--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰায়ভাগ সংবাদমাধ্যমেই বিজেপিক সমৰ্থন কৰে। এয়া আমি কোৱা কথা নহয়, এয়া সমীক্ষাত প্ৰকাশ পোৱা এক তথ্য।লোকনিটি-চিএছডিএছে চলোৱা   জৰীপে দেখুৱাইছে যে জৰীপ কৰা সাংবাদিকসকলৰ আধাতকৈও অধিক সংখ্যকে  তেওঁলোকৰ সংবাদ মাধ্যমৰ চাকৰি সম্পূৰ্ণৰূপে এৰি আন কিবা কৰাৰ কথা ভাবি আছে। কাৰণ তেওঁলোকে নিজৰ ইচ্ছানুসৰি বাতৰি পৰিবেশন কৰিব নোৱাৰে। জৰীপ কৰা সাংবাদিকসকলৰ আধাতকৈও অধিক সংখ্যকে  কয় যে তেওঁলোকে ৰাজনৈতিক হেঁচাৰ  বাবে চাকৰি হেৰুওৱাৰ বিষয়কলৈ উদ্বেগৰ মাজেৰে সময় পাৰ কৰে। 

লোকনিটি আৰু চেণ্টাৰ ফৰ দা ষ্টাডি অৱ ডেভেলপিং চ'চাইটিজ (চিএছডিএছ)ৰ দ্বাৰা জৰীপ কৰা কমেও ১৬ শতাংশ সাংবাদিকে কৈছে  যে তেওঁলোকৰ প্ৰতিষ্ঠানৰ লোকসকলক ৰাজনৈতিক হেঁচাৰ বাবে পদত্যাগ কৰিবলৈ কোৱা হৈছে।
'ইণ্ডিয়ান মিডিয়া: ট্ৰেণ্ডছ এণ্ড পেটাৰ্ণছ' শীৰ্ষক অধ্যয়নটোত জৰীপ কৰা ৮২ শতাংশ সাংবাদিকে এইবুলি  সঁহাৰি দিছে  যে তেওঁলোকৰ মিডিয়া সংগঠনে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)কে সমৰ্থন কৰে।

সমীক্ষাটোত যেতিয়া কেৱল স্বতন্ত্ৰ সাংবাদিকৰ মতামত বিবেচনা কৰা হৈছিল তেতিয়া দেখা গৈছে যে  বিজেপিক সমৰ্থন কৰা বাতৰি সংগঠনৰ সংখ্যা ৮৯ শতাংশলৈ বৃদ্ধি পাইছে। ইংৰাজী সংবাদ মাধ্যমত  কাম কৰা প্ৰায় ৮০ শতাংশ সাংবাদিকে এইবুলিও কৈছে যে সংবাদ মাধ্যমবোৰে  সাধাৰণতে বিজেপিৰ পক্ষতে বাতৰি পৰিবেশন কৰে।  

আধাতকৈও অধিক ইংৰাজী সংবাদমাধ্যমৰ  সাংবাদিকে তেওঁলোকৰ ৰাজনৈতিক দৃষ্টিভংগীৰ বাবেই  কৰ্মক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হোৱা বুলিও কৈছে। জৰীপ কৰা প্ৰতি পাঁচজন স্বতন্ত্ৰ সাংবাদিকৰ ভিতৰত চাৰিজনে (৮২ শতাংশ) কৈছে যে সংবাদ মাধ্যমসমূহে  কিছুমান ৰাজনৈতিক দলক কভাৰেজৰ ক্ষেত্ৰত সহায় কৰে। একে সময়তে এটা সংবাদ সংস্থাৰ বাবে কাম কৰা ৭০ শতাংশ সাংবাদিকে একেকথাই কৈছে, ৭৪ শতাংশ জ্যেষ্ঠ সাংবাদিকে কৈছে যে কেৱল এটা ৰাজনৈতিক দলকহে অধিক প্ৰাধান্য দিয়া হৈছে। 


সমীক্ষাত   কোৱা হৈছে যে সাংবাদিকসকলে, বিশেষকৈ ইংৰাজী সংবাদ মাধ্যমত কাম কৰা সকলে "সংবাদ মাধ্যমৰ স্বাধীনতা" হ্ৰাস হোৱাৰ বিষয়ে চিন্তিত আৰু বাতৰি চেনেল (৮৮ শতাংশ), বাতৰি কাকত (৬৬ শতাংশ) আৰু অনলাইন/ডিজিটেল প্লেটফৰ্মৰ (৪৬ শতাংশ)ই বাক স্বাধীনতা যথেষ্ট হ্ৰাস পাইছে বুলি অনুভৱ কৰিছে। উল্লেখ্য লোকনিটি-চিএছডিএছৰ ফলাফলবোৰ সমগ্ৰ দেশৰ ভাৰতীয় সাংবাদিকসকলৰ মাজত এক অনলাইন জৰীপৰ ওপৰত আধাৰিত। এই সমীক্ষা কৰাৰ সময়তকেইবাজনো সাংবাদিকৰ সৈতে যোগাযোগ কৰা হৈছিল, কিন্তু মাত্ৰ ২০৬ জনে জৰীপটোত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছিল বুলি প্ৰতিবেদনত কোৱা হৈছে।

 তেওঁলোকৰ ভিতৰত ৭৫ শতাংশ পুৰুষ আৰু ২৫ শতাংশ মহিলা সাংবাদিক। বেছিভাগেই জ্যেষ্ঠ পৰ্যায়ৰ সাংবাদিক আৰু মিডিয়া হাউচৰ  বেতনভোগী কৰ্মচাৰী।সমীক্ষাটোত এয়াও  পোৱা গৈছে যে জৰীপ কৰা ৬৯ শতাংশ সাংবাদিক সামাজিক মাধ্যমত প্ৰচাৰিত ভুল তথ্যৰ দ্বাৰা বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনাক লৈ যথেষ্ট চিন্তিত ।সমীক্ষাটোত লগতে কোৱা হৈছে  যে ৪০ শতাংশ মহিলা সাংবাদিকে হোৱাটছএপ ব্যৱহাৰ কৰি অত্যন্ত অসুৰক্ষিত অনুভৱ কৰে।বহু সাংবাদিকে  অনুভৱ কৰিছে  যে ভাৰতীয় সংবাদ মাধ্যমসমূহে মহিলা, গ্ৰাম্য অঞ্চল, কৃষক, মুছলমান, দলিত, জনজাতীয় আৰু দৰিদ্ৰ লোকৰ দৰে সুবিধাবঞ্চিত শ্ৰেণীৰ প্ৰতি পৰ্যাপ্ত মনোযোগ নিদিয়ে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক