--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধ এতিয়া অধিক অমানৱীয় ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। ব্যাপক শক্তি প্ৰয়োগেৰেও ইউক্ৰেইনৰ সামৰিক বাহিনীক কাবু কৰিব নোৱাৰি এতিয়া ৰুছ সৈন্যই সাধাৰণ নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উঠিছে। দেশখনৰ স্কুল, থিয়েটাৰগৃহ আনকি হাস্পতালতো এতিয়া আক্ৰমণ চলাইছে ৰুছ সামৰিক বাহিনীয়ে। শেহতীয়াকৈ ৰুছ সৈন্যই মাৰিয়’পোলৰ এটা থিয়েটাৰ গৃহত সংঘটিত কৰে বোমা আক্ৰমণ। যাৰ ফলত কমেও ৩০০ জন লোকৰ মৃত্যু হোৱাৰ আশংকা ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেনেলস্কীয়ে। দুয়োখন দেশৰ মাজত প্ৰায় এমাহ ধৰি যুদ্ধ চলি আছে। ৰাছিয়াৰ সেনাৰ আক্ৰমণে লাহে লাহে তচনচ কৰি আনিছে জেলেনস্কীৰ দেশখন। মৃত্যু ভয় আৰু যুদ্ধৰ বিধ্বংসিতাৰ মাজত হাতৰ মুঠিত জীৱটো লৈ জীয়াই থাকিবলগীয়া হৈছে ইউক্ৰেইনৰ জনগণে। উল্লেখ্য যে, যুদ্ধৰ সকলো নীতি নিয়ম ভংগ কৰি ৰুছ সৈন্যই মাৰিয়’পোলৰ থিয়েটাৰত আক্ৰমণ কৰাৰ ঘটনা এইবাৰেই প্ৰথম নহয়। স্থানীয় প্ৰশাসনৰ মন্তব্য অনুসৰি, বৰ্তমান চহৰখনৰ বিভিন্ন থিয়েটাৰ গৃহক আশ্ৰয়স্থল হিচাপে গ্ৰহণ কৰা হৈছে। যুদ্ধত গৃহহীন হোৱা দেশৰ নাগৰিকসকলক আশ্ৰয় দিয়া হৈছে এই থিয়েটাৰ গৃহসমূহত। যদি তাত শিশুৱে আশ্ৰয় লৈ আছে সেইকথা তাত লিখিও দিয়া হৈছে। অৱশ্যে, ইয়াৰ পাছতো ৰুছ সেনাই নিৰ্মমভাৱে বোমা আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে, পুটিনৰ সামৰিক বাহিনীয়ে মাৰিয়’পোলৰ এটা থিয়েটাৰত আক্ৰমণ কৰে। ইউক্ৰেনে দাবী কৰিছে যে ঘটনাটোত বহুসংখ্যক সাধাৰণ লোক নিহত হৈছে। ৰুছ ৰাষ্ট্ৰপতি পুটিনে যুদ্ধৰ আৰম্ভণিতে দাবী কৰিছিল যে, তেওঁলোকৰ যুদ্ধ সাধাৰণ মানুহৰ বিৰুদ্ধে কোনো প্ৰকাৰে নাছিল। তেওঁলোকে কেৱল ইউক্ৰেইনৰ শাসকৰ পতন বিচাৰে আৰু দেশখনৰ অসমাৰিকীকৰণ কৰিব বিচাৰে। কিন্তু বাস্তৱ ছবিখনে অন্য এটা ৰূপহে দেখুওৱা দেখা গৈছে। ইফালে, বৃহস্পতিবাৰে জি-৭ দেশসমূহৰ ফালৰ পৰা যুদ্ধ সন্দৰ্ভত এক বিবৃতি জাৰি কৰা হয়। ‘ৰাছিয়াৰ সামৰিক বাহিনীয়ে যিদৰে ইউক্ৰেইন ধ্বংস কৰিছে তথা সেই দেশৰ চিকিৎসালয় আৰু বিদ্যালয়সমূহত আক্ৰমণ কৰিছে তাক আমি তীব্ৰ গৰিহণা দিছোঁ।’ আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰাছিয়াক জি-২০ৰ পৰা বাদ দিয়াৰ আহ্বান জনাইছে। তেওঁ কৈছে যে, ‘ভৱিষ্যৎ প্ৰজন্মই এই আক্ৰমণাত্মক মনোভাবৰ বাবে ৰাছিয়াক কেতিয়াও ক্ষমা নকৰিব।’ মন কৰিবলগীয়া কথাটো হৈছে যে, আমেৰিকা বা ইউৰোপীয় দেশসমূহৰ পৰা বাৰম্বাৰ সহায় ভিক্ষা কৰিও ব্যৰ্থ হ’বলগীয়া হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে। বাইডেনে মত পোষণ কৰিছে যে, যুদ্ধত হস্তক্ষেপ কৰাৰ অৰ্থ হৈছে তৃতীয় বিশ্বযুদ্ধৰ আহ্বান জনোৱা, যিকোনো প্ৰকাৰে সেয়া বাঞ্ছনীয় নহয়। অৱশ্যে, তেওঁ ৰাছিয়াৰ স্থিতিৰ তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু পুটিনক ‘যুদ্ধ অপৰাধী’ বুলিও অভিহিত কৰিছে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক