--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ পৰাজয়ে এতিয়া শোকাহত কৰিছে দেশ খনৰ ফুটবল অনুৰাগীসকলক। এনে সময়তে এটা মেট্ৰ' ষ্টেচনৰ নাম এদিনৰ বাবে সলাই পেলোৱা হৈছে। ফ্ৰান্সত  লিঅনেল মেছিৰ দেশ আৰ্জেণ্টিনাৰ নামেৰে  পেৰিছত এটা মেট্ৰ' ষ্টেচন আছে। কিন্তু আৰ্জেণ্টিনাৰ বিৰুদ্ধে ফ্ৰান্সৰ উটবল অনুৰাগীৰ ক্ষোভ দেখি দেশ খনৰ চৰকাৰে এদিনৰ বাবে  ষ্টেচনটোৰ নাম সলাই দিয়াৰ সিদ্ধান্ত লৈছে।

সেইমৰ্মে  এদিনৰ বাবে নীলা কাপোৰেৰে  ঢাকি ৰখা হৈছে ষ্টেছনটোৰ নাম।ফ্ৰান্সৰ ফুটবল অনুৰাগীসকলৰ দাবী মানি লৈয়েই মেট্ৰ' ষ্টেচনৰ নাম এদিনৰ বাবে সলনি কৰা হৈছে। পেৰিছৰ  আৰ্জেণ্টিনা নামৰ ষ্টেছনটোৰ নাম ফলকত  আঁৰি দিয়া হৈছে নীলাকাপোৰ। পৰাজয়ৰ  এনে এটা দিনত ফৰাচীসকলে বাৰে বাৰে 'আৰ্জেণ্টিনা' নামটো ক'বলৈ বা 'আৰ্জেণ্টিনা' লিখা চাবলৈ বিচৰা নাই।


সেইবাবেই এনে ব্যৱস্থা কৰা হৈছে।আৰ্জেণ্টিনা  ষ্টেচনটোৰ নাম  এদিনৰ বাবে 'ফ্ৰান্স' দিয়া হৈছে।ফ্ৰান্সৰ বিভিন্ন স্থানত ১৪,০০০ তকৈও অধিক আৰক্ষী মোতায়েন কৰা হৈছে। কেৱল পেৰিছৰ বিভিন্ন স্থানত প্ৰায় ২,৭৫০ জন আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ফাইনেল চাবলৈ দোহাৰ লুচাইল ষ্টেডিয়ামত উপস্থিত আছিল । ফাইনেলৰ আগতে তেওঁ ফুটবলাৰসকলক উৎসাহিত কৰিবলৈ এক বিশেষ বাৰ্তাও দিছিল।কোনো শুভেচ্ছা বা বাৰ্তাই ফ্ৰান্সক জয়ৰ লক্ষ্যত উপনীত কৰোৱাব নোৱাৰিলে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’