--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ আক্ৰমণৰ পৰা বাছিবলৈ লাখ লাখ লোকে ইউক্ৰেইন এৰি পলায়ন কৰিছে৷ তাৰ ভিতৰত আছিল ইউক্ৰেইনৰ বিতৰ্কিত ৰাজনীতিবিদ ইগৰ কোটভিটস্কিৰ পত্নী আনাস্তাছিয়া কোটভিটস্কিকো৷ অৱশ্যে ইউৰোপলৈ সীমান্ত পাৰ হৈ যোৱাৰ সময়ত ৰাজনীতিবিদ ইগৰ কোটভিটস্কিৰ পত্নী শিৰোনামালৈ আহিছে অন্য এটা কাৰণতহে৷ তেওঁক সীমান্তত বৃহৎ পৰিমাণৰ ধনৰ সৈতে আটক কৰা হৈছিল৷ সন্দেহ কৰা হৈছিল যে সেই ধনৰাশি তেওঁ স্বামীৰ পৰা সৰকাই নিছে৷ আনাস্তাছিয়া ২৯ নিযুত ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২১৩ কোটি টকা)ৰ সৈতে ধৰা পৰিছিল। এক প্ৰতিবেদন অনুসৰি মহিলাগৰাকীৰ স্বামী হৈছে ইউক্ৰেইনৰ প্ৰাক্তন সাংসদ ইগৰ কোটভিটস্কি। ৫২ বছৰীয়া ৰাজনীতিবিদজন এসময়ত দেশৰ অন্যতম ধনী সাংসদ আছিল। যুদ্ধবিধ্বস্ত দেশখনৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়ত ইউক্ৰেইনৰ প্ৰাক্তন সাংসদ কোটভিটস্কিৰ পত্নীক চুবুৰীয়া দেশ হাংগেৰীৰ নিৰাপত্তাবাহিনীৰ লোকে ছুটকেচ ভৰ্তি নগদ ধনৰ সৈতে ধৰা পেলাবলৈ সক্ষম হয়৷ ধন অবৈধ সৰবৰাহৰ সময়ত তেওঁ হাংগেৰীৰ আবকাৰী বিভাগৰ নজৰলৈ আহে। এই বৃহৎ পৰিমাণৰ নগদ ধনৰ উৎস আৰু এই সৰবৰাহৰ আঁৰৰ সন্দেহজনক ছবি ইতিমধ্যে পোহৰলৈ আহিছে। https://twitter.com/nexta_tv/status/1505635994627981313?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1505635994627981313%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.indiatvnews.com%2Ftrending%2Fnews%2Fformer-ukraine-politician-wife-caught-with-crores-of-cash-stashed-in-suitcases-in-hungary-see-viral-pics-2022-03-23-765588 কিয়েভৰ এক প্ৰতিবেদন অনুসৰি যুদ্ধবিধ্বস্ত দেশখনৰ পৰা বৃহৎ পৰিমাণৰ ধন সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ বাবে আনাস্তাছিয়াৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। ইগৰে কৈছিল যে তেওঁৰ পত্নী গৰ্ভৱতী আছিল আৰু সন্তান জন্ম দিবৰ বাবে দেশ এৰি যাবলৈ লৈছিল। অৱশ্যে, তেওঁ এই বৃহৎ পৰিমাণৰ ধন লগত লৈ যোৱাৰ কথা অস্বীকাৰ কৰে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব