--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অনুত্তীৰ্ণ হয় আৰু পাছৰবাৰ অধিক কষ্ট কৰি ভাল নম্বৰেৰে পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু যদি কোনো ছাত্ৰই যোৱা ২৫ বছৰ ধৰি অবিৰতভাৱে পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে তেন্তে কি হ’ব? আচলতে এই প্ৰসংগতে কিং জৰ্জৰ মেডিকেল ইউনিভাৰ্চিটি অৰ্থাৎ লক্ষ্ণৌৰ কে জি এম ইউ এই সময়ত বহুত আলোচনা মাজলৈ সোমাই গৈছে। দৰাচলতে কঠোৰ সিদ্ধান্ত লৈ কেজিএমইউয়ে এনে ৪ জন এমবিবিএছ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বাতিল কৰিছে, যিসকলে যোৱা ২১ৰ পৰা ২৫ বছৰে এমবিবিএছ পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল। এই চাৰিজন ছাত্ৰই যোৱা ২১ৰ পৰা ২৫ বছৰ ধৰি কেজিএমইউৰ পৰা এমবিবিএছ অধ্যয়ন কৰি আছিল। কিন্তু এই চাৰিজনে কেইবাবাৰো চেষ্টা কৰিও পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল।

লাভ কৰা তথ্য অনুসৰি যিসকল ছাত্ৰ-ছাত্ৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেওঁলোকৰ ভিতৰত আটাইতকৈ বয়সীয়াল ছাত্ৰজন ১৯৯৭ বৰ্ষৰ বেচৰ। ইয়াৰ পিছত ১৯৯৯ বেচ, ২০০১ বেচৰ ছাত্ৰ-ছাত্ৰীকো ইয়াত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰে চতুৰ্থ আৰু শেষৰজন ছাত্ৰ ২০০৬ চনৰ বেচৰ, যাৰ ওপৰত কেজিএমইউয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

আচলতে কিং জৰ্জৰ মেডিকেল ইউনিভাৰ্চিটিত এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণৰ সৰ্বোচ্চ সময়সীমা এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাছিল। এইবোৰ কাৰণত এই আটাইকেইটা ছাত্ৰ-ছাত্ৰীয়ে যেতিয়াই এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণ হ’ব বিচাৰিছিল তেতিয়াই পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰি পৰীক্ষাত অৱতীৰ্ণ হ’লহেঁতেন। কিন্তু এতিয়া এই চাৰিজনৰ নামভৰ্তি বাতিল কৰা হৈছে।

এই সমগ্ৰ বিষয়টোৰ ওপৰত কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিৰ মুখপাত্ৰ ডাঃ সুধীৰ কুমাৰে কয় যে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰস্তুত কৰা হৈছিল। এই নিৰ্দেশনা জাৰি কৰা হৈছিল যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত দুৰ্বল, তেওঁলোকে ১ বছৰৰ বাবে পৃথক শ্ৰেণী ল’ব লাগিব, যাতে ছাত্ৰ-ছাত্ৰীৰ দুৰ্বলতা ক’ত আছে সেয়া জানিব পৰা যায়।

ড° সুধীৰ কুমাৰে কয় যে যিসকল ছাত্ৰ-ছাত্ৰীৰ ওপৰত ব্যৱস্থা লোৱা হৈছে, তেওঁলোকে নিজৰ ইচ্ছামতে পৰীক্ষা দিছিল বা এৰি দিছিল। আগতে তেওঁ ভাবিছিল যে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ কোনো নিৰ্দিষ্ট সময়সীমা নাই। কিন্তু এতিয়া এনে নহ’ব। এতিয়া যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে, এতিয়া তেওঁলোকে ১ বছৰ ধৰি অবিৰতভাৱে ক্লাছ কৰিব লাগিব। তেওঁ আৰু কয় যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ মানদণ্ডৰ ভিত্তিত এতিয়া কাৰ্যবাহী পৰিষদে সিদ্ধান্ত লৈছে যে যদি কোনো ছাত্ৰই ১০ বছৰৰ ভিতৰত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে তেন্তে তেওঁৰ এম বি বি এছৰ পঢ়া-শুনা বাতিল কৰা হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক