--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধ এতিয়া অধিক অমানৱীয় ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। ব্যাপক শক্তি প্ৰয়োগেৰেও ইউক্ৰেইনৰ সামৰিক বাহিনীক কাবু কৰিব নোৱাৰি এতিয়া ৰুছ সৈন্যই সাধাৰণ নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উঠিছে। দেশখনৰ স্কুল, থিয়েটাৰগৃহ আনকি হাস্পতালতো এতিয়া আক্ৰমণ চলাইছে ৰুছ সামৰিক বাহিনীয়ে। শেহতীয়াকৈ ৰুছ সৈন্যই মাৰিয়’পোলৰ এটা থিয়েটাৰ গৃহত সংঘটিত কৰে বোমা আক্ৰমণ। যাৰ ফলত কমেও ৩০০ জন লোকৰ মৃত্যু হোৱাৰ আশংকা ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেনেলস্কীয়ে। দুয়োখন দেশৰ মাজত প্ৰায় এমাহ ধৰি যুদ্ধ চলি আছে। ৰাছিয়াৰ সেনাৰ আক্ৰমণে লাহে লাহে তচনচ কৰি আনিছে জেলেনস্কীৰ দেশখন। মৃত্যু ভয় আৰু যুদ্ধৰ বিধ্বংসিতাৰ মাজত হাতৰ মুঠিত জীৱটো লৈ জীয়াই থাকিবলগীয়া হৈছে ইউক্ৰেইনৰ জনগণে। উল্লেখ্য যে, যুদ্ধৰ সকলো নীতি নিয়ম ভংগ কৰি ৰুছ সৈন্যই মাৰিয়’পোলৰ থিয়েটাৰত আক্ৰমণ কৰাৰ ঘটনা এইবাৰেই প্ৰথম নহয়। স্থানীয় প্ৰশাসনৰ মন্তব্য অনুসৰি, বৰ্তমান চহৰখনৰ বিভিন্ন থিয়েটাৰ গৃহক আশ্ৰয়স্থল হিচাপে গ্ৰহণ কৰা হৈছে। যুদ্ধত গৃহহীন হোৱা দেশৰ নাগৰিকসকলক আশ্ৰয় দিয়া হৈছে এই থিয়েটাৰ গৃহসমূহত। যদি তাত শিশুৱে আশ্ৰয় লৈ আছে সেইকথা তাত লিখিও দিয়া হৈছে। অৱশ্যে, ইয়াৰ পাছতো ৰুছ সেনাই নিৰ্মমভাৱে বোমা আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে, পুটিনৰ সামৰিক বাহিনীয়ে মাৰিয়’পোলৰ এটা থিয়েটাৰত আক্ৰমণ কৰে। ইউক্ৰেনে দাবী কৰিছে যে ঘটনাটোত বহুসংখ্যক সাধাৰণ লোক নিহত হৈছে। ৰুছ ৰাষ্ট্ৰপতি পুটিনে যুদ্ধৰ আৰম্ভণিতে দাবী কৰিছিল যে, তেওঁলোকৰ যুদ্ধ সাধাৰণ মানুহৰ বিৰুদ্ধে কোনো প্ৰকাৰে নাছিল। তেওঁলোকে কেৱল ইউক্ৰেইনৰ শাসকৰ পতন বিচাৰে আৰু দেশখনৰ অসমাৰিকীকৰণ কৰিব বিচাৰে। কিন্তু বাস্তৱ ছবিখনে অন্য এটা ৰূপহে দেখুওৱা দেখা গৈছে। ইফালে, বৃহস্পতিবাৰে জি-৭ দেশসমূহৰ ফালৰ পৰা যুদ্ধ সন্দৰ্ভত এক বিবৃতি জাৰি কৰা হয়। ‘ৰাছিয়াৰ সামৰিক বাহিনীয়ে যিদৰে ইউক্ৰেইন ধ্বংস কৰিছে তথা সেই দেশৰ চিকিৎসালয় আৰু বিদ্যালয়সমূহত আক্ৰমণ কৰিছে তাক আমি তীব্ৰ গৰিহণা দিছোঁ।’ আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰাছিয়াক জি-২০ৰ পৰা বাদ দিয়াৰ আহ্বান জনাইছে। তেওঁ কৈছে যে, ‘ভৱিষ্যৎ প্ৰজন্মই এই আক্ৰমণাত্মক মনোভাবৰ বাবে ৰাছিয়াক কেতিয়াও ক্ষমা নকৰিব।’ মন কৰিবলগীয়া কথাটো হৈছে যে, আমেৰিকা বা ইউৰোপীয় দেশসমূহৰ পৰা বাৰম্বাৰ সহায় ভিক্ষা কৰিও ব্যৰ্থ হ’বলগীয়া হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে। বাইডেনে মত পোষণ কৰিছে যে, যুদ্ধত হস্তক্ষেপ কৰাৰ অৰ্থ হৈছে তৃতীয় বিশ্বযুদ্ধৰ আহ্বান জনোৱা, যিকোনো প্ৰকাৰে সেয়া বাঞ্ছনীয় নহয়। অৱশ্যে, তেওঁ ৰাছিয়াৰ স্থিতিৰ তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু পুটিনক ‘যুদ্ধ অপৰাধী’ বুলিও অভিহিত কৰিছে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক