--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ পৰাজয়ে এতিয়া শোকাহত কৰিছে দেশ খনৰ ফুটবল অনুৰাগীসকলক। এনে সময়তে এটা মেট্ৰ' ষ্টেচনৰ নাম এদিনৰ বাবে সলাই পেলোৱা হৈছে। ফ্ৰান্সত  লিঅনেল মেছিৰ দেশ আৰ্জেণ্টিনাৰ নামেৰে  পেৰিছত এটা মেট্ৰ' ষ্টেচন আছে। কিন্তু আৰ্জেণ্টিনাৰ বিৰুদ্ধে ফ্ৰান্সৰ উটবল অনুৰাগীৰ ক্ষোভ দেখি দেশ খনৰ চৰকাৰে এদিনৰ বাবে  ষ্টেচনটোৰ নাম সলাই দিয়াৰ সিদ্ধান্ত লৈছে।

সেইমৰ্মে  এদিনৰ বাবে নীলা কাপোৰেৰে  ঢাকি ৰখা হৈছে ষ্টেছনটোৰ নাম।ফ্ৰান্সৰ ফুটবল অনুৰাগীসকলৰ দাবী মানি লৈয়েই মেট্ৰ' ষ্টেচনৰ নাম এদিনৰ বাবে সলনি কৰা হৈছে। পেৰিছৰ  আৰ্জেণ্টিনা নামৰ ষ্টেছনটোৰ নাম ফলকত  আঁৰি দিয়া হৈছে নীলাকাপোৰ। পৰাজয়ৰ  এনে এটা দিনত ফৰাচীসকলে বাৰে বাৰে 'আৰ্জেণ্টিনা' নামটো ক'বলৈ বা 'আৰ্জেণ্টিনা' লিখা চাবলৈ বিচৰা নাই।


সেইবাবেই এনে ব্যৱস্থা কৰা হৈছে।আৰ্জেণ্টিনা  ষ্টেচনটোৰ নাম  এদিনৰ বাবে 'ফ্ৰান্স' দিয়া হৈছে।ফ্ৰান্সৰ বিভিন্ন স্থানত ১৪,০০০ তকৈও অধিক আৰক্ষী মোতায়েন কৰা হৈছে। কেৱল পেৰিছৰ বিভিন্ন স্থানত প্ৰায় ২,৭৫০ জন আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ফাইনেল চাবলৈ দোহাৰ লুচাইল ষ্টেডিয়ামত উপস্থিত আছিল । ফাইনেলৰ আগতে তেওঁ ফুটবলাৰসকলক উৎসাহিত কৰিবলৈ এক বিশেষ বাৰ্তাও দিছিল।কোনো শুভেচ্ছা বা বাৰ্তাই ফ্ৰান্সক জয়ৰ লক্ষ্যত উপনীত কৰোৱাব নোৱাৰিলে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত