--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ উচ্চতম ন্যায়ালয়ত ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হ’ল মণিপুৰৰ চৰকাৰ।  মঙলবাৰে উচ্চতম ন্যায়ালয়ে  মণিপুৰ চৰকাৰক ৰাজ্য খনৰ বিধ্বস্ত হৈ পৰা আইন-শৃংখলা পৰিস্থিতিক লৈ তীব্ৰ সমালোচনা কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় "মণিপুৰত আইন-শৃংখলা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। যোৱা দুমাহত ৰাজ্যখনত আইনৰ শাসন বুলি কোনো বস্তু নোহোৱা হৈ পৰিছে। আৰক্ষী প্ৰশাসনে জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে।

 'উল্লেখ্য উচ্চতম ন্যায়ালয়ে মণিপুৰ সম্পৰ্কীয় কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। মণিপুৰ চৰকাৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চৰকাৰ মণিপুৰৰ ঘটনাৰ  প্ৰতি যথেষ্ট সংবেদনশীল। এই সন্দৰ্ভত এখন শপতনামাও দাখিল কৰা হৈছে। এজাহাৰ পঞ্জীয়ন কৰা হৈছে।  কিন্তু আদালতে  এটৰ্নি জেনেৰেলৰ যুক্তিত বিশেষ সন্তুষ্ট নহ’ল। শীৰ্ষ ন্যায়ালয়ে মন্তব্য কৰে, "মণিপুৰ আৰক্ষীয়ে তদন্তত আগ্ৰহৰ অভাৱ দেখুৱাইছে। অনুসন্ধানৰ গতি অতি লেহেম হৈছে। " আদালতে আনকি মণিপুৰৰ নগ্ন ভিডিঅ’ৰ দুই ভুক্তভোগী মহিলাৰ সাক্ষ্য নথিভুক্ত নকৰিবলৈও চিবিআইক নিৰ্দেশ দিয়ে। উল্লেখ্য ভুক্তভোগী মহিলা দুগৰাকীয়ে চিবিআইৰ তদন্তকলৈ আশাবাদী নহয় বুলি কালি মন্তব্য কৰিছিল। তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত তদন্ত হোৱাটো বিচাৰিছিল।

ইপিনে আদালতত চৰকাৰে কৈছে  যে এতিয়ালৈকে অস্থিৰতা সন্দৰ্ভত ৬,০০০ তকৈও অধিক এজাহাৰ  পঞ্জীয়ন কৰা হৈছে। কিন্তু পৰিসংখ্যাই দেখুৱাইছে যে ৬,০০০ এজাহাৰৰ আধাৰত মাত্ৰ সাতজন লোককহে  গ্ৰেপ্তাৰ কৰা হৈছে। সেইবাবেই  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে আজি বিষয়টো সন্দৰ্ভত নিজৰ ক্ষোভ উজাৰি দিয়ে।তেওঁ কয়  "এনে লাগিছে যে মণিপুৰ আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰিবলৈ অক্ষম। বেছিভাগ এজাহাৰৰ ওপৰত ভিত্তি কৰি   অনুসন্ধানটোৱে হয় সামান্য অগ্ৰগতি লাভ কৰিছে বা একো হোৱাই নাই। সাধাৰণ মানুহে প্ৰশাসন আৰু আইনৰ শাসনৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে।’’ 

ইয়াৰ ঠিক পিছতে  মুখ্য ন্যায়াধীশে মণিপুৰৰ ডিজিপিক মাতি পঠিয়ায়। মণিপুৰৰ ডিজিপিয়ে  ব্যক্তিগতভাৱে শীৰ্ষ আদালতত হাজিৰ হ'ব লাগিব আৰু সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব।শীৰ্ষ ন্যায়ালয়ে নগ্ন ভিডিঅ’ৰ গোচৰটোত এজাহাৰ পঞ্জীয়ন কৰাত পলম হোৱাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে। সেয়ে আদালতে   দলবদ্ধ ধৰ্ষণৰ সময়, ঘটনাটোৰ তাৰিখৰ পৰা এজাহাৰ দাখিল কৰাৰ তাৰিখ, সাক্ষীসকলৰ ভাষ্য লিপিবদ্ধ কৰাৰ তাৰিখলৈকে সম্পূৰ্ণ বিৱৰণ  দাখিল কৰিবলৈ নিৰ্দেশ দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement