--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে দেওবাৰে বিয়লি তিহাৰ জেলত ২১ দিন বাহিৰত থকাৰ পিছত আত্মসমৰ্পণ কৰে। জেললৈ যোৱাৰ আগতে তেওঁ ৰাজঘাট, হনুমান মন্দিৰ আৰু এ পিৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে। দিল্লী আদালতে ৫ জুনলৈ কেজৰিৱালৰ কাৰাদণ্ড বৃদ্ধি কৰে।

লোকসভা নিৰ্বাচনৰ বাবেই কেজৰিৱালক উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। কিন্তু কিছু চৰ্ত আৰোপ কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে কয় যে জামিনত মুকলি হোৱাৰ পিছত ২১ তাৰিখে কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ভৱন বা সচিবালয়লৈ যাব নোৱাৰিব৷ জামিনত মুকলি হোৱাৰ পিছত জেলৰ পৰা ওলাই আহি দলৰ হৈ প্ৰচাৰ চলাইছিল।

দেওবাৰে বিয়লি প্ৰায় ৩ বজাত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই যায়। তাৰ পৰা পোনে পোনে ৰাজঘাটলৈ যায়। মহাত্মা গান্ধীৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এ পি মুখ্য কাৰ্যালয়ত থকা হনুমান মন্দিৰ দৰ্শন। তাত তেওঁক চাবলৈ ভিৰ কৰিছিল আপৰ কৰ্মী-সমৰ্থকসকলে। তেওঁলোকক সম্বোধন কৰি কেজৰীয়ে কয়- ‘‘২১ দিনৰ এটা মিনিটো অপচয় কৰা নাই। দেশক বচাবলৈ মই প্ৰচাৰ চলাইছিলো। প্ৰথমে দেশ, তাৰ পিছত মোৰ দল।’’

কেজৰি ইয়াতেই ৰৈ নাথাকিল। তেওঁ আৰু কয়, ‘প্ৰচাৰৰ সময়ত যিটো সৰ্বোত্তম কাম হৈছিল সেয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বীকাৰ কৰিছিল যে তেওঁৰ হাতত মোৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। ই একনায়কত্ববাদ। যিকোনো ব্যক্তিক জেলত ভৰাই এই বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে, কেজৰিৱালক যেতিয়া জেলত ভৰাই দিব পাৰি, যিকোনো ব্যক্তিক জেলত ভৰাই দিব পাৰি।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ