰ আকাশলংঘী দামে বহু লোকৰ আৰ্থিক দিশত হাৰাশাস্তি কৰিছে আৰু এই বিলাহীয়ে মধ্যপ্ৰদেশৰ শ্বাহদোল জিলাত বাস কৰা স্বামী-স্ত্ৰীৰ কাজিয়াৰ কাৰণো হৈ পৰিল।
টিফিন চাৰ্ভিছৰ কাম কৰা সঞ্জীৱ বৰ্মনে কয় যে শেহতীয়াকৈ পত্নী আৰতী বৰ্মনক নোসোধাকৈ খাদ্য ৰান্ধি থাকোঁতে দুটা বিলাহী ব্যৱহাৰ কৰাৰ পাছত দুই পতি-পত্নীৰ মাজত প্ৰচণ্ড কাজিয়া হয়। বৰ্মনৰ মতে, বিলাহীৰ ব্যৱহাৰক লৈ তেওঁৰ পত্নী দুখী হৈ পৰিছিল কাৰণ তেওঁ খাদ্যত বিলাহী ব্যৱহাৰ কৰাৰ কথা পত্নীক সুধি লোৱা নাছিল।
বৰ্মনৰ বক্তব্য অনুসৰি কাজিয়াৰ অন্তত কন্যা সন্তানৰ সৈতে পত্নী ঘৰৰ পৰা ওলাই যাবলৈ সিদ্ধান্ত লয়। পত্নী-কন্যাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিও বিফল হ'ল সঞ্জীৱ বৰ্মন। সহায় বিচাৰি তেওঁ স্থানীয় থানালৈ যায়।
আৰক্ষী বিষয়াসকলে সঞ্জীৱক আশ্বাস দিছে যে তেওঁলোকে তেওঁৰ পত্নীৰ সৈতে যোগাযোগ কৰিব আৰু তেওঁ অতি সোনকালে সঞ্জীৱৰ কাষলৈ ঘূৰি আহিব।