--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ চিকিৎসা বিজ্ঞানত এক নতুন যুগৰ সূচনা কৰি বিজ্ঞানীসকলে পৰীক্ষাগাৰত ৰোগীৰ জীৱন ৰক্ষাৰ বাবে তেজ প্ৰস্তুত কৰি উলিয়ায়। বৰ্তমান পৰীক্ষাগাৰত প্ৰস্তুত কৰা এই তেজৰ প্ৰথম ক্লিনিকেল ট্ৰায়েল কৰা হৈছে।

 বিজ্ঞানীসকলৰ এই নতুন আৱিষ্কাৰে চিকিৎসা বিজ্ঞানক ন মাত্ৰা প্ৰদান কৰিব। ইতিমধ্যে বিজ্ঞানীসকলে প্ৰস্তুত কৰি উলিওৱা তেজ প্ৰথমবাৰৰ বাবে দুজন লোকক পৰীক্ষামূলকভাৱে দিয়া হৈছে। অৱশ্যে এইটোৱেই হৈছে পৰীক্ষাগাৰত প্ৰস্তুত কৰা তেজৰ প্ৰথমটো ক্লিনিকেল টেষ্ট।

 স্মৰ্তব্য যে বিজ্ঞানীসকলে ৰক্তদাতাৰ ষ্টেম চেল ব্যৱহাৰ কৰি লেবত এই তেজ তৈয়াৰ কৰিছিল। তেজ প্ৰস্তুত কৰাৰ পাছত প্ৰথম পৰীক্ষা হিচাপে দুজন স্বেচ্ছাসেৱকক মাত্ৰ ৫ৰ পৰা ১০ মিলিলিটাৰ তেজ দিয়া হৈছে। এই পৰীক্ষাৰ জৰিয়তে প্ৰস্তুত কৰা ৰক্তকণিকাসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হয়। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে পৰীক্ষাগাৰত প্ৰস্তুত কৰা তেজ মানুহৰ শৰীৰত দিয়া হয়।

 বিজ্ঞানীৰ দলটোৱে লগতে উল্লেখ কৰে যে তেজ দিয়া ৰোগী দুজনক নিৰীক্ষণ কৰি থকা হৈছে। এতিয়ালৈকে কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া দেখা পোৱা হোৱা নাই। দুয়োজন লোকে বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক