--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অৰুণাচল প্ৰদেশ আৰু ছিকিমত  আজি পুৱাৰে পৰা চলি আছে। নিৰ্বাচনী ফলাফল অনুসৰি অৰুণাচলত সংখ্যাগৰিষ্ঠ আসন লাভ কৰি  বিজেপিয়ে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। একেদৰে ছিকিমতো ছিকিমতো এন ডি এৰ মিত্ৰ দল  ছিকিম ক্ৰান্তিকাৰী মৰ্চা বা এছ কে এম-এ  চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে।  লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ  এই দুখন ৰাজ্যত গেৰুৱা বাহিনীৰ ধুমুহা বলিছে। অৰুণাচল আৰু ছিকিমত লোকসভাৰ সমান্তৰালকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল । 

দেওবাৰে আৰম্ভ হয় ভোটগণনা। গণনা আৰম্ভ হোৱাৰ লগে লগে প্ৰাৰম্ভিক ধাৰাত দুয়োখন ৰাজ্যতে গেৰুৱা ধুমুহা পৰিলক্ষিত হয়। ইতিমধ্যে অৰুণাচলত ৪৩খন আসনত আগবাঢ়ি আছে বিজেপি।  ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেইদিনা উত্তৰ-পূব ভাৰতৰ দুখন ৰাজ্য অৰুণাচল আৰু ছিকিমতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। অৰুণাচল বিধানসভাত মুঠ ৬০ খন আসন আছে। চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা আসনৰ সংখ্যা ৩১। অৰুণাচলত বিজেপিয়ে ইতিমধ্যে  ১০খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। বাকী ৫০খন আসনত ভোটগ্ৰহণ কৰা  হৈছিল। 

পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত  বিজেপিয়ে প্ৰায়সংখ্যক আসনতে বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয়। অৰুণাচলৰ  চাংলাং উত্তৰ ৫৩ নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী, পংটে বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী,পাংগিং ৩৫ নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী,নামছাং ৫৪ নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী,পালিন ১৮ নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী,চ্যাংটাজো ৯ নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ,খনছা পশ্চিম ৫৬ নং বিধানসভা সমষ্টিতো বিজেপি প্ৰাৰ্থী জয়ী হৈছে।  বিদায়ী মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দলে মুঠ আসনৰ ভিতৰত ৪৩খন আসনত আগবাঢ়ি আছে।এইবেলি  অৰুণাচলৰ মুখ্যমন্ত্ৰী আছিল পেমা খাণ্ডুই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল। এইবাৰো তেওঁ যে মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হৈ পৰিছে। 

কেৱল অৰুণাচলতে নহয়, চুবুৰীয়া ৰাজ্য ছিকিমতো এন ডি এৰ মিত্ৰ দল ছিকিম ক্ৰান্তিকাৰী মৰ্চা পুনৰ ক্ষমতালৈ অহাটো নিশ্চিত হৈছে।  বিগত বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে ছিকিমৰ ৩২খন আসনৰ ভিতৰত ৩০খন আসন লাভ কৰিছিল। এইবাৰ ৩১খন আসনত আগবাঢ়ি আছে।  এছ ডি এফৰ প্ৰাৰ্থী তথা প্ৰাক্তন ভাৰতীয় ফুটবলাৰ বাইচুং ভুটিয়া পিছ পৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু