--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল জেস্কঃ কেনে আছে লতা মংগেশকাৰ? কালিৰে পৰা প্ৰতিজন ভাৰতীয় উদ্বিগ্নতাত আছে কাৰণ সকলোৰে মৰমৰ লতা দিদি কৰ’নাত আক্ৰান্ত হৈছে। ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিংবদন্তি কণ্ঠশিল্পীগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে। লতা মংগেশকাৰৰ স্বাস্থ্যৰ শেহতীয়া আপডেট পাবৰ বাবে ৰৈ আছে প্ৰতিজন লতাপ্ৰেমী। ৯২ বছৰীয়া লতা মংগেশকাৰৰ অনুৰাগীসকলৰ বাবে এটা স্বাস্থ্য আপডেট মুকলি কৰিছে তেওঁৰ ভতিজী ৰচনা শ্বাহে।

লতাৰ ভতিজী ৰচনা শ্বাহে কয় যে ''লতা দিদিৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান এতিয়া সুস্থিৰ আৰু তেওঁ সুস্থ হৈ আছে। লতা দিদিক বৰ্তমান অক্সিজেন ছাপ'ৰ্টত ৰখা হৈছে। তেওঁৰ বয়সৰ বাবে আন বহুতো স্বাস্থ্যজনিত সমস্যা আছে, যাৰ বাবে চিকিৎসকসকলে তেওঁৰ বিশেষ যত্ন লৈ আছে। গতিকে লতা মংগেশকাৰ আৰু কেইদিনমান চিকিৎসালয়ত থাকিব পাৰে। ঈশ্বৰ সঁচাকৈয়ে দয়ালু। লতা দিদি এজন যুঁজাৰু। আমি আন্তৰিকতাৰে আশা কৰোঁ যে তেওঁ কৰ'নাৰ সৈতে যুঁজি জিকি আহিব আৰু অতি সোনকালে ঘৰলৈ আহিব। মই তেওঁৰ সকলো অনুৰাগীক ধন্যবাদ দিব বিচাৰো যিসকলে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছে। যেতিয়া বহুলোকে এজন মানুহৰ বাবে প্ৰাৰ্থনা কৰে তেতিয়া সেই মানুহজনৰ সৈতে একো ভুল হ'ব নোৱাৰে।''

ব্ৰিচকেণ্ডি হাস্পতালৰ ডাঃ প্ৰতীক সমদানীয়েও এটা বিবৃতি জাৰি কৰিছে। তেওঁ কৈছে যে ''লতা দিদিৰ বাবে শ্ৰেষ্ঠ চিকিৎসকৰ এটা দল গঠন কৰা হৈছে আৰু সেই দলটোৱে বিশেষভাৱে তেওঁৰ চিকিৎসা কৰি আছে। যদিও তেওঁ সুস্থ হৈ আছে, তথাপিও কিন্তু পৰিয়ালৰ লোকক তেওঁক লগ কৰিবলৈ অনুমতি দিব নোৱাৰি। লতা দিদি কৰ’নাৰ লগতে নিউমোনিয়াতো ভুগি আছে। সেয়েহে লতা দিদিক বৰ্তমান আইচিইউত চিকিৎসকৰ তত্বাৱধানত ১০-১২ দিনৰ বাবে ৰখা হ'ব।'' উল্লখ্য যে দেশৰ প্ৰান্তে প্ৰান্তে লতা মংগেশকাৰৰ আৰোগ্য কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে অগণন লোকে।

আৰু পঢ়কঃ নিৰ্বাচনৰ আগে আগে বিজেপি ত্যাগ মন্ত্ৰী-বিধায়কৰ; বিজেপিৰ অফিচলৈ তলা পঠিয়ালে সমাজবাদী পাৰ্টীয়ে


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু