--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰায়ভাগ সংবাদমাধ্যমেই বিজেপিক সমৰ্থন কৰে। এয়া আমি কোৱা কথা নহয়, এয়া সমীক্ষাত প্ৰকাশ পোৱা এক তথ্য।লোকনিটি-চিএছডিএছে চলোৱা   জৰীপে দেখুৱাইছে যে জৰীপ কৰা সাংবাদিকসকলৰ আধাতকৈও অধিক সংখ্যকে  তেওঁলোকৰ সংবাদ মাধ্যমৰ চাকৰি সম্পূৰ্ণৰূপে এৰি আন কিবা কৰাৰ কথা ভাবি আছে। কাৰণ তেওঁলোকে নিজৰ ইচ্ছানুসৰি বাতৰি পৰিবেশন কৰিব নোৱাৰে। জৰীপ কৰা সাংবাদিকসকলৰ আধাতকৈও অধিক সংখ্যকে  কয় যে তেওঁলোকে ৰাজনৈতিক হেঁচাৰ  বাবে চাকৰি হেৰুওৱাৰ বিষয়কলৈ উদ্বেগৰ মাজেৰে সময় পাৰ কৰে। 

লোকনিটি আৰু চেণ্টাৰ ফৰ দা ষ্টাডি অৱ ডেভেলপিং চ'চাইটিজ (চিএছডিএছ)ৰ দ্বাৰা জৰীপ কৰা কমেও ১৬ শতাংশ সাংবাদিকে কৈছে  যে তেওঁলোকৰ প্ৰতিষ্ঠানৰ লোকসকলক ৰাজনৈতিক হেঁচাৰ বাবে পদত্যাগ কৰিবলৈ কোৱা হৈছে।
'ইণ্ডিয়ান মিডিয়া: ট্ৰেণ্ডছ এণ্ড পেটাৰ্ণছ' শীৰ্ষক অধ্যয়নটোত জৰীপ কৰা ৮২ শতাংশ সাংবাদিকে এইবুলি  সঁহাৰি দিছে  যে তেওঁলোকৰ মিডিয়া সংগঠনে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)কে সমৰ্থন কৰে।

সমীক্ষাটোত যেতিয়া কেৱল স্বতন্ত্ৰ সাংবাদিকৰ মতামত বিবেচনা কৰা হৈছিল তেতিয়া দেখা গৈছে যে  বিজেপিক সমৰ্থন কৰা বাতৰি সংগঠনৰ সংখ্যা ৮৯ শতাংশলৈ বৃদ্ধি পাইছে। ইংৰাজী সংবাদ মাধ্যমত  কাম কৰা প্ৰায় ৮০ শতাংশ সাংবাদিকে এইবুলিও কৈছে যে সংবাদ মাধ্যমবোৰে  সাধাৰণতে বিজেপিৰ পক্ষতে বাতৰি পৰিবেশন কৰে।  

আধাতকৈও অধিক ইংৰাজী সংবাদমাধ্যমৰ  সাংবাদিকে তেওঁলোকৰ ৰাজনৈতিক দৃষ্টিভংগীৰ বাবেই  কৰ্মক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হোৱা বুলিও কৈছে। জৰীপ কৰা প্ৰতি পাঁচজন স্বতন্ত্ৰ সাংবাদিকৰ ভিতৰত চাৰিজনে (৮২ শতাংশ) কৈছে যে সংবাদ মাধ্যমসমূহে  কিছুমান ৰাজনৈতিক দলক কভাৰেজৰ ক্ষেত্ৰত সহায় কৰে। একে সময়তে এটা সংবাদ সংস্থাৰ বাবে কাম কৰা ৭০ শতাংশ সাংবাদিকে একেকথাই কৈছে, ৭৪ শতাংশ জ্যেষ্ঠ সাংবাদিকে কৈছে যে কেৱল এটা ৰাজনৈতিক দলকহে অধিক প্ৰাধান্য দিয়া হৈছে। 


সমীক্ষাত   কোৱা হৈছে যে সাংবাদিকসকলে, বিশেষকৈ ইংৰাজী সংবাদ মাধ্যমত কাম কৰা সকলে "সংবাদ মাধ্যমৰ স্বাধীনতা" হ্ৰাস হোৱাৰ বিষয়ে চিন্তিত আৰু বাতৰি চেনেল (৮৮ শতাংশ), বাতৰি কাকত (৬৬ শতাংশ) আৰু অনলাইন/ডিজিটেল প্লেটফৰ্মৰ (৪৬ শতাংশ)ই বাক স্বাধীনতা যথেষ্ট হ্ৰাস পাইছে বুলি অনুভৱ কৰিছে। উল্লেখ্য লোকনিটি-চিএছডিএছৰ ফলাফলবোৰ সমগ্ৰ দেশৰ ভাৰতীয় সাংবাদিকসকলৰ মাজত এক অনলাইন জৰীপৰ ওপৰত আধাৰিত। এই সমীক্ষা কৰাৰ সময়তকেইবাজনো সাংবাদিকৰ সৈতে যোগাযোগ কৰা হৈছিল, কিন্তু মাত্ৰ ২০৬ জনে জৰীপটোত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছিল বুলি প্ৰতিবেদনত কোৱা হৈছে।

 তেওঁলোকৰ ভিতৰত ৭৫ শতাংশ পুৰুষ আৰু ২৫ শতাংশ মহিলা সাংবাদিক। বেছিভাগেই জ্যেষ্ঠ পৰ্যায়ৰ সাংবাদিক আৰু মিডিয়া হাউচৰ  বেতনভোগী কৰ্মচাৰী।সমীক্ষাটোত এয়াও  পোৱা গৈছে যে জৰীপ কৰা ৬৯ শতাংশ সাংবাদিক সামাজিক মাধ্যমত প্ৰচাৰিত ভুল তথ্যৰ দ্বাৰা বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনাক লৈ যথেষ্ট চিন্তিত ।সমীক্ষাটোত লগতে কোৱা হৈছে  যে ৪০ শতাংশ মহিলা সাংবাদিকে হোৱাটছএপ ব্যৱহাৰ কৰি অত্যন্ত অসুৰক্ষিত অনুভৱ কৰে।বহু সাংবাদিকে  অনুভৱ কৰিছে  যে ভাৰতীয় সংবাদ মাধ্যমসমূহে মহিলা, গ্ৰাম্য অঞ্চল, কৃষক, মুছলমান, দলিত, জনজাতীয় আৰু দৰিদ্ৰ লোকৰ দৰে সুবিধাবঞ্চিত শ্ৰেণীৰ প্ৰতি পৰ্যাপ্ত মনোযোগ নিদিয়ে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস