--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ কাউণ্টডাউন আৰম্ভ হৈছে। শুকুৰবাৰে (১৪ জুলাই) দিনৰ ২:৩৫ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এই অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইছৰোৱে বৃহস্পতিবাৰে (১৩ জুলাই) কয় যে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩  উৎক্ষেপণৰ কাউণ্টডাউন আৰম্ভ হৈছে।

চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ প্ৰক্ৰিয়াৰ ২৪ ঘণ্টীয়া উৎক্ষেপণৰ আখৰা বুধবাৰে সম্পূৰ্ণ হয়। জ্যেষ্ঠ মহাকাশ বিজ্ঞানী জি মাধৱন নায়াৰে কয় যে চন্দ্ৰত উপনীত হ’বলৈ চন্দ্ৰযান-৩ অভিযান সকলো দিশতে সফল হ’ব লাগে যাতে ভাৰতে মহাকাশ অনুসন্ধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিব পাৰে। তেওঁ চন্দ্ৰপৃষ্ঠত মষৃণ অৱতৰণক অত্যন্ত কঠিন আৰু প্ৰত্যাহ্বানমূলক বুলি অভিহিত কৰে।



চাৰি বছৰ পূৰ্বে ২০১৯ চনত চন্দ্ৰযান-২ অভিযানৰ সময়ত লেণ্ডাৰৰ অৱতৰণত সফলতা পোৱা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত চন্দ্ৰযান-৩ অভিযান ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। মাধৱন নায়াৰে কয় যে ৰাষ্ট্ৰীয় মহাকাশ সংস্থাটোৱে প্ৰায় চাৰি বছৰ পূৰ্বে চন্দ্ৰযান-২ৰ অৱতৰণৰ সময়ত সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰি  নতুন সমূহ ব্যৱস্থা শক্তিশালী কৰি তুলিছিল।


এই অভিযান লঞ্চ ভেহিকেল মাৰ্ক-৩ (এলভিএম৩)ৰ পৰা আৰম্ভ কৰা হ’ব। যাক ইছৰোৰ বিজ্ঞানীৰ দ্বাৰা ফেট বয় বুলিও কোৱা হয়।ই বৰ্তমানলৈকে  একেৰাহে ছটা সফল অভিযান সম্পূৰ্ণ কৰিছে। চন্দ্ৰযান-৩ৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ আগষ্ট মাহৰ শেষৰ ফালে হোৱাৰ কথা। এই সন্দৰ্ভত বিজ্ঞানী নায়াৰে কয় যে এইটো এটা অতি কঠিন তথা জটিল প্ৰক্ৰিয়া আৰু আমি প্ৰথমবাৰৰ বাবে অজ্ঞাত এলেকাত অৱতৰণ কৰিবলৈ ওলাইছো। আমি ধৈৰ্য্যৰে সময়লৈ চোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল