--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ কাউণ্টডাউন আৰম্ভ হৈছে। শুকুৰবাৰে (১৪ জুলাই) দিনৰ ২:৩৫ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এই অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইছৰোৱে বৃহস্পতিবাৰে (১৩ জুলাই) কয় যে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩  উৎক্ষেপণৰ কাউণ্টডাউন আৰম্ভ হৈছে।

চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ প্ৰক্ৰিয়াৰ ২৪ ঘণ্টীয়া উৎক্ষেপণৰ আখৰা বুধবাৰে সম্পূৰ্ণ হয়। জ্যেষ্ঠ মহাকাশ বিজ্ঞানী জি মাধৱন নায়াৰে কয় যে চন্দ্ৰত উপনীত হ’বলৈ চন্দ্ৰযান-৩ অভিযান সকলো দিশতে সফল হ’ব লাগে যাতে ভাৰতে মহাকাশ অনুসন্ধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিব পাৰে। তেওঁ চন্দ্ৰপৃষ্ঠত মষৃণ অৱতৰণক অত্যন্ত কঠিন আৰু প্ৰত্যাহ্বানমূলক বুলি অভিহিত কৰে।



চাৰি বছৰ পূৰ্বে ২০১৯ চনত চন্দ্ৰযান-২ অভিযানৰ সময়ত লেণ্ডাৰৰ অৱতৰণত সফলতা পোৱা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত চন্দ্ৰযান-৩ অভিযান ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। মাধৱন নায়াৰে কয় যে ৰাষ্ট্ৰীয় মহাকাশ সংস্থাটোৱে প্ৰায় চাৰি বছৰ পূৰ্বে চন্দ্ৰযান-২ৰ অৱতৰণৰ সময়ত সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰি  নতুন সমূহ ব্যৱস্থা শক্তিশালী কৰি তুলিছিল।


এই অভিযান লঞ্চ ভেহিকেল মাৰ্ক-৩ (এলভিএম৩)ৰ পৰা আৰম্ভ কৰা হ’ব। যাক ইছৰোৰ বিজ্ঞানীৰ দ্বাৰা ফেট বয় বুলিও কোৱা হয়।ই বৰ্তমানলৈকে  একেৰাহে ছটা সফল অভিযান সম্পূৰ্ণ কৰিছে। চন্দ্ৰযান-৩ৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ আগষ্ট মাহৰ শেষৰ ফালে হোৱাৰ কথা। এই সন্দৰ্ভত বিজ্ঞানী নায়াৰে কয় যে এইটো এটা অতি কঠিন তথা জটিল প্ৰক্ৰিয়া আৰু আমি প্ৰথমবাৰৰ বাবে অজ্ঞাত এলেকাত অৱতৰণ কৰিবলৈ ওলাইছো। আমি ধৈৰ্য্যৰে সময়লৈ চোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস