--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ আক্ৰমণৰ পৰা বাছিবলৈ লাখ লাখ লোকে ইউক্ৰেইন এৰি পলায়ন কৰিছে৷ তাৰ ভিতৰত আছিল ইউক্ৰেইনৰ বিতৰ্কিত ৰাজনীতিবিদ ইগৰ কোটভিটস্কিৰ পত্নী আনাস্তাছিয়া কোটভিটস্কিকো৷ অৱশ্যে ইউৰোপলৈ সীমান্ত পাৰ হৈ যোৱাৰ সময়ত ৰাজনীতিবিদ ইগৰ কোটভিটস্কিৰ পত্নী শিৰোনামালৈ আহিছে অন্য এটা কাৰণতহে৷ তেওঁক সীমান্তত বৃহৎ পৰিমাণৰ ধনৰ সৈতে আটক কৰা হৈছিল৷ সন্দেহ কৰা হৈছিল যে সেই ধনৰাশি তেওঁ স্বামীৰ পৰা সৰকাই নিছে৷ আনাস্তাছিয়া ২৯ নিযুত ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২১৩ কোটি টকা)ৰ সৈতে ধৰা পৰিছিল। এক প্ৰতিবেদন অনুসৰি মহিলাগৰাকীৰ স্বামী হৈছে ইউক্ৰেইনৰ প্ৰাক্তন সাংসদ ইগৰ কোটভিটস্কি। ৫২ বছৰীয়া ৰাজনীতিবিদজন এসময়ত দেশৰ অন্যতম ধনী সাংসদ আছিল। যুদ্ধবিধ্বস্ত দেশখনৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়ত ইউক্ৰেইনৰ প্ৰাক্তন সাংসদ কোটভিটস্কিৰ পত্নীক চুবুৰীয়া দেশ হাংগেৰীৰ নিৰাপত্তাবাহিনীৰ লোকে ছুটকেচ ভৰ্তি নগদ ধনৰ সৈতে ধৰা পেলাবলৈ সক্ষম হয়৷ ধন অবৈধ সৰবৰাহৰ সময়ত তেওঁ হাংগেৰীৰ আবকাৰী বিভাগৰ নজৰলৈ আহে। এই বৃহৎ পৰিমাণৰ নগদ ধনৰ উৎস আৰু এই সৰবৰাহৰ আঁৰৰ সন্দেহজনক ছবি ইতিমধ্যে পোহৰলৈ আহিছে। https://twitter.com/nexta_tv/status/1505635994627981313?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1505635994627981313%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.indiatvnews.com%2Ftrending%2Fnews%2Fformer-ukraine-politician-wife-caught-with-crores-of-cash-stashed-in-suitcases-in-hungary-see-viral-pics-2022-03-23-765588 কিয়েভৰ এক প্ৰতিবেদন অনুসৰি যুদ্ধবিধ্বস্ত দেশখনৰ পৰা বৃহৎ পৰিমাণৰ ধন সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ বাবে আনাস্তাছিয়াৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। ইগৰে কৈছিল যে তেওঁৰ পত্নী গৰ্ভৱতী আছিল আৰু সন্তান জন্ম দিবৰ বাবে দেশ এৰি যাবলৈ লৈছিল। অৱশ্যে, তেওঁ এই বৃহৎ পৰিমাণৰ ধন লগত লৈ যোৱাৰ কথা অস্বীকাৰ কৰে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক