--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল জেস্কঃ কেনে আছে লতা মংগেশকাৰ? কালিৰে পৰা প্ৰতিজন ভাৰতীয় উদ্বিগ্নতাত আছে কাৰণ সকলোৰে মৰমৰ লতা দিদি কৰ’নাত আক্ৰান্ত হৈছে। ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিংবদন্তি কণ্ঠশিল্পীগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে। লতা মংগেশকাৰৰ স্বাস্থ্যৰ শেহতীয়া আপডেট পাবৰ বাবে ৰৈ আছে প্ৰতিজন লতাপ্ৰেমী। ৯২ বছৰীয়া লতা মংগেশকাৰৰ অনুৰাগীসকলৰ বাবে এটা স্বাস্থ্য আপডেট মুকলি কৰিছে তেওঁৰ ভতিজী ৰচনা শ্বাহে।

লতাৰ ভতিজী ৰচনা শ্বাহে কয় যে ''লতা দিদিৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান এতিয়া সুস্থিৰ আৰু তেওঁ সুস্থ হৈ আছে। লতা দিদিক বৰ্তমান অক্সিজেন ছাপ'ৰ্টত ৰখা হৈছে। তেওঁৰ বয়সৰ বাবে আন বহুতো স্বাস্থ্যজনিত সমস্যা আছে, যাৰ বাবে চিকিৎসকসকলে তেওঁৰ বিশেষ যত্ন লৈ আছে। গতিকে লতা মংগেশকাৰ আৰু কেইদিনমান চিকিৎসালয়ত থাকিব পাৰে। ঈশ্বৰ সঁচাকৈয়ে দয়ালু। লতা দিদি এজন যুঁজাৰু। আমি আন্তৰিকতাৰে আশা কৰোঁ যে তেওঁ কৰ'নাৰ সৈতে যুঁজি জিকি আহিব আৰু অতি সোনকালে ঘৰলৈ আহিব। মই তেওঁৰ সকলো অনুৰাগীক ধন্যবাদ দিব বিচাৰো যিসকলে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছে। যেতিয়া বহুলোকে এজন মানুহৰ বাবে প্ৰাৰ্থনা কৰে তেতিয়া সেই মানুহজনৰ সৈতে একো ভুল হ'ব নোৱাৰে।''

ব্ৰিচকেণ্ডি হাস্পতালৰ ডাঃ প্ৰতীক সমদানীয়েও এটা বিবৃতি জাৰি কৰিছে। তেওঁ কৈছে যে ''লতা দিদিৰ বাবে শ্ৰেষ্ঠ চিকিৎসকৰ এটা দল গঠন কৰা হৈছে আৰু সেই দলটোৱে বিশেষভাৱে তেওঁৰ চিকিৎসা কৰি আছে। যদিও তেওঁ সুস্থ হৈ আছে, তথাপিও কিন্তু পৰিয়ালৰ লোকক তেওঁক লগ কৰিবলৈ অনুমতি দিব নোৱাৰি। লতা দিদি কৰ’নাৰ লগতে নিউমোনিয়াতো ভুগি আছে। সেয়েহে লতা দিদিক বৰ্তমান আইচিইউত চিকিৎসকৰ তত্বাৱধানত ১০-১২ দিনৰ বাবে ৰখা হ'ব।'' উল্লখ্য যে দেশৰ প্ৰান্তে প্ৰান্তে লতা মংগেশকাৰৰ আৰোগ্য কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে অগণন লোকে।

আৰু পঢ়কঃ নিৰ্বাচনৰ আগে আগে বিজেপি ত্যাগ মন্ত্ৰী-বিধায়কৰ; বিজেপিৰ অফিচলৈ তলা পঠিয়ালে সমাজবাদী পাৰ্টীয়ে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ