--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চলিত মাহত ফ’ৰ্বছে প্ৰকাশ কৰা ২০গৰাকী এছিয়ান মহিলা উদ্যোগীৰ তালিকাত তিনিগৰাকী ভাৰতীয় মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে। কোভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা অনিশ্চয়তাৰ মাজত ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰা মহিলাসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। স্মৰ্তব্য যে ক’ভিডসৃষ্ট পৰিৱেশে বিগত তিনি বছৰত ব্যৱসায়িক খণ্ডত যথেষ্ট প্ৰভাৱিত কৰা দেখা গৈছে। দৰাচলতে বহু ঔদ্যোগিক প্ৰতিষ্ঠান এই সময়ছোৱাত বেয়াকৈ ক্ষতিগ্ৰস্তও হৈছে।

 এই তিনিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে-

ষ্টীল অথৰিটি অব ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ সোমা মণ্ডল, এমকিউৰ ফাৰ্মাৰ কাৰ্যবাহী সঞ্চালক নমিতা থাপাৰ আৰু হোনছা কনজিউমাৰৰ সহপ্ৰতিষ্ঠাপক তথা মুখ্য উদ্ভাৱন বিষয়া গাজল আলাঘৰ নাম অন্তৰ্ভুত্ত হৈছে। ফ’ৰ্বছে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে তালিকাত থকা একাংশ মহিলাই জাহাজ, ৰিয়েল এষ্টেট আৰু নিৰ্মাণৰ দৰে খণ্ডত কাম কৰাৰ বিপৰীতে আন একাংশ প্ৰযুক্তি, চিকিৎসা আৰু সামগ্ৰীৰ দৰে ক্ষেত্ৰত কাম কৰি আছে।

 এই তালিকাত থকা আন মহিলাসকল হৈছে অষ্ট্ৰেলিয়া, চীন, দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়া, জাপান, ছিংগাপুৰ, টাইৱান আৰু থাইলেণ্ডৰ। ফ’ৰ্বছে কয় যে এছিয়া-পেচিফিক অঞ্চল মহামাৰীৰ পাছৰ যুগলৈ গতি কৰিছে য’ত চৰকাৰ, ব্যক্তি আৰু ব্যৱসায়ীসকলে ক’ভিডৰে সহৱস্থান কৰিবলৈ শিকিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক