--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চলিত মাহত ফ’ৰ্বছে প্ৰকাশ কৰা ২০গৰাকী এছিয়ান মহিলা উদ্যোগীৰ তালিকাত তিনিগৰাকী ভাৰতীয় মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে। কোভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা অনিশ্চয়তাৰ মাজত ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰা মহিলাসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। স্মৰ্তব্য যে ক’ভিডসৃষ্ট পৰিৱেশে বিগত তিনি বছৰত ব্যৱসায়িক খণ্ডত যথেষ্ট প্ৰভাৱিত কৰা দেখা গৈছে। দৰাচলতে বহু ঔদ্যোগিক প্ৰতিষ্ঠান এই সময়ছোৱাত বেয়াকৈ ক্ষতিগ্ৰস্তও হৈছে।

 এই তিনিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে-

ষ্টীল অথৰিটি অব ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ সোমা মণ্ডল, এমকিউৰ ফাৰ্মাৰ কাৰ্যবাহী সঞ্চালক নমিতা থাপাৰ আৰু হোনছা কনজিউমাৰৰ সহপ্ৰতিষ্ঠাপক তথা মুখ্য উদ্ভাৱন বিষয়া গাজল আলাঘৰ নাম অন্তৰ্ভুত্ত হৈছে। ফ’ৰ্বছে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে তালিকাত থকা একাংশ মহিলাই জাহাজ, ৰিয়েল এষ্টেট আৰু নিৰ্মাণৰ দৰে খণ্ডত কাম কৰাৰ বিপৰীতে আন একাংশ প্ৰযুক্তি, চিকিৎসা আৰু সামগ্ৰীৰ দৰে ক্ষেত্ৰত কাম কৰি আছে।

 এই তালিকাত থকা আন মহিলাসকল হৈছে অষ্ট্ৰেলিয়া, চীন, দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়া, জাপান, ছিংগাপুৰ, টাইৱান আৰু থাইলেণ্ডৰ। ফ’ৰ্বছে কয় যে এছিয়া-পেচিফিক অঞ্চল মহামাৰীৰ পাছৰ যুগলৈ গতি কৰিছে য’ত চৰকাৰ, ব্যক্তি আৰু ব্যৱসায়ীসকলে ক’ভিডৰে সহৱস্থান কৰিবলৈ শিকিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...